মানুহ জীয়াই থাকে মানুহৰ মাজত – ড° উমেশ ডেকা
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ ৰামধেনু যুগৰ গল্পকাৰ, বিশিষ্ট সাহিত্যিক,কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাৰ আজি ৭৯ সংখ্যক ওপজা দিন উদযাপন কৰা হয় ৷ সাপ্তাহিক কাকত “অসম প্ৰৱাহ”ৰ উদ্যোগত নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী টোডী ভৱনত আয়োজিত এক অনুষ্ঠানত সাহিত্যিক গৰাকীক বিভিন্ন জনে ওপজা দিনৰ ওলগ জনায় ৷ ৰাজখোৱাৰ জন্ম দিনৰ লগত সংগতি ৰাখি অসম প্ৰৱাহ কাকত গোষ্ঠীৰ তৰফৰ পৰা সাহিত্যিক ভদ্ৰেশ্বৰ ৰাজখোৱাক “অসম প্ৰৱাহ সাহিত্য বটা -২০২১ ” প্ৰদান কৰা হয়। এই বটা প্ৰয়াত মুক্তিযোদ্ধা উমা ফুকনৰ সোৱৰনত প্ৰদান কৰা হয়৷ বটাত আছে গামোছা ,চেলেং ,শৰাই ,জাপি স্মাৰক,মানপত্ৰ আৰু নগদ ধন । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপক ড° উমেশ ডেকাই সাহিত্যিক ভদ্ৰেশ্বৰ ৰাজখোৱাৰ লগত ৩৫ বছৰীয়া সান্নিধ্যৰ কথা উল্লেখ কৰি কয় -ভাতৃত্বৰ এনাজৰী ডাল আজিও অটুত আছে ৷ তেওঁ লগতে কয় মানুহ জীয়াই থাকে মানুহৰ মাজত, জনতাৰ মাজত ৷নিজৰ প্ৰয়াত পিতৃ সাহিত্যিক হিতেশ ডেকাৰ কথা উল্লেখ কৰি ড° ডেকাই কয়- মোৰ পিতৃৰ জনপ্ৰিয়তাৰ বাৱেই তেওঁ আজিও মানুহৰ মাজত জীয়াই আছে ৷ প্ৰসংগ ক্ৰমে তেওঁ কয়- বটবৃক্ষৰ তলত এৰা বৃক্ষ কেতিয়াও ডাঙৰ হব নোৱাৰে ৷ সমাজৰ বিভিন্ন দিশ উল্লেখ কৰি ড° ডেকাই কয় -প্ৰগতিশীল লিখক ,প্ৰগতিশীল মানুহ সদায়েই সমাজৰ লগতে জীৱনৰ প্ৰতি দায়বদ্ধ ৷ তেওঁলোক ৰজাৰ ওচৰত দায়বদ্ধ নহয় ৷ ৰজাৰ বটা গ্ৰহন কৰিলেই মানুহ হব নোৱাৰে ৷ সাহিত্যিক ভদ্ৰেশ্বৰ ৰাজখোৱাই সাহিত্য অকাডেমী বটা নোপোৱাৰ বিষয়ে অনুষ্ঠানত দুই একে বক্তৃতা দিয়াৰ সন্দৰ্ভত মন্তব্য কৰি ড° ডেকাই কয়- মোৰ পিতৃ প্ৰয়াত সাহিত্যিক হিতেশ ডেকাই সাহিত্য অকাডেমী বটা পোৱা নাছিল ৷ সৰ্ব্বজন শ্ৰদ্ধেয় পণ্ডিত মহেশ্বৰ নেওগ ,প্ৰফুল্ল চন্দ্ৰ গোস্বামীকে ধৰি বহুতে সাহিত্য অকাডেমী বটা পোৱা নাই ৷কিন্তু তেওঁলোক নিজৰ কৰ্মৰাজী আৰু সৃষ্টিৰাজীৰ মাজেৰে আজিও মানুহৰ মাজত জীয়াই আছে ৷ সাহিত্য অকাডেমী বটা পোৱা বহুতকে ৰাইজে নাজানে বুলি ড° ডেকাই তাৰ্পয্যপূৰ্ণ মন্তব্য কৰে ৷নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই শুভাৰম্ভ কৰা অনুষ্ঠানত মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপিকা ড° বৃষ্টি কলিতাই সাহিত্যিক ভদ্ৰেশ্বৰ ৰাজখোৱাৰ সাহিত্য কৃত্তিৰ বিষয়ে বাখ্যা দাঙি ধৰি কয় – ৰাজখোৱাৰ সৃষ্টিত সদায়েই এটা নতুন বাৰ্তা পোৱা যায় ৷ তেওঁৰ সাহিত্যত সদায় চহা জীৱনৰ আৰু প্ৰকৃতিৰ বিষয়ে উমান পোৱা যায় ৷ অনুষ্ঠানত বিশিষ্টা লিখিকা তথা অধিবক্তা বিভা ফুকনে ভদ্ৰেশ্বৰ ৰাজখোৱাৰ জীৱনৰ বিভিন্ন দিশ উল্লেখ কৰে ৷ অসম প্ৰৱাহৰ কাৰ্যবাহী সম্পাদক প্ৰাঞ্জল বৰদলৈ আত ধৰা অনুষ্ঠানত লিখক হৰিদেৱ মহন্ত ,সাহিত্যিক ৰতি মোহন নাথ , থগিত মহন্ত ,ড° অমিয়া পাটৰ ,দিপ্তী বৰা, স্বপ্না কলিতা ,নিবেদিতা শইকীয়া বৰুৱাকে ধৰি ভালেসংখ্যক বিশিষ্ট লোকে অংশগ্ৰহণ কৰে ৷অনুষ্ঠানত অসম প্ৰৱাহৰ পৰিচালন সঞ্চালক প্ৰকাশ বৰা ,সম্পাদিকা প্ৰনতি বৰাই অংশগ্ৰহণ কৰি কাকত খনৰ বিষয়ে উল্লেখ কৰে ৷ অনুষ্ঠানৰ আৰম্ভণিতে শিল্পী প্ৰনতি বৰাই গীত পৰিবেশন কৰে ৷
প্ৰেৰক কনক হাজৰিকা