নিৰ্বাচনৰ পূৰ্বে বহু বিৰোধী নেতাই যোগদান কৰিব অগপত : অতুল বৰা
বিশেষ বাৰ্তা, ১৬ মাৰ্চঃ ‘আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ বহু লেখত ল’বলগীয়া নেতাই যোগদান কৰিব অগপত৷ নিৰ্বাচনৰ পূৰ্বে বহু পট পৰিৱৰ্তন হ’ব।’ আজি অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাই গোলাঘাটত সংবাদ মাধ্যমৰ আগত এনেদৰে কয়।বৰাই লগতে কয় যে ৰাজ্যৰ ১৪খন আসনতেই মিত্ৰজোঁটে জয়লাভ কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে। অসমৰ জনসাধাৰণে উন্নয়নৰ পক্ষত ভোটদান কৰিব বুলিও তেওঁ দৃঢ়তাৰে মন্তব্য কৰে। তেওঁ আৰু কয় বিৰোধী দল সমূহ কুলি চৰাই দৰে। কুলি চৰাই যেনেকৈ ব’হাগ বিহুৰ সময়ত দেখা ঠিক সেইদৰে কেৱল নিৰ্বাচনৰ সময়তহে ৰাইজৰ কাষলৈ যায় বিৰোধী দলসমূহ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে যথেষ্ট পট পৰিৱৰ্তনৰো তেওঁ লগতে ইংগিত দিয়ে। তেওঁ লগতে কয় বৰ্তমান অসমৰ জনসাধাৰণ উন্নয়নৰ পক্ষত আছে যাৰ বাবে বিৰোধী দলসমূহক ৰাইজে কেতিয়াও আস্থাত নলয়। অন্যহাতে বৰ্তমানৰ চৰকাৰখনৰ দিনত বিকাশৰ যাত্ৰা আৰম্ভ হোৱাৰ লগতে এক নৱজাগৰণৰ সৃষ্টি হৈছে যাৰ বাবে সকলোৱে চৰকাৰখনৰ পক্ষতেই ৰায় দিব বুলিও তেওঁ উল্লেখ কৰে ৷ ইফালে আব্দুল খালেকে অগপত যোগদান কৰিব নেকি বুলি সোধা প্ৰশ্নত সভাপতিগৰাকীয়ে বিষয়টোৰ পৰা ফালৰি কাটি আগন্তুক দিনত বৃহৎ পট পৰিৱৰ্তন হ’ব বুলিও উল্লেখ কৰে৷ আজি অগপৰ গোলাঘাট জিলা সমিতিৰ কাৰ্যালয়ত উপস্থিত হৈ অগপৰ সভাপতিগৰাকীয়ে জিলাখনৰ আটাইকেইটা সমষ্টিৰ কৰ্মীসকলৰ সৈতে এক দলীয় সভাত অংশ গ্ৰহণ কৰে৷ আগন্তুক নিৰ্বাচনত অগপৰ ৰণনীতি সম্পৰ্কত কৰ্মীসকলৰ লগত এক পৰ্যালোচনা বৈঠকত মিলিত হয় সভাপতিগৰাকী৷ সভাপতি বৰাই আগন্তুক লোকসভা নিৰ্বাচনত কাজিৰঙা সমষ্টিত কামাখ্যা প্ৰসাদ তাছাক বিপুল ভোটত জয়ী কৰিবলৈ কৰ্মীসকলক আহ্বান জনাই। মুঠতে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে যে ৰাজ্যৰ ৰাজনীতিত যে বৃহৎ পট পৰিৱৰ্তন হ’ব সেই কথা একপ্ৰকাৰ স্পষ্ট কৰিলে অগপৰ সভাপতিগৰাকীয়ে ৷ অগপ গোলাঘাট জিলা সমিতিৰ সভাপতি ডঃ নৃপেন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আৰু জিলা সমিতিৰ সাধাৰণ সম্পাদক আচিকুৰ ৰহমানে আঁত ধৰা সভাখনত অগপ কেন্দ্ৰীয় সমিতিৰ উপ- সভাপতি পৱন শইকীয়া, কেন্দ্ৰীয় কাৰ্যনিবাহক সদস্য মনোৱাৰ হুছেইনকে ধৰি জিলা সমিতিৰ বিষয়ববীয়া, সদস্য আৰু কেউটা ভ্ৰাতৃ, ভগ্নী সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত আছিল। আজিৰ সভাতেই কেইবাজনো যুৱ অধিবক্তাক অগপত যোগদান কৰে। সভাপতি বৰাই তেওঁলোকক দলীয় গামোচা পিন্ধাই দললৈ আদৰণি জনাই।
প্ৰেৰদ দিগন্ত কুমাৰ বৰা