নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰ : সংঘৰ্ষ জৰ্জৰিত মণিপুৰত পুনৰ উত্তপ্ত পৰিস্থিতি। পূব ইম্ফল আৰু কাংপক্পি জিলা সীমান্তবৰ্তী থামনাপক্পিত কুকি আৰু মেইটেই বিদ্ৰোহীৰ ভয়ানক সংঘৰ্ষ। যোৱা মংগলবাৰৰ পৰা সমগ্ৰ অঞ্চলটোত অব্যাহত দুয়োপক্ষৰ মাজত ভয়ানক সংঘৰ্ষ। বৃহস্পতিবাৰ বিয়লিৰ পৰা ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে দুয়োপক্ষৰ মাজৰ সংঘৰ্ষই। আৰক্ষী-নিৰাপত্তাৰক্ষী উপস্থিত ঘটনাস্থলীত। কালি বিয়লিৰে পৰা এই পৰ্যন্ত অব্যাহত থকা এই সংঘৰ্ষত বহুকেইজন লোক আহত। এগৰাকী সাংবাদিক সহ আহত হৈছে এজন আৰক্ষীৰ কমাণ্ডো জোৱানো। আহত এগৰাকী বৃদ্ধাৰ লগতে এজন মেইটেই গাঁৱৰক্ষী বাহিনীৰ সদস্য। আহত সাংবাদিক গৰাকী ‘ইম্পেক্ট টিভি’ নামৰ স্থানীয় এটা পৰ্টেলৰ ভিডিঅ’ জাৰ্ণালিষ্ট। গাঁও এৰি পলায়ন কৰিছে আতংকিত ৰাইজে। মনিপুৰ আৰক্ষীক ঘটনাস্থলীলৈ যোৱাত বাধা প্ৰদান কৰে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে। পিছত ক্ষুব্ধ গঞাই অৱৰোধ কৰিলে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ দলক।মণিপুৰৰ পৰিস্থিতি এতিয়াও শান্ত হোৱা নাই । ঠায়ে ঠায়ে নতুনকৈ হিংসা আৰম্ভ হৈছে। তাৰ মাজতে ইম্ফল পূব জিলাত পুনৰ সাধাৰণ নাগৰিক আৰু নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ। এই আক্ৰমণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ঘটনাটোক তীব্ৰ গৰিহণা দিয়ে। উল্লেখ্য যে, হিংসাত্মক ঘটনাটোত ইম্ফল পূব জিলাৰ চানাচাবি আৰু থামনাপোকপি গাঁৱত সশস্ত্ৰ লোকৰ সৈতে হোৱা গুলীচালনাত কেইবাজনো নাগৰিক আৰু সুৰক্ষা কৰ্মী আহত হয়। ইপিনে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে নতুনকৈ হিংসা বৃদ্ধি পোৱাৰ মাজতে শান্তি আৰু ঐক্যৰ আহ্বান জনাই কয় যে পৰিস্থিতিৰ মোকাবিলাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সিঙে কয় যে ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ পৰ্যাপ্ত সুৰক্ষা কৰ্মী মোতায়েন কৰা হৈছে আৰু আহতসকলে প্ৰয়োজনীয় চিকিৎসা সাহায্য লাভ কৰিছে। এক্সৰ এটা পোষ্টত এন বীৰেন সিঙে কয়, ইম্ফল পূবৰ চানাচাবি আৰু থামনাপোকপিত কুকি উগ্ৰপন্থীয়ে কৰা নিৰ্বিচাৰ গুলীচালনাক তীব্ৰ গৰিহণা দিছো, য’ত সাধাৰণ লোক আৰু নিৰাপত্তাৰক্ষী আহত হৈছিল । নিৰীহ লোকৰ জীৱনৰ ওপৰত এই কাপুৰুষালি আৰু প্ৰৰোচিত আক্ৰমণ শান্তি আৰু সম্প্ৰীতিৰ ওপৰত আক্ৰমণ।পোষ্টটোত লিখা হৈছে, “ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ পৰ্যাপ্ত নিৰাপত্তা কৰ্মী প্ৰেৰণ কৰা হৈছে। আহতসকলে প্ৰয়োজনীয় চিকিৎসা সহায় লাভ কৰিছে আৰু এনে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ চৰকাৰে শান্ত আৰু ঐক্যৰ আহ্বান জনাইছে। এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰোতে কেন্দ্ৰীয় বাহিনী আৰু ৰাজ্যিক আৰক্ষীৰ সঠিক সমন্বয় আৰু বুজাবুজি থাকিব লাগে। ইফালে শুকুৰবাৰে মণিপুৰ আৰক্ষী, অসম ৰাইফলছ, বন বিভাগ আৰু কাৰ্যবাহী দণ্ডাধীশৰ এটা যুটীয়া দলে চুৰাচান্দপুৰ জিলাৰ টি লাংহোইমল অঞ্চলত ৭ একৰ পপী খেতি ধ্বংস কৰে। এই সন্দৰ্ভত এজাহাৰ ৰুজু কৰা হৈছে আৰু খেতিয়কসকলক চিনাক্ত আৰু আটক কৰাৰ প্ৰচেষ্টা চলি আছে। নিৰাপত্তা বাহিনীয়ে পাহাৰীয়া আৰু উপত্যকা জিলাৰ প্ৰান্তীয় আৰু স্পৰ্শকাতৰ অঞ্চলত অনুসন্ধান অভিযান অব্যাহত আছে। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ২নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ক্ৰমে ১১৫ আৰু ৩২৬খন অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহনৰ চলাচল নিশ্চিত কৰা হৈছে। মণিপুৰ আৰক্ষীয়ে কয়, সকলো স্পৰ্শকাতৰ স্থানত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু বাহনসমূহৰ সুৰক্ষিত চলাচল নিশ্চিত কৰাৰ বাবে সংবেদনশীল স্থানত নিৰাপত্তা কনভয় প্ৰদান কৰা হৈছে। মণিপুৰৰ বিভিন্ন জিলাত মুঠ ১০৮টা নাকা চেক পইণ্ট স্থাপন কৰা হৈছে।
প্ৰেৰক গৌতম তালুকদাৰ