মনীষ ছিছোদিয়াৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ গোচৰ
নিয়মীয়া বাৰ্তা, ২ জুলাই: ক’ভিড মহামাৰীৰ সময়ত পি পি ই কিট যোগানক লৈ উত্থাপন কৰা কেতবোৰ ভিত্তিহীন অভিযোগক কেন্দ্র কৰি দিল্লীৰ উপ–মুখ্যমন্ত্রী তথা আম আদমী পার্টী (আপ)ৰ শীর্ষ নেতা মনীষ ছিছোদিয়াৰ বিৰুদ্ধে ফৌজদাৰী মানহানিৰ গোচৰ ৰুজু কৰিছে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত বৃহস্পতিবাৰে ছিছোদিয়াৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে৷ ভাৰতীয় দণ্ডবিধিৰ ৪৯৯/৫০০/৫০১ ধাৰাৰ অধীনত দিল্লীৰ উপ–মুখ্যমন্ত্রীজনৰ্ বিৰুদ্ধে ড০ শর্মাই ফৌজদাৰী মানহানি গোচৰ ৰুজু কৰে৷ কালি গোচৰটোৰ শুনানি গ্রহণ কৰি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে অহা ২২ জুলাইত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক অভিযোগ সন্দর্ভত নিজৰ মন্তব্য প্রদান কৰিবলৈ নির্দেশ দিছে৷
উল্লেখ্য যে যোৱা ৪ জুনত দিল্লীৰ উপ–মুখ্যমন্ত্রী ছিছোদিয়াই এখন সংবাদ মেলৰ জৰিয়তে বর্তমান মুখ্যমন্ত্রী তথা তদানীন্তন স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিৰুদ্ধে কেতবোৰ ভিত্তিহীন অভিযোগ উত্থাপন কৰিছিল৷ বিশেষকৈ ড০ শর্মাৰ পত্নীৰ মালিকানাধীন জে চি বি ইণ্ডাষ্ট্রিজ নামৰ প্রতিষ্ঠানটোক উচ্চ দৰত পি পি ই কিট যোগানৰ ঠিকা প্রদান কৰা বুলি ছিছোদিয়াই সংবাদ মেলত অভিযোগ উত্থাপন কৰে৷ পৰৱর্তী সময়ত জে চি বি ইণ্ডাষ্ট্রিজৰ তৰফৰ পৰা এই সন্দর্ভত স্পষ্টীকৰণ প্রকাশ কৰি কোৱা হৈছে যে তেওঁলোকে পি পি ই কিট যোগানৰ নামত ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ পৰা এটকাও গ্রহণ কৰা নাই৷ বৰঞ্চ কর্প’ৰেট সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে প্রায় ১,৫০০টা পি পি ই কিট ক’ভিড মহামাৰীৰ সময়ছোৱাত ৰাষ্ট্রীয় স্বাস্থ্য অভিযানক দান হিচাপেহে আগবঢ়াইছিল৷ জে চি বি ইণ্ডাষ্ট্রিজৰ তৰফৰ পৰা এই তথ্য প্রকাশ কৰাৰ পাছতো উপ–মুখ্যমন্ত্রী ছিছোদিয়াই এই বিষয়টোক লৈ কোনোধৰণৰ স্পষ্টীকৰণ প্রকাশ নকৰাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তেওঁৰ বিৰুদ্ধে ফৌজদাৰী মানহানি গোচৰ ৰুজু কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে৷ এই গোচৰটোত সন্নিৱিষ্ট কৰা ধাৰাৰ অধীনত মনীষ ছিছোদিয়া দোষী সাব্যস্ত হ’লে দুবছৰ পর্যন্ত সশ্রম কাৰাদণ্ড হ’ব পাৰে৷