নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত হাতীৰ দাঁতসহ আটক এজন

🔹 পবিতৰা বনাঞ্চলিক বিষয়াৰ নেতৃত্বত অভিযান
নিয়মীয়া বাৰ্তা,  ১৮ আগষ্ট : পবিতৰা অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়া নয়নজ্যোতি দাসৰ নেতৃত্বত এটি ৮ জনীয়া দলে মৰিগাঁও জিলাৰ লাহৰীঘাটত অভিযান চলাই এজন লোকক আটক কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ পম খেদি আজি পুৱতি নিশা লাহৰীঘাটৰ টেঙাতলীত চলোৱা অভিযানত আচমত আলী নামৰ লোকজনৰ পৰা হাতীৰ দাঁত জব্দ কৰে। জব্দকৃত হাতীৰ দাঁতৰ ওজন 2.5 কেজি। বিক্ৰীৰ বাবে অবৈধভাৱে আচমত আলীয়ে নিজ গৃহত মাজুত কৰি ৰাখিছিল হাতীৰ দাঁতখিনি। আচমত আলীক আটক কৰি বন বিভাগে সোধা-পোছা অব্যাহত ৰাখিছে। দীৰ্ঘদিনৰে পৰা এনেধৰণৰ অবৈধ কাৰ্যকলাপ চলাই থকাৰ কথা স্বীকাৰ কৰে ধৃত আচমত আলীয়ে। আনহাতে, ধৃত আচমত আলীক আন এজন ব্যক্তিয়ে সহযোগ কৰা বুলিও স্বীকাৰ কৰে।

প্ৰেৰক হৰি প্ৰসাদ মল্লিক

You might also like