🔹 মানৱ সমাজক লজ্জানত কৰি আধুনিক পৰশুৰামৰ ৰূপত আমগুৰিৰ যুৱক
নিয়মীয়া বাৰ্তা, ১২ মে’ : শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি ৰজাবাম ডিব্ৰুৱাল গাঁৱত আজি মাতৃ দিৱসৰ দিনাই মানৱ সমাজক লজ্জানত কৰি এটা পাষণ্ডই নিজ জন্মদাত্ৰী মাতৃক নৃশংসভাৱে হত্যা কৰা কাণ্ডই ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।ৰজাবাম ডিব্ৰুৱাল গাঁৱৰ মানস গগৈ নামৰ নৰাধম, পাষণ্ড পুত্ৰৰ নৃশংসতাৰ বলি হ’ল বীণা গগৈ ওৰফে মেলেঙণি নামৰ মাতৃগৰাকী । নৰাধম পুত্ৰই প্ৰায় ৬০ বছৰীয়া বৃদ্ধাগৰাকীক চোতালতে বৰ্বৰভাৱে খৰি জাপি জ্বলাই দিয়ে । মানৱ সমাজক লজ্জানত কৰা এই ঘটনাই ইতিমধ্যে অঞ্চলজুৰি ৰাইজৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, দীৰ্ঘদিন ধৰি সুৰাপান কৰি এই কুলাংগাৰ পুত্ৰই মাতৃক শাৰীৰিক-মানসিক অত্যাচাৰ চলাই আহিছিল । স্থানীয় একাংশ লোকৰ পৰা জানিব পৰা মতে, পাষণ্ড পুত্ৰই দৈনিক অত্যধিক মদ্যপান কৰি মাতৃৰ সৈতে কাজিয়াত লিপ্ত হয়। দিনে-ৰাতিয়ে মদ্যপান কৰি মাতাল হৈ থকা পাষণ্ডটোৱে কালি নিশাও অত্যধিক মদ্যপান কৰি আহি নিজ মাতৃৰ সৈতে কাজিয়াত লিপ্ত হয়। শেষত বৃদ্ধ মাতৃক মাৰপিট কৰি চোতালতে খৰি জাপি জ্বলাই দিয়ে। অমানৱীয় কাৰ্যৰ বাবে স্থানীয় আন লোকৰ সৈতেও সম্পৰ্ক নথকা পাষণ্ডটোৱে কালি নিশাও মাতৃৰ সৈতে কাজিয়া কৰাৰ কিছু সময় পিছত বৃদ্ধাগৰাকীক চোতালতে খৰি জাপি জ্বলাই দিয়া দেখি স্থানীয় কোনো লোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বৃদ্ধাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে কুলাংগাৰটোক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে যিটো অঞ্চলত এই লোমহৰ্ষক ঘটনাটো সংঘটিত হৈছে, উক্ত ঠাইত কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে অবৈধ চুলাই ভাতী আৰু অবৈধ মদৰ বেহা। যাৰ বাবে অঞ্চলটোত বৃদ্ধি পাইছে পাৰিবাৰিক কন্দল। কাঠফুলাৰ দৰে গঢ়ি উঠা চুলাই ভাতীৰ বাবে অঞ্চলটোৰ সামাজিক, শৈক্ষিক বাতাৱৰণ নষ্ট হৈছে যদিও এইবিলাক চাবলৈ প্ৰশাসনৰ আহৰি নাই, যাৰ বাবে পুত্ৰই জন্মদাত্ৰী মাতৃক হত্যা কৰাৰ দৰে লোমহৰ্ষক ঘটনা সংঘটিত হৈছে। এই ঘটনাই সমগ্ৰ মানৱ সমাজকে লজ্জানত কৰিছে। অঞ্চলটোত গঢ় লৈ উঠা চুলাই ভাতীসমূহ শীঘ্ৰে উচ্ছেদৰ দাবী জনাইছে স্থানীয় সচেতন ৰাইজে।
প্ৰেৰক দেৱানন্দ কলিতা