নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘হেভী এমাউণ্ট’ লাগে মনোৰঞ্জন তালুকদাৰক

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ মাৰ্চঃ সৰভোগ সমষ্টিৰ চিপিআই (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰক লাগে ‘হেভী এমাউণ্ট’৷ জনৈক হর্ষ নামৰ ব্যক্তি এজনক টেলিফোনযোগে ‘হেভী এমাউণ্ট’ বিচাৰি কৰা বার্তালাপৰ ফোনটেপিং ইতিমধ্যে ভাইৰেল হৈ পৰিছে৷ টেলিফোনযোগে হোৱা এই বিস্ফোৰক বার্তালাপে ইতিমধ্যে ৰাজ্যজুৰি তুমুল আলোড়নৰ সৃষ্টি কৰিছে৷ বিধায়ক তালুকদাৰ আৰু হর্ষৰ মাজত হোৱা টেলিফোনিক বার্তালাপ এনেধৰণৰ–

📌 ‘ভাইৰেল অডিঅ’ টেপৰ কণ্ঠ মোৰ নহয়, মোৰ লগত ষড়যন্ত্ৰ হৈছে।’ 📌 ‘মই হৰ্ষৰ নামটো জানো, কিন্তু ব্যক্তিগতভাৱে চিনি নাপাওঁ।’ 📌হেভী এমাউণ্ট দাবীৰ ভাইৰেল অডিঅ’ টেপক লৈ প্ৰতিক্ৰিয়া সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ।

তালুকদাৰ : হর্ষ নেকি?
হর্ষ : হয়৷
তালুকদাৰ : মই মনোৰঞ্জন তালুকদাৰ৷
হর্ষ : কালি মই যোৰহাট গৈছিলোঁ, আহি আছোঁ, সেয়ে ফোন নুঠালোঁ৷
তালুকদাৰ : কথা হৈছে, মোৰ ইলেকচন নহয়…
হর্ষ : হয়, গম পাইছোঁ দাদা…
তালুকদাৰ : বিধানসভাৰ সময়, সেয়ে মই আপোনাক জুলুম কৰা নাই৷ এতিয়াতো এমএলএও মই…তথাপি মই জুলুম কৰা নাই একো৷
হর্ষ : হ’ব দিয়ক মই লগ কৰিম আপোনাক৷
তালুকদাৰ : লগ কৰিম মানে, মোক এটা হেভী এমাউণ্ট লাগে৷
হর্ষ : তথাপি মই সেই কৰি লওঁ, মোৰ পার্টনাৰ আছে না, লগকেইটা…
তালুকদাৰ : লগৰকেইটাৰ লগত কথা পাতক, মহন্তৰ লগত কথা পাতক৷ মহন্তক ক’ব যে মই কিবা এটা বিচাৰিছোঁ৷
হর্ষ : ঠিক আছে, হ’ব দিয়ক৷
তালুকদাৰ : কিন্তু দুই–একৰ কথা কোৱা নাই… এমাউণ্টটো বেছি হ’ব লাগিব দেই৷
হর্ষ : হ’ব দিয়ক, মই কথা পাতিম৷
তালুকদাৰ : জনাব হা, ঠিক আছে৷

মাকৈ খেতিৰে নতুন সম্ভাৱনাময় পথ দেখুৱালে ধুবুৰীৰ চাৰি কৃষকে

বিধায়ক তালুকদাৰ আৰু হর্ষৰ এই টেলিফোনিক বার্তালাপৰ পৰা এটা কথাই স্পষ্ট হৈছে যে আসন্ন বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি নির্বাচনী পুঁজি সংগ্রহৰ বাবেই যেন তালুকদাৰে ‘হেভী এমাউণ্ট’ বিচাৰিবলৈ আৰম্ভ কৰিছে৷ যাৰ বাবে তেওঁ দুই–একৰ কথা কোৱা নাই বুলিও বার্তালাপত উল্লেখ কৰিছে৷ সেই দুই–এক লাখ নে কোটিৰ ঘৰৰ সেয়াহে জানিব পৰা হোৱা নাই৷

You might also like