নিয়মীয়া বাৰ্তা, ৩১ আগষ্টঃ ভোট বৰ্জনেৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ টিপলাই বাসী ৰাইজৰ। এই মন্তব্য টিপলাই বাসী ৰাইজৰ। প্ৰতিবছৰে বাৰিষাৰ সময়ত যাতায়তৰ ক্ষেত্ৰত নৰক যন্ত্ৰণা ভোগ কৰিব লগা হ’য় বৃহত্তৰ টিপলাই অঞ্চলৰ গঞা। গোৱালপাৰা জিলাৰ পূৱ-প্ৰান্তৰ ৩৬ নং দুধনৈ (জনজাতি) বিধান সভা সমষ্টিৰ অন্তৰ্গত টিপলাই সমষ্টিটোৰ ভিতৰতে শৈক্ষিক, বৌদ্ধিক, সাহিত্য, সংস্কৃতিকে আদি কৰি সৰ্বত্ৰে আগবঢ়া এখন গাওঁ। কিন্তু ৰাজনৈতিক পাকচক্ৰত পৰি গাওঁখন উন্নয়নৰ দিশত বহু পিছপৰি থাকিব লগা হৈছে। বিধান সভা সমষ্টিটো অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত হোৱাৰ বাবে ১০০ শতাংশই অন্যান্য জনগোষ্ঠীৰ লোকৰ বাসস্থান টিপলাই অঞ্চলটো সদায় মাহীআইৰ দৃষ্টিৰে চাই আহিছে সমষ্টিটোৰ পৰা নিৰ্বাচিত হোৱা বিধায়ক সকলে, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ৰাজধানী স্বৰূপ দুধনৈ সমষ্টিত টিপলাই গাওঁখন ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সীমিত নপৰা বাবেও সদায় উন্নয়ন মুলক আচঁনিৰ পৰা বঞ্চিত হৈ আছে টিপলাই অঞ্চলটো। ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত টিপলাই অঞ্চলৰ ৰাইজে সমষ্টিটোৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত কুইন ওজাৰ মুখ খনেই দেখা নাই। যাৰ বাবে আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিছে টিপলাই বাসী সচেতন ৰাইজে। সমষ্টিটোৰ পৰা নিৰ্বাচিত বিধায়কৰ লগতে সাংসদৰো চকু নপৰা টিপলাই অঞ্চলৰ ৰাইজ একপ্ৰকাৰ নিৰাশ হৈ পৰিছে। গাঁও খনৰ এটাও গ্ৰাম্য পথ পকীকৰণ নকৰাত ক্ষোভিত হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। টিপলাই অঞ্চলৰ বহি :বিশ্বৰ লগত যোগাযোগৰ মুল পথ টিপলাই-সাৰাপাৰা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাহিৰে বাকী সংযোগী পথ সমুহ দীৰ্ঘদিনৰে পৰা মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে। এজাক বৰষুণ পৰাৰ পিছতে বোকাময় হৈ পৰা পথ সমূহেৰে যাতায়ত কৰাটো বিপদজনক হৈ পৰিছে। বিদ্যালয়লৈ চাইকেল চলাই অহাটো দুৰৰ কথা খোজকাঢ়ি অহিবলৈও চিন্তা কৰিব লাগে। বিদ্যালয়লৈ অহাৰ সময়ত বহু ছাত্ৰ ছাত্ৰী পিছলি পৰি বোকাত লুতুৰি পুতুৰি হৈ পুনৰ ঘৰলৈ উভতি আহিব লগা হয়। মুমুক্ষজনৰ চিকিৎসাৰ বাবে ১০৮ যোৱাটো অসম্ভৱ, যাৰ বাবে বহু সংখ্যক ৰোগীৰ লগতে পৰিয়ালৰ লোক নৰক যন্ত্ৰণাৰ সন্মুখীন হ’ব লগা হৈছে। সমষ্টিটোৰ ভিতৰতে উল্লেখযোগ্য গাওঁ হিচাপে চিহ্নিত টিপলাই অঞ্চলৰ জৰাজীৰ্ণ হৈ পৰা গ্ৰাম্য পথ সমুহ পকীকৰণ কৰাৰ বাবে সমষ্টিটোৰ পৰা জয়ী হোৱা প্ৰতিগৰাকী বিধায়ককে আহ্বান জনোৱাৰ পিছতো কোনো এজন বিধায়কে পথসমূহ পকীকৰণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ নকৰাত অঞ্চলবাসী ৰাইজ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। সমষ্টিটোৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা তথা টিপলাইৰ নিকটবৰ্তী ৰংজুলিৰ বিধায়ক মন্ত্ৰী জগৎ পাটগিৰি, মন্ত্ৰী অকন চন্দ্ৰ ৰাভাই গাওঁ খনৰ উল্লেখযোগ্য পথ সমুহ পকীকৰণৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ লগতে পৰবৰ্তী সময়ত সমষ্টিটোৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা প্ৰণয় ৰাভা, দেৱেন দৈমাৰী, শিৱচৰণ বসুমতাৰী, দীপক কুমাৰ ৰাভায়ো পথ সমুহ পকীকৰণ কৰাৰ প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে। এইবেলি সমষ্টিটোৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা যাদৱ স্বৰ্গীয়াৰীকো পথ সমুহ পকীকৰণ কৰাৰ বহু কেইবাৰ আৱেদন নিৱেদন জনোৱা হয় যদিও বৰ্তমানলৈ বিধায়ক গৰাকীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। এইক্ষেত্ৰত ৰাজ্যখনৰ মূখ্যমন্ত্ৰী লগতে লোক-নিৰ্মাণ বিভাগৰ দায়িত্বত থকা ড০ হিমন্ত বিশ্ব শৰ্মা, জিলা আয়ুক্ত খনীন্ৰ চৌধুৰী সংশ্লিষ্ট বিভাগৰ উচ্চপদস্থ বিষয়া সকলক টিপলাই অঞ্চলৰ জৰাজীৰ্ণ হৈ পৰা তথা ব্যস্ত পথ সমুহ যাতায়তৰ বাবে সুচল কৰি দিয়াৰ লগতে পকীকৰণ কৰাৰ বাবে দাবী জনাইছে।
প্ৰেৰক জ্যোতিষ নাথ