নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিল : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা এগৰাকী ‘বিশ্বাসযোগ্য’ ৰাজনৈতিক নেতা। আনহাতে,বাংলাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী বঙালী হিন্দু সম্প্ৰদায়ৰ বাবে ভাবুকি। বলিউডৰ ছুপাৰষ্টাৰ অভিনেতা, দাদাছাহেব ফালকে বঁটা বিজয়ী তথা অভিনেতাৰ পৰা-ৰাজনীতিবিদ হোৱা মিঠুন চক্ৰৱৰ্তীয়ে এনে মন্তব্য কৰিছে।
শিলচৰত সাংবাদিকৰ সৈতে মুখামুখি হৈ মিঠুন চক্ৰৱৰ্তীয়ে কয় যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা এজন শক্তিশালী ৰাজনৈতিক নেতা। হিমন্ত বিশ্ব শৰ্মাৰ মেৰুদণ্ড অতি শক্তিশালী। তেওঁ এজন মহান মুখ্যমন্ত্ৰী। তেওঁৰ ওপৰত ৰাইজৰ যথেষ্ট আস্থা আছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৰাক সাংস্কৃতিক মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ শুকুৰবাৰে শিলচৰত উপস্থিত হয় ছুপাৰষ্টাৰ মিঠুন চক্ৰৱৰ্তীয়ে।
আজি পুৱা শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত ছুপাৰষ্টাৰ অভিনেতা মিঠুন চক্ৰৱৰ্তীক এভিবিপিৰ কৰ্মকৰ্তাই উষ্ম আদৰণি জনায়। বিয়লি অম্বিকাপট্টীৰ ষ্টাৰ হোটেল বৰাক হোমত সাংবাদিকক সম্বোধন কৰি মিঠুনে কয় যে অসমৰ সংস্কৃতি চহকী আৰু বৈচিত্ৰময়। কেৱল অসমেই নহয়, সমগ্ৰ ভাৰতবৰ্ষ সংস্কৃতি চহকী আৰু সাংস্কৃতিক ঐতিহ্যৰ বাবেও পৰিচিত। আৰু বঙালী সংস্কৃতিয়ে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি নিজৰ পৰম্পৰা অব্যাহত ৰাখিছে। তেওঁ লগতে কয় যে তেওঁ আগতেও শিলচৰলৈ আহিছিল।
অৱশ্যে তেতিয়া তেওঁ খুব কম সময়ৰ বাবে আহিছিল। এইবাৰ বেছি সময়ৰ বাবে আহিছে। আজিৰ যুৱক-যুৱতীসকলক সম্বোধন কৰি তেওঁ কয় যে, আমি বাস্তৱৰ পৰা শিকিব লাগিব। আৰু সেই শিক্ষা আহৰণ কৰি আমি আগবাঢ়ি যাব লাগিব। এইদিনা মিঠুন চক্ৰৱৰ্তীয়ে ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত বাংলাত সংঘটিত হোৱা ঘটনাক গৰিহণা দিয়ে। বাংলাত ৱাকফৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবে মিঠুন চক্ৰৱৰ্তীয়ে মমতাক দোষাৰোপ কৰে। তেওঁ কয়, মমতা ৰাজ্যখনৰ হিন্দুসকলৰ বাবে ভাবুকি স্বৰূপ।
তেওঁ তৃণমূল নেত্ৰীক হিন্দুৰ বিৰুদ্ধে সাম্প্ৰদায়িক উত্তেজনা উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰে। তেওঁ বাংলাৰ সম্প্ৰদায়ৰ মাজত অশান্তিৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৱাকফ আইনৰ স্থিতিৰে মুছলমানক বিপথে পৰিচালিত কৰাৰ কথাও উল্লেখ কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ,তেওঁ পূৰ্বে তৃণমূল কংগ্ৰেছৰ সদস্য আছিল। বৰ্তমান বিজেপিত।
তৃণমূল কংগ্ৰেছ ত্যাগ কৰাৰ একমাত্ৰ কাৰণ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মাজত সামাজিক আৰু নীতিগত পৰিৱৰ্তন ঘটিছে। বৰ্তমানৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উদ্ধ্যোতা তেওঁ ভাল নাপায়। সেয়ে তেওঁ তৃণমূল কংগ্ৰেছ এৰি গেৰুৱা দলত যোগদান কৰিছে। তেওঁ কয় যে, বৰ্তমান তেওঁৰ তিনিখন ছবিৰ শ্বুটিং চলি আছে। এইদিনা শিলচৰত এখন সংবাদমেলত তেওঁ উপভোগ কৰা দুপৰীয়াৰ আহাৰক তেওঁ প্ৰশংসা কৰে।
প্ৰেৰক গৌতম তালুকদাৰ