নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাখিয়তী সংৰক্ষণ জামুগুৰিহাটৰ বুলেন ভূঞাৰ

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিল : বছৰটোৰ ৩৬৫ দিনৰ ভিতৰত ৩৬৪ দিনেই অনাদৃত হৈ থকা এজোপা গছ। কিন্তু ৰঙালী বিহুৰ গৰু বিহুৰ দিনা গ্ৰামাঞ্চলত অতিকৈ প্ৰয়োজন হয় এই গছজোপাৰ ডাল-পাত। এই গছজোপাই হ’ল মাখিয়তী গছ।গৰুবিহুৰ দিনা নোঁৱাই ধূৱাই ঘাঁহ খাবলৈ পথাৰলৈ এৰি দিয়া গো-ধন সমুহ যেতিয়া সন্ধিয়াৰ পৰত ঘৰলৈ ঘুৰি আহে তেতিয়া এই মাখিয়তী গছৰ পাতৰে গো-ধন সমুহক গৰাকীয়ে ‘মাখিয়তী মাখি পাত মাখি মাৰো জাক জাক’ শীৰ্ষক কথাৰে  কোবাই কোবাই ঘৰলৈ লৈ আহে। কিন্তু এই মাখিয়তি গছ আজিৰ নৱপ্ৰজন্মই চিনি নোপোৱাৰ উপক্ৰম হৈছে।গ্ৰামাঞ্চল সমূহতো এতিয়া দূৰ্লভ হৈ পৰিছে গৰু বিহুৰ দিনা অতিকৈ প্ৰয়োজন হোৱা এই বিশেষ গছজোপা। এটা সময়ত গাঁওৰ বাৰীত অতিকৈ সূলভ এই গছজোপা এতিয়া গ্ৰামাঞ্চল সমুহতো ক্ৰমান্বয়ে নাইকিয়া হোৱাৰ পথত গতি কৰিছে। নৱপ্ৰজন্মই পাহৰাৰ উপক্ৰম হলেও কিন্তু জামুগুৰিহাটৰ পাতলচুক গাঁওৰ এগৰাকী ব্যক্তিয়ে নিজৰ বাৰীৰ চৌহদত বছৰ বছৰ ধৰি সংৰক্ষণ কৰি ৰাখিছে এই মাখিয়তী গছ।গাঁওখনৰ বুলেন ভূঞা নামৰ ব্যক্তিজনে তেওঁৰ বাৰীত অতি সযতনে সংৰক্ষণ কৰি ৰাখিছে এশ জোপাৰো অধিক মাখিয়টী গছ। নৱপ্ৰজন্মক চিনাকী কৰাই দিয়াৰ উদ্দেশ্যেৰেই সংৰক্ষণ কৰা এই মখিয়তী গছৰ ডাল পাত নিবলৈ গৰু বিহুৰ দিনা জামুগুৰিহাটৰ পাতলৰচুক গাঁওৰ এই ব্যক্তিজনৰ ঘৰলৈ বহুলোকৰ সমাগম হয়। যান্ত্ৰিকতাৰ প্ৰভাৱেই হওক বা অন্য কাৰণতেই হওক আমাৰ গ্ৰাম্য সমাজৰ পৰা ক্ৰমশ হেৰাই যোৱা তথা অচিনাকি হবলৈ ধৰা এই মাখিয়তী গছজোপা এইদৰে সংৰক্ষণ কৰি ৰখাতো ইতিবাচক হিচাপে বিবেচিত হৈছে।
প্ৰেৰক হিৰণ্য বৰা 
You might also like