নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ দিব্যাংগ ছাত্ৰ চুমু আৰু ছাত্ৰী ভাগ্যশ্ৰীয়ে আঁজুৰিলে সফলতা

নিয়মীয়া বাৰ্তা, ৭ জুনঃ গভীৰ ধৈৰ্য্য শক্তি, একাগ্ৰতা থাকিলে শিক্ষা গ্ৰহণৰ প্ৰবল মানসিকতা পুষ্ট হলে কোনো সমস্যাই শিক্ষাৰ বাবে প্ৰাচীৰ হব নোৱাৰে ৷ সেই কথাই প্ৰমান কৰিলে নামনি মাজুলীৰ মাজ গাঁৱৰ বিশেষ ভাবে সক্ষম ছাত্ৰ চুমু কলিতা ৷ মাজগাঁও নিবাসী সুৰেন কলিতা আৰু অৰ্চনা কলিতাৰ পুত্ৰ চুমুৱে তিনিবছৰ বয়সত এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ অষ্টোপ্ৰচাৰ কৰিব লগা হোৱাৰ বাবেই দৃষ্টি শক্তি হেৰুৱাই পেলাইছিল ৷ দৃষ্টি শক্তি হেৰোৱাই পেলোৱা চুমুক মানসিক ভাৱে ভাগি যাবলৈ নিদি এজন শিক্ষিত মানব সম্পদ হিচাপে গঢ়িবলৈ পিতৃ -মাতৃ আৰু বায়েকে চলাইছিল অপ্ৰাণ প্ৰচেষ্টা ৷ বায়েক আৰু পিতৃয়ে পঢ়োৱাই দিয়াৰ পিছত সকলো প্ৰশ্নৰ উত্তৰ মনত ৰাখিছিল চুমুৱে ৷ চুমুৱে ইংৰাজী বিষয়ত সৰ্বাধিক ৭৪ নম্বৰেৰে দ্বিতীয় স্থান দখল কৰাত গাঁওবাসী গৌৰাম্বিত হৈ পৰিছে ৷ আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰিক্ষাত বহা চুমুৰ লিখক হিচাপে আছিল ক্লাছ নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী কবিতা হাজৰিকা ৷ ভৱিষ্যতে শিক্ষক হোৱাৰ মানসিকতা বুকুত বান্ধি পৰিক্ষাত বহা এই ছাত্ৰ জনক পঞ্চম শ্ৰেণীৰ পৰাই পিতৃয়ে পঢ়োৱাৰ চেষ্টা কৰাৰ লগতে আউনীআটী হেমচন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান প্ৰশান্ত দুলাকাষৰীয়াৰ লগতে কেইবাজনো শিক্ষকে ছাত্ৰ জনক পঢ়োৱাই সহায় ককিছিল বুলি চুমুৱে আমাক অৱগত কৰে ৷ দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা চুমুৰ সফলতাত গৌৰাৱাম্বিত মাতৃ তথা পিতৃ আৰু গাঁওবাসী ৷ মাতৃৰ চকুত এতিয়া বিৰিঙিছে আনন্দৰ লোটক ৷ আনফালে এই একেটা পৰিক্ষা কেন্দ্ৰতে পৰিক্ষাত বহি মধ্য মাজুলী পাৰিজাত উচ্চ মাধ্যমিক বিদ্যালয়ৰ দেবাংগ ছাত্ৰী ভাগ্যশ্ৰী বৰুৱাই বিদ্যালয়ৰ শ্ৰেণী কোঠালৈ নোযোৱাকৈয়ে ঘৰতে পঢ়ি উত্তীৰ্ণ হৈ গাঁও তথা বিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ জন্মলগ্নৰ পৰাই খোজ কাঢ়িব নোৱাৰা ভাগ্যশ্ৰীয়ে পঞ্চমমানলৈকে বিদ্যালয়লৈ গৈছিল যদিও ষষ্ঠ শ্ৰেণীৰ পৰা বিদ্যালয়লৈ যাব নোৱাৰা হৈ ঘৰতেই অধ্যয়ন অব্যাহত ৰাখিছিল ৷ মধ্য মাজুলীৰ দেউদীয়াআটি গাঁৱৰ নিবাসী অৰুন বৰুৱা আৰু চেনিমাই বৰুৱাৰ একমাত্ৰ কন্যা সন্তান ভাগ্যশ্ৰীক মানসিক ভাৱে ভাগি যাবলৈ নিদি বিদ্যালয়লৈ যাব নোৱাৰা হোৱাৰ পিছত ষষ্ঠ শ্ৰেণীৰ পৰা দেউতাক -মাকে লৈছিল বিশেষ যত্ন ৷ বিদ্যালয়ৰ দুৱাৰদলি নগছাকৈ উত্তীৰ্ণ হোৱা ভাৰ্গশ্ৰীৰ সাফল্যই মানসিক তৃপ্তি দিছে পৰিয়ালটোক ৷ বিশেষ শিক্ষিত লোক নথকা পৰিয়াল টোৱে দুখেৰে কয় যে ছাত্ৰী গৰাকীক পঢ়োৱাবলৈ কেইবাজনো টিউচন শিক্ষকক পিতৃয়ে যোগাযোগ কৰিছিল যদিও বিকলাংগ বাবেই শিক্ষকেও পঢ়োৱাবলৈ ইচ্ছা নকৰিলে ৷ শ্ৰেণীৰ সকলো গ্ৰন্থই নিজই অধ্যয়ন কৰি আয়ত্ত কৰা ভাগ্যশ্ৰীৰ এই সাফল্যতেই আহ্লাদিত পৰিয়ালৰ লোক সকল ৷ পঢ়াত দুৰ্বল , দেবাংগ ছাত্ৰী বুলিয়েই কোনো ঘৰুৱা শিক্ষিকেই পঢ়োৱা নোখোজা ছাত্ৰী গৰাকীৰ সাফল্যত আনন্দিত গাঁওবাসীও ৷ বিদ্যালয়ৰ শিক্ষক সকলে ছাত্ৰী গৰাকীক খবৰ লৈ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰিছিল বুলি কৈ ভাগ্যশ্ৰীয়ে নিজেই শিক্ষক হোৱাৰ আশা বুকুত বান্ধি ৰাখিছে বুলি আমাক অৱগত কৰে ৷

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like