নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলদৈত অখিল ভাৰতীয় সাহিত্য পৰিষদৰ স্মাৰক বক্তৃতানুষ্ঠান

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ নৱেম্বৰঃ অখিল ভাৰতীয় সাহিত্য পৰিষদৰ দৰং জিলা সমিতি আৰু মংগলদৈ বাণিজ্য মহাবিদ্যালয়ৰ যৌথ উদ্যোগত মংগলদৈ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, শিক্ষাবিদ (অধ্যাপক) শৰৎ চন্দ্ৰ শৰ্মা স্মাৰক বক্তৃতা অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচনী সভাৰ এটি বৌদ্ধিক অনুষ্ঠান মংগলদৈ বাণিজ্য মহাবিদ্যালয়ত অখিল ভাৰতীয় সাহিত্য পৰিষদ অসমৰ সভাপতি মৃণালিনী দেৱীৰ সভাপতিত্বত অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে শিক্ষাবিদ, অধ্যাপক শৰৎ চন্দ্ৰ শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে মংগলদৈ বাণিজ্য মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড: প্ৰণৱ কুমাৰ শৰ্মাই আৰু মংগলা চৰণ কৰে মংগলদৈ সংস্কৃত বিদ্যালয়ৰ প্ৰধান অধ্যাপক বসন্ত কুমাৰ শৰ্মাই। শিক্ষাবিদ অধ্যাপক শৰৎ চন্দ্ৰ শৰ্মাৰ স্মাৰক বক্তৃতা অনুষ্ঠানত আদৰণি ভাষণ দিয়ে মংগলদৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ শ্যামল কৃষ্ণ বিশ্বাসে তেখেতৰ জীৱনৰ কৃতি সম্পৰ্কে বিস্তাৰিতভাৱে ভাষণ প্ৰসংগত কয়। অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সভাপতি মৃণালিনী দেৱীয়ে মংগলদৈ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, শিক্ষাবিদ অধ্যাপক শৰৎ চন্দ্ৰ শৰ্মাৰ জীৱনী গ্ৰন্থ উন্মোচনৰ লগতে ভাষা গৌৰৱৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। লেখক লক্ষ্য কুমাৰ নাথৰ ‘শৰৎ চন্দ্ৰ শৰ্মাৰ জীৱন পৰিক্ৰমা’ নামৰ গ্ৰন্থ খন উন্মোচন কৰি সু-সাহিত্যিক মৃণালিনী দেৱীয়ে ভাষণ প্ৰসংগত কয় যে ধ্ৰুপদী ভাষাৰ বৈশিষ্ট্যৰ বিষয়ে কোৱাৰ লগতে ধ্ৰুপদী ভাষাৰ ঐতিহাসিক তাৎপৰ্য, সংস্কৃতি, সভ্যতা আৰু সাহিত্যৰ বিকাশৰ কথাৰে সকলোকে আপ্লুত কৰি তোলে। ”আদৰ্শ মাতৃ বঁটা’ৰে বিভূষিত মৃনালিনী দেৱীয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰৱিচ্ছিন্ন প্ৰচেষ্টাৰ বাবে আজি অসমীয়া ভাষাটোৱে ”ধ্ৰুপদী ভাষা”ৰ মৰ্যাদা পোৱা বুলি উল্লেখ কৰি ইয়াৰ বাবে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসম মূখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। সভাত ধ্ৰুপদী ভাষাৰ বাবে কি কি সুফল পোৱা যাব তাকো ভাষণ প্ৰসংগত উল্লেখ কৰে। অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সভাপতি, অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা সু-সাহিত্যিক মৃণালিনী দেৱীয়ে ভাষণ প্ৰসংগত সাহিত্য হৈছে মানবৰ অন্তৰাত্মাৰ ভাৱ প্ৰকাশ কৰাৰ এক উপযুক্ত মাধ্যম, যুগৰ পৰিবৰ্তন আৰু বিজ্ঞানৰ উত্তৰায়ণৰ বাবে সাহিত্য প্ৰকাশৰ ৰূপৰো পৰিবৰ্তন ঘটিল। প্ৰাচীন যুগত শিলত কটা সাংকেতিক চিহ্নৰেই মানুহে মনৰ ভাৱ প্ৰকাশ কৰিছিল। তাৰ পাছত আহিল গছৰ বাকলি সাঁচিপাতৰ পুথি, হাতেলিখা তথা প্ৰিন্টিং আৰু বৰ্তমানৰ ডিজিটেল, ই-বুক আৰু ই-সাহিত্য। প্ৰতিটো ৰূপৰেই স্বকীয় তাৎপৰ্য্যও আছে কিন্তু সাহিত্যৰ ৰূপটো সম্ভৱতঃ সকলো বিখ্যাত সাহিত্যিকৰে নিজৰ সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত আদি ৰূপ। ইয়াত মানুহৰ আন্তৰাত্মাৰ জ্ঞান নিহিত হৈ থাকে বুলি কয়। শিক্ষাবিদ, অধ্যাপক শৰৎ চন্দ্ৰ শৰ্মা স্মাৰক বক্তৃতা অনুষ্ঠানত নিদিষ্ট বক্তাৰ ভাষণত বিশিষ্ট শল্য চিকিৎসক তথা কৰুণাধাৰা, গুৱাহাটীৰ সম্পাদক ডা: নৰেশ্বৰ শৰ্মাই বিশিষ্ট শিক্ষাবিদ অধ্যাপক শৰৎ চন্দ্ৰ শৰ্মাৰ জীৱনী আৰু এগৰাকী শিক্ষাবিদ হিচাপে কৰি থৈ যোৱা কৰ্ম-কৃতিত্বৰ খতিয়ান দাঙি ধৰে। অনুষ্ঠানত অধ্যাপক শৰৎ চন্দ্ৰ শৰ্মা স্মাৰক বক্তৃতা প্ৰদান কৰে মংগলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড: লোকেশ্বৰ নাথে। অখিল ভাৰতীয় সাহিত্য পৰিষদ, দৰং জিলা সমিতিৰ সভাপতি ডাঃ অনিল প্ৰিয়ৰঞ্জন শৰ্মাই আতধৰা অনুষ্ঠানত মংগলদৈ সমষ্টিৰ বিধায়ক বসন্ত কুমাৰ দাস, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে বিশিষ্ট অতিথি হিচাপে, অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ প্ৰধান সচিব ড: প্ৰণতি তালুকদাৰ মুদিয়াৰ উপস্থিত থাকি ভাষণ দিয়ে।

প্ৰেৰক ৰমেন ভৰালী

You might also like