নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত মনীষা শৰ্মাক মাতা ৰামাই আম্বেদকাৰ আন্ত:ৰাষ্ট্ৰীয় বঁটা প্ৰদান

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ জুনঃ ভাৰতত সামাজিক সমতাৰ বাবে মহাৰাষ্ট্ৰৰ বুল্ডানা জিলাৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া কাশীৰাম গোবিন্দ পেইঠানেৰ নেতৃত্বত “বুদ্ধ কী আৱাজ” নামৰ এক বিশেষ মিছন আৰম্ভ কৰিছিল আজিৰ পৰা সাত বছৰ পূৰ্বে। এইবেলি উক্ত মিছনৰ উদ্যোগ গ্ৰহণ কৰিলে গ্ল’বেল হিউমেন ৰাইটছ প্ৰটেকচন ফ’ৰামে। বুদ্ধ কী আৱাজৰ সপ্তম বাৰ্ষিক অধিৱেশন এইবেলি ১৭ জুনত দিল্লীৰ দ্বাৰকা ছেক্টৰ-৭ৰ ক্ৰীয়েটিভ আনলক প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে গ্ল’বেল হিউমেন ৰাইটছ প্ৰটেকচন ফ’ৰামৰ উদ্যোগত অনুষ্ঠিত হৈ যায়। বুদ্ধ কী আৱাজৰ অন্যতম উদ্যোক্তা, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা গ্ল’বেল হিউমেন ৰাইটছ প্ৰটেকচন ফ’ৰামৰ ভাৰতৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষ কাশীৰাম গোবিন্দ পেইঠানেৰ পৌৰোহিত্যত “ভাৰতৰ সামাজিক সমতা তথা সপ্তম ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় অভিৱৰ্তন আৰু বঁটা প্ৰদান” শীৰ্ষক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গ্ল’বেল হিউমেন ৰাইটছ প্ৰটেকচন ফ’ৰামৰ প্ৰতিষ্ঠাপক মহানন্দ সৰকাৰ দত্ত আৰু আন্ত:ৰাষ্ট্ৰীয় সভাপতি অ’ বিৰমনি সিং। মহাৰাষ্ট্ৰৰ বিশিষ্ট চিকিৎসক তথা গ্ল’বেল হিউমেন ৰাইটছ প্ৰটেকচন ফ’ৰামৰ মহাৰাষ্ট্ৰ ৰাজ্যিক সঞ্চালক প্ৰকাশ ৰামভাও খানডাগলেই আঁত ধৰা উক্ত অনুষ্ঠানত গ্ল”বেল হিউমেন ৰাইটছ প্ৰটেকচন ফ’ৰামৰ নেপাল ৰাষ্ট্ৰীয় সভাপতি নৰেন্দ্ৰ পাছোৱান, কৰ্ণাটকৰ ৰাজ্যিক সভাপতি জি প্ৰতাপ, অধিবক্তা ৰাহুল সিঙে অতিথি হিচাপে অংশগ্ৰহণ কৰে। অসম, মহাৰাষ্ট্ৰ, কৰ্ণাটক, বিহাৰ, দিল্লী, কেৰালা, পশ্চিমবংগৰ লগতে ভাৰতৰ কেইবাখনো ৰাজ্যৰ লগতে নেপালৰ প্ৰতিনিধিয়েও উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত বিশিষ্ট লেখিকা, কবি, সমাজকৰ্মী মনীষা শৰ্মাক “মাতা ৰামাই আম্বেদকাৰ আন্ত:ৰাষ্ট্ৰীয় বঁটা” প্ৰদান কৰা হয়। উল্লেখ্য যে মনীষা শৰ্মাই ইয়াৰ পূৰ্বেও সমাজলৈ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা বৰঙনিৰ বাবে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। সাহিত্য চৰ্চা, সমাজ সেৱাৰ লগতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ চাকৰিতো সেৱা আগবঢ়াই গৈছে মনীষাই। মনীষাৰ সাফল্যত ৰাজ্যৰ বিভিন্নজন গুণী-জ্ঞানী লোকে শুভেচ্ছাৰে ওপচাই দিছে মনীষা শৰ্মাক। বঁটা প্ৰদান অনুষ্ঠানত মানৱ অধিকাৰ কৰ্মীৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ শতাধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত প্ৰায় ৩০ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান কৰা হয়।

You might also like