নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ ৰয়েল এনক্লেভত প্রশিক্ষণ লৈছিল মানসে

🔹 আলফা (স্বাঃ)ৰ শিবিৰত আৰক্ষীৰ চোৰাংচোৱাক লৈ চাঞ্চল্য অব্যাহত

ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ জানুৱাৰী : আলফা (স্বাঃ)ৰ শিবিৰত অসম আৰক্ষীৰ হৈ চোৰাংচোৱা কৰাৰ অপৰাধত বন্দী হৈ থকা গোলাঘাটৰ মানস বৰগোহাঁই ওৰফে মুকুট অসমক লৈ চাঞ্চল্যৰ অন্ত পৰা নাই৷ যোৱা ২৮ জানুৱাৰীত আলফা (স্বাঃ)ৰ দ্বাৰা প্রেৰিত এটা ভিডিঅ’ত মানস বৰগোহাঁই ওৰফে মুকুট অসম নামৰ যুৱকজনে নিজকে অসম আৰক্ষীৰ বিশেষ শাখাৰ এছ আই বুলি স্বীকাৰ কৰি পৰিকল্পিতভাৱে আলফা (স্বাঃ)ৰ শিবিৰৰ ভিতৰুৱা খবৰ সংগ্রহৰ বাবেহে তেওঁক অসম আৰক্ষীয়ে প্রেৰণ কৰা বুলি অভিযোগ তুলিছিল৷ ভিডিঅ’টো চৌদিশে বিয়পি পৰাৰ পিছতে তাৎক্ষণিকভাৱে অসম আৰক্ষীয়ে এক আনুষ্ঠানিক বিবৃতিযোগে উক্ত অভিযোগ নস্যাৎ কৰি মানস বৰগোহাঁই নামৰ কোনো কর্মচাৰী আৰক্ষী বিভাগত নাই বুলি স্পষ্ট কৰি দিছিল৷ পৰৱর্তী সময়ত অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙেও বিষয়টো অস্বীকাৰ কৰিছে৷ কিন্তু শেহতীয়াকৈ পৰহি আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই সংবাদ মাধ্যমৰ সৈতে হোৱা টেলিফোনিক সাক্ষাৎকাৰত ডিজিপি সিঙৰ বক্তব্যক অস্বীকাৰ কৰি এই সন্দর্ভত অধিক তথ্য ৰাজহুৱা কৰাৰ কথা সদৰী কৰিছিল৷ পৰেশ বৰুৱা আৰু জি পি সিঙৰ বাকবিতণ্ডা অব্যাহত থকাৰ সময়তে কালি পুনৰ আন এটা নতুন ভিডিঅ’ আলফা (স্বাঃ)ই মুকলি কৰিছে৷ কালি প্রকাশিত ভিডিঅ’টোত পুনৰ মানস বৰগোহাঁয়ে নিজকে আৰক্ষীৰ দ্বাৰা নিয়োগ কৰা চোৰাংচোৱা বুলি উল্লেখ কৰে৷ মানস বৰগোহাঁয়ে কালি পুনৰ নিজকে আৰক্ষীৰ বিষয়া বুলি উল্লেখ কৰি কয় যে মই মিছা কোৱা নাই৷ মোৰ দেউতা-নিচাদেউৱে সকলো কথা জানে৷ আৰক্ষীৰ চোৰাংচোৱাৰ প্রশিক্ষণৰ কথা সদৰী কৰি তেওঁ কয় যে বেলতলাৰ অজন্তা পথৰ ৰয়েল এনক্লেভত কি প্রশিক্ষণ চলে খবৰ কৰক৷ সকলো গম পাব৷ মানস চলিহা, তৃষ্ণা সন্দিকৈক সোধক৷ তৃষ্ণা সন্দিকৈৰ ঘৰ কাহিলিপাৰাত৷ গোলাঘাটত মানস চলিহাৰ ঘৰ৷ উল্লেখ্য যে কালিৰ ভিডিঅ’টোত বিশেষ শাখাৰ বিষয়া বুলি উল্লেখ কৰা মানস চলিহাৰ ফটোৰ লগতে তেওঁৰ ব্যক্তিগত বাহনৰ ফটোও দিয়া হয়৷ এএছ-০১ ডি ই-৫২২২ নম্বৰৰ বগা স্কৰপিঅ’ বাহনখনত অসম চৰকাৰ বুলি ইংৰাজীত লিখা আছে৷ এজন আণ্ডাৰ ক’ভাৰ এজেণ্টৰূপে তেওঁক প্রশাসনে প্রস্তুত কৰিছিল বুলি কালি পুনৰ ভিডিঅ’টোত অভিযোগ কৰে মানস বৰগোহাঁয়ে৷ তেওঁ কয় যে আণ্ডাৰ ক’ভাৰ ৰূপে আমাক ব্যৱহাৰ কৰা হৈছে৷ মোৰ নিজৰ ৭৮৯৬৪১১১৭৬ ম’বাইল নম্বৰটো পৰীক্ষা কৰি চালেই সকলোৱে গম পাব, তাত অধিকসংখ্যক আৰক্ষীৰে যোগাযোগৰ নম্বৰ আছে৷ মানস বৰগোহাঁয়ে কালিৰ ভিডিঅ’ বার্তাটোত কেইবাজনো শীর্ষ বিষয়াৰ লগতে ত্রিনয়ন বৰদলৈ, হিমাংশু দাসকে ধৰি কেইবাজনো আৰক্ষীৰ নাম লয়৷ লক্ষণীয় যে যোৰাবাটত পূর্বতেও এটা অভিযানত অংশ লৈ সফল হোৱাৰ পিছত এইটো দ্বিতীয় অভিযান আছিল বুলি মন্তব্য কৰিছে মানস বৰগোহাঁয়ে৷ ইপিনে, কালি ‘মানস বৰগোহাঁই’ সন্দর্ভত ২০২১ বর্ষৰ এক নিযুক্তি তালিকা সামাজিক মাধ্যমত চর্চিত হৈ থকাৰ খবৰ বিয়পি পৰাৰ পিছত অসম আৰক্ষীয়ে এই সন্দর্ভত এক স্পষ্টীকৰণ দিছে৷ চর্চিত তালিকাখনত মানসজ্যোতি বুঢ়াগোহাঞি নামৰ এজন প্রার্থীৰ নাম ভাইৰেল হোৱাৰ লগতে উক্ত প্রার্থীজনেই মানস বৰগোহাঁই বুলি একাংশই চর্চা কৰাৰ পিছতে অসম আৰক্ষীয়ে প্রকৃত প্রার্থীজনৰ সবিশেষ সদৰী কৰিছে৷ মানসজ্যোতি বুঢ়াগোহাঞি সম্প্রতি কৰিমগঞ্জ জিলাৰ পি এছ আই ৰূপে কর্মৰত হৈ আছে৷ অসম আৰক্ষীয়ে মানসজ্যোতি বুঢ়াগোহাঞিৰ জিপিএছ তথ্য সম্বলিত এখন ফটোও প্রকাশ কৰিছে৷

You might also like