মনদ্বীপ মাজুলীৰ নতুন গীত ‘মনৰে দাপোণত’ উন্মোচন
বিশেষ বাৰ্তা, ৮ এপ্ৰিলঃ নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিভাৱান গায়ক- সংগীত শিল্পী মৰিয়নিৰ মনদ্বীপ মাজুলীৰ এটি নতুন গীত ‘মনৰে দাপোণত’ আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত উন্মোচন কৰা হয় । মৰিয়নিৰ ৰিদম ষ্টুডিঅ’ত এই উপলক্ষ্যে অনুষ্ঠিত এক চমু উন্মোচনী অনুষ্ঠানত গীতটি মুকলি কৰে বিশিষ্ট নাট্যকাৰ- সমাজকৰ্মী- শিক্ষাবিদ- মৰিয়নি জাতীয় বিদ্যাপীঠৰ অধ্যক্ষ ৰঞ্জিত গোহাঁইবৰুৱাই । ‘মনৰেশ প্ৰডাকচন’ৰ বেনাৰত নিৰ্মাণ কৰা গীতটিত মনদ্বীপ মাজুলীৰ সৈতে কণ্ঠ নিগৰাইছে প্ৰতিশ্ৰুতিসম্পন্ন গায়িকা ৰেশ্মি প্ৰিয়াই । গীতটিৰ কথা আৰু সুৰ নৱাজ আহমেদৰ । শ্ৰুতিমধুৰ গীতটিৰ সংগীত ব্যৱস্থাপনা মনদ্বীপ মাজুলীৰ । মৰিয়নিৰ ৰিদম ষ্টুডিঅ’ত বাণীবদ্ধ কৰা গীতটিৰ উন্মোচনী অনুষ্ঠানত নাট্যকৰ্মী, শিক্ষক প্ৰিতম শইকীয়া, সংগীত শিল্পী পাপু বৰুৱা, শিল্পী লক্ষী শৰ্মা, সাংস্কৃতিক কৰ্মী- অধিবক্তা পিঞ্জু প্ৰতীম নেওগ, সাংস্কৃতিক কৰ্মী তপন চক্ৰৱৰ্তী, প্ৰফুল্ল শইকীয়া, অজয় বৰা, সংগীত বৰা, মেক্ আপ আৰ্টিষ্ট মেঘনা বৰ্দ্ধন, দিব্যজ্যোতি শইকীয়া আদি কেবাগৰাকীও ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰি সুন্দৰ গীতটি সোনকালেই শ্ৰুতাই আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে । ইতিমধ্যে ইউ টিউবত গীতটি উপলব্ধ হৈছে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া