নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শাহুৱেকৰ ধন সৰকোৱাৰ ফন্দিৰে অপহৰণৰ নাটক মৌলানাৰ

মানকাচৰত ইছলামিক ধর্মগুৰুৰ কাণ্ড

নিয়মীয়া বাৰ্তা ১৮ জুনঃ দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ বেপাৰীপাৰা আৰচিচি দলঙৰ পৰা কাহিলি পুৱাতে এগৰাকী মছজিদৰ ইমাম অপহৰণ হোৱাৰ পিছত দক্ষিণ শালমাৰা–মানকাচৰ জিলা আৰক্ষীয়ে ইমামজনক উদ্ধাৰ কৰাৰ পিছত অপহৰণকাণ্ডৰ আঁৰৰ কাহিনী পোহৰলৈ আহে৷ ঘটনাক লৈ জিলা আৰক্ষীয়ে ইতিমধ্যে তিনিজনক গ্রেপ্তাৰ কৰাৰ লগতে আন কেইবাজনো লোকক সোধা–পোছা কৰি থকা পৰিলক্ষিত হৈছে৷ উল্লেখযোগ্য যে কালি পুৱা প্রায় ৪ বজাত সুখচৰৰ বেপাৰীপাৰা নতুন দলঙৰ পৰা চৰ খলিছামাৰী গাঁৱৰ আখেৰেজ জামানৰ পুত্র ছফিউল ইছলাম (৩০) অপহৰণ হোৱা বুলি খবৰ বিয়পি পৰে৷ চুবুৰীয়া মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ দৰবেশ টিলা মছজিদত ইমামতি কৰা মৌলানা ছফিউল ইছলামে নিজে তেওঁৰ পত্নীক ফোন কৰি অপহৰণ হোৱা বুলি জনায়৷ ঘটনাক লৈ সুখচৰ থানাত এজাহাৰ দাখিলৰ পিছতেই সুখচৰ আৰক্ষীৰ লগতে দক্ষিণ শালমাৰা–মানকাচৰ জিলা আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে৷ মৌলানাজনক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰে৷ অৱশেষত নিশা প্রায় ১২ বজাত মানকাচৰ থানা এলেকাৰ দিয়াৰাৰ পৰা জিলা সহকাৰী অধীক্ষক আৰিফ আহমেদ সুখচৰ আৰক্ষীৰ সহযোগত ইমামজনক উদ্ধাৰ কৰে৷ ঘটনাৰ লগত জড়িত আন চাৰিজনক আৰক্ষীয়ে আটক কৰে৷ ইমামসহ ৫জনক আটক কৰাৰ পিছতেই ইমামজনে নিজে অপহৰণ হোৱাৰ ঘটনা পোহৰলৈ আহিছে৷ ফলত আৰক্ষীয়ে ইমামজনৰ লগতে আন দুজনক ইতিমধ্যে গ্রেপ্তাৰ কৰিছে৷ গ্রেপ্তাৰ হোৱা আন দুজন ক্রমে মানকাচৰ থানা এলেকাৰ কুটিৰঘাট গাঁৱৰ প্রয়াত তোতা মিঞাৰ পুত্র পাহচান আলী (৭০) আৰু কালাপানী গাঁৱৰ আয়ুৱ আলীৰ পুত্র আবু তালেব বুলি চিনাক্ত কৰা হৈছে বুলি দক্ষিণ শালমাৰা–মানকাচৰ জিলা আৰক্ষী অধীক্ষক কংকনজ্যোতি শইকীয়াই জানিবলৈ দিয়ে৷ আৰক্ষীয়ে ঘটনাৰ লগত জড়িত আন দুজনক এতিয়াও সোধা–পোছা চলাই থকা পৰিলক্ষিত হৈছে৷ ঘটনাৰ লগত আন দুগৰাকী মৌলানা জড়িত হৈ থকা বুলিও বিশেষ সুত্রে জানিব পৰা গৈছে৷ মন কৰিবলগীয়া বিষয় এয়া যে সুখচৰ থানা এলেকাৰ গোটাবাৰী জলডোৱা গাঁৱৰ প্রয়াত মৌলানা কাছেমৰ পত্নী মফিদা বেওৱা (৪৫) অপহৰণৰ নাটক কৰা চিনেমাখনৰ মূল চৰিত্রত থকা ইমামজনৰ শাহুয়েক৷ কিছুদিন পূর্বে কেইবা লাখ টকাৰ এডোখৰ মাটি বিক্রী কৰাৰ বাবে শাহুয়েকজনীৰ হাতত টকা জমা আছে৷ উক্ত টকাখিনি নাটকীয় অপহৰণৰ জৰিয়তে শাহুয়েকৰ পৰা আদায় কৰাৰ বাবে এইদৰে নিজকে নিজে আন কেইবাজনো আত্মীয়ৰ সহযোগত অপহৰণ হৈছিল৷

You might also like