নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত মথাউৰিৰ কামত বিষয়াই সৰকালে মোটা অংকৰ কমিছন

নিয়মীয়া বাৰ্তা, ২৯ আগষ্ট : ৰাজ্যৰ জলসম্পদ বিভাগটোক অধিক কৰ্মদক্ষ্য কৰি তুলিবৰ বাবে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই দিন ৰাতি একাকাৰ কৰি থকাৰ সময়তেই শিৱসাগৰত মন্ত্ৰীৰ অজ্ঞাতেই মথাউৰি নিৰ্মাণৰ নামত চলিছে এখন বজাৰ ৷ এক মাত্ৰ দাবীকৃত কমিচনৰ অংশ লাভ নকৰাৰ বাবেই তিনিবছৰ ধৰি কাম সম্পুৰ্ণ হোৱাৰ প্ৰমাণ পত্ৰ প্ৰদাণ নকৰা এটা দুই কোটি টকীয়া মথাউৰিৰ পুণৰ নিৰ্মাণৰ নামত হঠাত ঠিকাদাৰ গৰাকীক কেইদিনমানৰ পুৰ্বে প্ৰমাণ পত্ৰ প্ৰদাণ কৰাক লৈ শিৱসাগৰত তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷কাম সম্পুৰ্ণ কৰা ঠিকাদাৰক দাবীকৃৰ্ত কমিচন লাভ নকৰাৰ বাবেই পেলাই থোৱা ফাইল অৱশেষত কমিচন লাভ কৰাৰ পিছতেই হঠাত প্ৰমাণ পত্ৰ সহ সকলো নথি সাজু কৰাৰ ঘটনাক লৈয়েই সৃষ্টি হৈছে এই চাঞ্চল্যৰ৷ উল্লেখ্য যে, শিৱসাগৰ জলসম্পদ সম্প্ৰতি একাংশ কনিষ্ঠ অভিযন্ত্ৰা, সহকাৰী অভিযন্ত্ৰা, সংমণ্ডল অভিযন্ত্ৰাৰ লগতে এগৰাকী শাখা সহায়ক মাৰফৎ মহৰীৰ বাবে লুন্ঠনৰ অভিকেন্দ্ৰত পৰিণত হৈছে ৷সুদীৰ্ঘ দিন ধৰি এবাৰো বদলি নোহোৱাকৈ শিৱসাগৰ জলসম্পদ বিভাগটোক পৈতৃক সম্পতিৰ দৰে ব্যৱহাৰ কৰি কমিচনৰ এখন বৃহত বজাৰ বহোৱাই লোৱা এই চক্ৰটোৰ শেহতীয়া লুন্ঠনৰাজে জনসাধাৰণৰ চকু কপালত তুলিছে ৷ পানী শুকোৱাৰ পিছত দিখৌৰ মঠাউৰিত মাটিৰ বস্তা জাপি লুন্ঠনৰ জাল পেলাই সংবাদ শিৰোনামা দখল কৰা শিৱসাগৰ জলসম্পদৰ কনিষ্ঠ অভিযন্ত্ৰা, সহকাৰী অভিযন্ত্ৰা, সংমণ্ডল অভিযন্ত্ৰাৰ লগতে এগৰাকী অইল ইণ্ডিয়াৰ চাকৰিৰ কেলেংকাৰীত জড়িত বিয়াগোম মহৰীৰ নেতৃত্বতেই সংঘটিত হোৱাৰ অভিযোগ উঠিছে এই বিয়াগোম কেলেংকাৰী ৷ বিশেষকৈ গৃহ জিলাৰে নিবাসী এগৰাকী সংমণ্ডল অভিযন্ত্ৰাই কেলেংকাৰীৰ মুখ বন্ধ কৰিবলৈ কেইগৰাকীমান দালালৰ সহযোগত ব্যাপত তৎপৰতা চলোৱাৰ ঘটনাই সাধাৰণ ৰাইজকো আচৰিত কৰি তুলিছে ৷স্মৰ্তব্য যে, শিৱসাগৰ বিধান সভা সমষ্টিৰ বগীদল পাচ আলি বিৰিঙানি চুক অঞ্চলত দিখৌৰ জৰাজীৰ্ণ মঠাউৰিৰ প্ৰায় দুশ মিটাৰ অংশ নিৰ্মাণৰ বাবে আজিৰ পৰা চাৰি বছৰৰ পুৰ্বেই দুই কোটি টকা আৱন্টন দিছিল ৷প্ৰাক কলনত উল্লেখিত স্বৰ্ত ভৰিৰে মোহাৰি নিৰ্জন অঞ্চলটোত নদীৰ বিপৰীত দিশৰ হাবিতলীয়া অঞ্চলটোৰ পৰা নাৱেৰে এইটো পাৰলৈ মাটি কঢ়িয়াই নিৰ্মাণ কৰিছিল মঠাউৰিটো ৷ঠিকাদাৰ গোষ্ঠীৰ অভিলেশ সংখ্যক লাভ হোৱা এই নিৰ্মাণ কাৰ্য্য সম্পাদন হোৱাৰ পিছতো ঠিকাদাৰ গোষ্ঠীয়ে লাভ কৰা নাছিল কাম সম্পুৰ্ণ কৰা প্ৰমাণ পত্ৰ ৷অভিযোগ অনুসৰি মঠাউৰিৰ দায়িত্বত থকা দুই বিষয়াৰ লগতে সেই সময়ৰ শাখা সহায়ক তথা বৰ্তমানৰ মহৰী ৰাজখোৱাই দাবী কৰিছিল বৃহত অংকৰ ধন ৷ কিন্তু ঠিকাদাৰ গোষ্ঠীয়ে এই দাবীকৃৰ্ত ধন আদায় দিবলৈ অপাৰগতা প্ৰকাশ কৰাত বিগত তিনিবছৰ ধৰি আৱদ্ধ কৰি ৰাখিল কাম সম্পাদন কৰাৰ প্ৰমাণ পত্ৰ ৷কিন্তু শেহতীয়াকৈ দাবীকৃৰ্ত কমিচন আদায় দিয়াৰ পিছতেই চক্ৰটোৱে প্ৰদাণ কৰে প্ৰমাণ পত্ৰ ৷জানিব পৰা মতে জলসম্পদৰ কমিচনৰ মাষ্টাৰ মাইণ্ড খ্যাত মহৰী ৰাজখোৱাই উপায়ুক্তৰ কাৰ্য্যালয়ৰ জনৈক বিষয়াৰ সৈতে গোপন বুজাবুজিৰ ভিত্তিত ভৰ বাৰিষাৰ সময়ত এগৰাকী দণ্ডাধীশৰ হতুৱাই মঠাউৰি পৰিদৰ্শন কৰাই সকলো নথি সাজু কৰি তুলে ৷আনহাতে অইল ইণ্ডিয়াৰ ভূৱা নিযুক্তিৰ মাষ্টাৰ মাইণ্ড এই গৰাকী মহৰীয়ে কৰ্তব্যস্থলী বিৰিঙানি চুকৰ দিখৌৰ মঠাউৰি এৰি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত দিনৰ দিনটো কি কৰে তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে ৷জলসম্পদৰ মেনেজ মাষ্টাৰ তথা কৰ্মক্ষেত্ৰৰ পৰিৱৰ্তে বিৰোধী ৰাজনৈতিক কাম- কাজত অধিক সময় অতিবাহিত কৰি থকা এই গৰাকী ৰাজখোৱা উপাধীৰ কমিচন মাষ্টৰৰ বিৰুদ্ধে আছে বিভাগক ফাকিঁ দি দীৰ্ঘ সময় ধৰি চৰকাৰী আৱাস দখল কৰি থকাৰ বিস্ফোৰক অভিযোগ ৷আনহাতেদি নাথ গগৈ নামৰ নামৰ সহকাৰী অভিযন্ত্ৰা গৰাকীৰ বিৰুদ্ধেও আছে দিখৌ মুখৰ ৰঘুবাৰীৰ বিয়াগোম কেলেংকাৰীৰ লগতে আন একাধিক অনিয়মৰ অভিযোগ ৷নিৰ্বাচনৰ সময়ত মাত্ৰ কেইদিনৰ বাবে জিলাখনৰ পৰা বদলি হোৱা দেখুৱাই পুণৰ শিৱসাগৰতেই থিতাপি লোৱা সহকাৰী অভিযন্ত্ৰা চক্ৰটোৱে গৃহ জিলাতেই চাকৰি কৰাৰ সুবাদতেই লুঠন- অনিয়মৰ বজাৰ খুলি লোৱাৰ দেধাৰ অভিযোগ আছে ৷বিশেষকৈ জলসম্পদক নিজৰ সুবিধা মতে ব্যৱহাৰ কৰা গৃহ জিলাৰ নিবাসী এই সহকাৰী অভিযন্ত্ৰা কেইগৰাকীৰ লগতে সংমণ্ডল অভিযন্ত্ৰা কেইগৰাকীয়ে কিদৰে বছৰ বছৰ জুৰি শিৱসাগৰৰ পৰা বদলি নোহোৱাকৈ থাকিব পাৰিছে সেইয়াহে এই মুহূত্বত লাখ টকীয়া প্ৰশ্ন হিচাবে বিবেচিত হৈছে ৷বিশেষকৈ বগীদলৰ কৰ্মস্থলী এৰি সাইলাখ ৰাজপত্ৰিত বিষয়াৰ আদৱ – কায়দাৰে উপায়ুক্তৰ কাৰ্য্যালয়ত বিভিন্ন কামৰ কমিচনৰ পোহাৰ মেলি থকা এই গৰাকী ৰাজখোৱা মহৰীৰ সকলো কাম কাজ আয়ুক্তৰ কাৰ্য্যালয়ৰ চি চি কেমেৰাত আৱদ্ধ হোৱাতো স্পষ্ট ৷ইফালে জলসম্পদ মন্ত্ৰীৰ নিৰ্দেশ ভৰিৰে মোহাৰি দিখৌ নদীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়ত দিচাংমুখৰ সমীপত এগৰাকী বিৰোধী নেতাৰ গৃহত সুৰা- মাংসৰ আদ্দাত অংশ গ্ৰহণ কৰাৰ ঘটনাইয়ো বন্যাতৰ মাজত সেই সময়ত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷ কিন্তু ইমানৰ পিছতো ৰাজ্য চৰকাৰৰ শূণ্য সহনশীল নীতিক ভৰিৰে মোহাৰি শিৱসাগৰ জলসম্পদক কাৰ্য্যত লুন্ঠনৰ অভিকেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ পিছতো কিয় এই চক্ৰটোৰ বিৰুদ্ধে তদন্ত অথবা শাস্তি মূলক বদলিৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷সচেতন মহলে চৰকাৰী কৰ্মচাৰীয়ে বিৰোধী ৰাজনৈতিক দলৰ সৈতে লেটি পেটি কৰা, দীৰ্ঘ সময় বদলি নোহোৱাকৈ গৃহ জিলাতেই কাৰ্য্যনিৰ্বাহ কৰা বিষয়া- কৰ্মচাৰীৰ বিৰুদ্ধে তাৎক্ষনিক ভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান ৷

You might also like