নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ বিশাল মেগামাৰ্টত ছেলছমেনক শাৰীৰিক সম্পৰ্ক স্থাপনৰ হেঁচা মেনেজাৰৰ, এজাহাৰ দাখিল ভুক্তভোগীৰ

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ বহুজাতিক কোম্পানী বিশাল মেগামাৰ্টৰ ধুবুৰীস্থ শাখাৰ ষ্ট’ৰ পৰিচালকগৰাকীৰ বিৰূদ্ধে নিজৰ সহকৰ্মী তথা “চেলচ মেন” ৰূপে কৰ্মৰত এগৰাকীক অশ্লীল ইংগিত আৰু শাৰিৰীক সম্পৰ্ক স্থাপন কৰাৰ হেঁচা প্ৰয়োগ কৰাৰ এক ভয়ংকৰ অভিযোগ উঠিছে। আনকি এই মৰ্মে ষ্ট’ৰ পৰিচালক ভাস্কৰ বৰুৱাৰ বিৰূদ্ধে ইতিমধ্যে ধুবুৰী সদৰ থানাত এখন এজাহাৰ ভূক্তভোগী যুৱতীগৰাকীয়ে এখন এজাহাৰ দাখিল কৰা বুলিও জানিব পৰা গৈছে। এজাহাৰখনত ষ্ট’ৰ মেনেজাৰ বৰুৱাই মাজে সময়ে অশ্লীল ইংগিত দিয়াৰ উপৰিও বিপণীখনৰ চিচি কেমেৰা নথকা ঠাই, লিফ্টলৈ মাতি তেওঁৰ লগত সম্পর্ক নকৰিলে কামৰ পৰা উলিয়াই দিব বুলি ভয় ভাবুকি প্রদান কৰে বুলি স্পষ্টভাবে উল্লেখ কৰিছে ভূক্তভোগী যুৱতীগৰাকীয়ে। আনকি, বিগত ২১ মাৰ্চৰ সন্ধিয়া আনুমানিক ৬টা মান বজাত ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দিব বুলি কোৱাৰ পিছত ভাস্কৰ বৰুৱাই ধনৰ প্ৰলোভন দিয়াৰ সমান্তৰালকৈ আত্মহত্যা কৰিব বুলি মানসিক হেঁচা দিয়াৰ প্ৰচেষ্টা কৰা বুলিও অভিযোগ ভুক্তভোগীৰ। ইয়াতে উল্লেখ্য যে ভুক্তভোগী যুৱতীগৰাকীয়ে ২২ মাৰ্চৰ দিনা দাখিল কৰিছিল সেই এজাহাৰখন। কিন্তু এজাহাৰ দাখিল কৰাৰ প্ৰায় ৪৮ ঘন্টাৰ অধিক সময় উকলিবৰ হ’ল যদিও বৰ্তমানলৈ (এই বাতৰি প্ৰেৰণ কৰা লৈ) বিষয়টো লৈ আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ নোলোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰো। নিয়োগ বাৰ্তা 

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like