নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ কাৰ্যালয়ে কাৰ্যালয়ে সক্ৰিয় মাটিৰ দালাল চক্ৰ

নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাটিৰ দালাল বিৰোধী কঠোৰ স্থিতি স্বত্বেও ধুবুৰীৰ চক্ৰ বিষয়া আৰু জ্যেষ্ঠ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত মাটিৰ দালাল চক্ৰ সক্ৰীয় হৈ থকাৰ এক অভিযোগ উত্থাপিত হৈ থকা পোৱা গৈছে। উল্লেখ্য যে বিগত ২৫ আগষ্টৰ দিনা মাটি ক্ৰয়-বিক্ৰয়ৰ ভুৱা এনঅ’চি সংক্ৰান্তীয় এক অভিযোগৰ ভিত্তিত ধুবুৰীৰ জ্যেষ্ঠ উপ-পঞ্জীয়কৰ কাৰ্যালয় সুমন আহমেদ নামৰ এগৰাকী মহৰিক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। এই ঘটনাই ধুবুৰীৰ জেষ্ঠ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত জালিয়াতীৰে ভূয়া এনঅ’চি প্ৰস্তুত কৰাৰ সৈতে জড়িত এক বিশেষ চক্ৰ হৈ সক্ৰিয় থকাৰ দীৰ্ঘদিনীয়া সন্দেহক অধিক ঘনীভূত কৰি তোলা পোৱা গৈছে। ইপিনে বিগত বছৰৰ, অৰ্থাৎ ২০২২ বৰ্ষৰ আগষ্ট মাহতেই ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ ভূমি অধিগ্ৰহণৰ সময়ত উদ্দেশ্য প্ৰণোদিত ভাৱে খেলিমেলি কৰা হোৱাৰ এক অভিযোগৰ ভিত্তিত জিলাখনৰ তদানীন্তন চক্ৰ বিষয়া প্ৰয়াত সঞ্জু দাসে চলোৱা অনুসন্ধানত চাৰিটা দাগ নম্বৰৰ বিপৰীতে কেইবাটাও ভূয়া দলিল ব্যৱহাৰ কৰাৰ এক চাঞ্চল্যকৰ বিষয় উঠি আহিছিল। আনকি, ধুবুৰী জ্যেষ্ঠ-পঞ্জীয়কৰ কাৰ্যালয়লৈ সত্যতা নিৰূপণ কৰিবলৈ পঠিওৱা ২০ টা দলিলৰ ৮টা দলিলেই ভুৱা বুলি প্ৰতিষ্ঠিত হোৱা বুলি স্বয়ং তদানীন্তন চক্ৰ বিষয়াগৰাকীয়ে সদৰী কৰিছিল। ফলত স্বাভাৱিকভাবেই সমগ্ৰ বিষয়টো লৈ এক উচ্চস্তৰীয় তদন্তৰ পোষকতা কৰা পোৱা গৈছিল বহুতেই। পিছে দূৰ্ভাগ্যজনকভাৱে বিগত বছৰৰ ২৯ ছেপ্টেম্বৰৰ দিনা ধুবুৰী চহৰৰ সমীপৰ আয়ৰণ জংলা অঞ্চলৰ সমীপৰ বৰলুইতত হোৱা এক শোকাবহ নাওঁ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল স্বচ্ছ আৰু নিকা বিষয়া বুলি ৰাইজৰ মাজত সুনাম থকা কৰ্মদক্ষ সেই চক্ৰ বিষয়াগৰাকীয়ে। পিছে তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে, ধুবুৰীৰ তদানীন্তন চক্ৰ বিষয়া সঞ্জু দাসৰ অকাল মৃত্যুৰ আজি প্ৰায় এবছৰ উকলিবৰ হ’ল। কিন্তু ধবুৰী চিকিৎসা মহাবিদ্যালয়ৰ ভূমি অধিগ্ৰহণৰ সময়ত উদ্দেশ্য প্ৰণোদিত ভাৱে খেলিমেলি কৰা বুলি ২০২২ বৰ্ষতেই অনা সেই অভিযোগটোৰ অনুসন্ধান সম্পূৰ্ণ কৰা হ’ল নে নাই অথৱা সেই তদন্তত দোষী কোন সেয়া উঠি আহিল নে নাই সেয়া কিন্তু জানিব পৰা যোৱা নাই আজিলৈ। ইয়াতে উল্লেখনীয় এয়াও যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছত ২০২১ বৰ্ষৰ ২০ ছেপ্টেম্বৰৰ নিশাৰ পৰা ৰাজ্যজুৰি আৰম্ভ হোৱা মাটিৰ দালাল বিৰোধী অভিযানৰ সময়ত ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ২২ গৰাকীৰো অধিক হাই প্ৰফাইল মাটিৰ দালাল। অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পাই ধুবুৰীৰ ২/৩গৰাকী মান মাটিৰ দালাল চক্ৰৰ সৈতে জড়িত লোক আত্মগোপন কৰি গ্ৰেপ্তাৰ হোৱাৰ পৰা হাতসৰা বুলি ধুবুৰীৰ স্থানীয় ৰাইজৰ মাজত এতিয়াও শুনা যায় এক বুবা। এনে প্ৰেক্ষাপটত, ধুবুৰীত মাটিৰ দালাল চক্ৰ সক্ৰীয় হৈ থকা বুলি সময়ে সময়ে উত্থাপিত হৈ থকা অভিযোগৰ সত্যতা নিৰূপণ বাবে এক উচ্চস্তৰীয়, নিৰপেক্ষ তদন্তৰ প্ৰয়োজনীয়তা থকা বুলি উচ্চাৰিত হৈছে আৰু বিষয়টো লৈ মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰাটো কামনা কৰিছে বহুতেই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like