🔹 মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান ঢকুৱাখনাৰ এজাক কণ কণ শিক্ষাৰ্থীৰ
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ : ‘মামা আমাক স্কুললৈ যোৱা ৰাস্তাটো বনাই দিয়ক,বোকা-পানী গচকিলে আমাৰ জ্বৰ-কাহ হয়, আপুনি এবাৰ আমাক চাওক।’- এটা পকী পথ বিচাৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এই কাতৰ আহ্বান জনায় ঢকুৱাখনাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে। স্বাধীনতাৰ ৭৭টা বছৰ পাৰ হোৱাৰ পিছতো এটা ৰাস্তাৰ অভাৱত একাঁঠু-একঁকাল পানীৰে দৈনিক বিদ্যালয়লৈ অহা-যোৱা কৰিবলগীয়া হৈছে ঢকুৱাখনাৰ বৰদলনি (ঘিলামৰা) শিক্ষাখণ্ডৰ অন্তৰ্গত এখন প্ৰাথমিক বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীয়ে। এটা ৰাস্তাৰ অভাৱত দৈনিক নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে ঢকুৱাখনা সমষ্টিৰ দেউলীয়া পঞ্চায়তৰ অন্তৰ্গত বালিপুখুৰী নাথগাঁও প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে। চৰকাৰৰ কোনো এখন উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱা অঞ্চলটোৰ একমাত্র প্রাথমিক বিদ্যালয়খনলৈ যোৱা পথটো বছৰৰ ৬টা মাহেই ডুব গৈ থাকে পানীত। ফলত বছৰ বছৰ ধৰি কণ কণ ছাত্ৰ-ছাত্ৰীয়ে জ্ঞানৰ পোহৰৰ সন্ধানত পানীৰ মাজেৰে বিপদসংকুলভাৱে বিদ্যালয়লৈ নিতৌ অহা-যোৱা কৰে।
১৯৮০ চনতে স্থাপিত বিদ্যালয়খনলৈ যাবলৈ নাই আন কোনো বিকল্প পথ। শিক্ষাগ্ৰহণৰ বাবে বিদ্যালয়লৈ যাবলৈ বিকল্প পথ নথকাৰ বাবেই প্ৰতিদিনে একাঁঠু বোকা-পানী পাৰ হৈ যাবলগীয়া হয় বিদ্যালয়খনলৈ।কোনোদিনা পানীত পিছল খালে অথবা কিতাপ-পত্ৰ তিতিলে সেইদিনা আধা বাটৰ পৰাই ঘৰলৈ ঘূৰি আহিবলগীয়া হয় ছাত্ৰ-ছাত্ৰীসকল। বাৰিষা পানী বাঢ়িলেই বন্ধ হৈ পৰে বিদ্যালয়। পথৰ দুৰৱস্থাৰ বাবেই অভিভাৱকে বিদ্যালয়লৈ পঠাবলৈ ভয় কৰে নিজৰ কণমানি সন্তানক। ইফালে, দৈনিক লেতেৰা বোকা-পানী গচকিবলগীয়া হোৱাত জ্বৰ-কাহৰ উপৰি বিভিন্ন ছালৰ ৰোগত ভুগিবলগীয়া হৈছে কণ কণ শিক্ষাৰ্থীসকলে। স্থানীয় ৰাইজ-অভিভাৱকসকলে বাৰম্বাৰ প্ৰশাসন-জনপ্ৰতিনিধিক বিদ্যালয়লৈ যোৱা একমাত্ৰ পথটো নিৰ্মাণৰ দাবী জনাই আহিছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰিলে সংশ্লিষ্ট কৰ্তৃপক্ষই। সেয়ে একাংশ কণ কণ শিক্ষাৰ্থীৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান- ‘মামা আমাক স্কুললৈ যোৱা ৰাস্তাটো বনাই দিয়ক, মামা আমাক জীয়াই থকাৰ অধিকাৰ দিয়ক’।
প্ৰেৰক পুলকজ্যোতি বৰা