🔹 ৯২ শতাংশ নম্বৰেৰে শিক্ষানুষ্ঠানত শ্ৰেষ্ঠ স্থান দখল
নিয়মীয়া বাৰ্তা, ১১ মে’ : কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী পিয়লিখাটা গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ মনজিৎ ডেকা। মাতৃগৰ্ভৰ সাত মাহতে ভূমিষ্ঠ হোৱা শিশুটিয়ে মাত্ৰ দহ বছৰ বয়সতে মাতৃহাৰা হৈ পিতৃ কৃষ্ণ ডেকা আৰু তেওঁৰ পৰিয়ালৰ আন সদস্যৰ তত্ত্বাৱধানত অধ্যয়নত ব্ৰতী হৈ বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৬ শতাংশ নম্বৰ লাভ কৰে। একাগ্ৰতাৰে নিজৰ অধ্যয়ন আগবঢ়াই নিয়া মনজিতে অলপতে ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কলা শাখাত বাইহাটা চাৰিআলিৰ গেটোৱে একাডেমীৰ পৰা ৯২ শতাংশ নম্বৰ লাভ কৰি শিক্ষানুষ্ঠানখনত শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হয়। মনজিতৰ প্ৰাপ্ত নম্বৰৰ তালিকা এনে ধৰণৰ- ইংৰাজী ৮৯, অসমীয়া ৮৮, ভূগোল বিজ্ঞান ৯৯, ৰাজনীতি বিজ্ঞান ৯৭ আৰু বুৰঞ্জী বিষয়ত ৯০। এটা সাধাৰণ পজাঘৰৰ সন্তান মনজিতৰ লক্ষ্য ভৱিষ্যতে এজন সুদক্ষ প্ৰশাসনিক বিষয়া হোৱা। ছাত্ৰগৰাকীৰ এই অভূতপূৰ্ব সাফল্যত উৎফুল্লিত হৈ পৰে অঞ্চলবাসী।