বালিপৰাত জোনাক নিশা ৰাস চাবলৈ লোকাৰণ্য পৰিৱেশ
নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰ : শোণিতপুৰৰ বালিপৰাত বালিপৰা-চাৰিদুৱাৰ উন্নয়ন সমিতি আৰু বালিপৰা উন্নয়ন সমিতিৰ যৌথ উদ্যোগত ২৩ নৱেম্বৰৰপৰা দুদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ৰাস মহোৎসৱ কালি সফল সামৰণি পৰে। বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ৰাস মহোৎসৱৰ প্ৰথম দিনা শোণিতপুৰ জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে ৰাসৰ শুভ উদ্বোধন কৰে। নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই কংসৰ ভাৱত আকৰ্ষণীয় অভিনয় কৰি ৰাসপ্ৰেমী ৰাইজক আপ্লুত কৰে। বসুদেৱ দৈৱকীৰ দুৰ্দান্ত অভিনয়ো ৰাইজে উপভোগ কৰে। অসমৰ বিশিষ্ট সংগীতশিল্পী, শিৰোমণিখ্যাত মানস ভাগৱতীও অনুষ্ঠানত উপস্থিত হৈ হৰি নাম পৰিৱেশন কৰি অনুষ্ঠানৰ জেউতি চৰায়। কংসৰ ভাৱত পদ্ম হাজৰিকাৰ অভিনয় চাবলৈ তেখেতৰ মাতৃ,পত্নী, পুত্ৰ-কন্যাও ৰাসস্থলীত উপস্থিত হোৱা পৰিলক্ষিত হয়। সাংস্কৃতিক সম্পাদকদ্বয় ক্ৰমে ধ্ৰুৱজ্যোতি গগৈ আৰু প্ৰশান্ত হাজৰিকাই বলিষ্ঠ কণ্ঠৰে আঁত ধৰা ৰাস মহোৎসৱৰ দ্বিতীয়া দিনা (২৪ নৱেম্বৰ) অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে সুন্দৰ সাজ-সজ্জাৰে ৰাধাৰ ভাৱত শ্ৰীকৃষ্ণৰ সৈতে ৰাস কেলীৰ অভিনয় কৰি উপস্থিত ৰাসপ্ৰেমী ৰাইজক সন্মোহিত কৰে। উদযাপন সমিতিয়ে অভিনেত্ৰীগৰাকীক গামোছা, চেলেং, সৰুদৈয়া জাপিৰে বিশেষ সম্বৰ্ধনা জনায়। শংখচূড় অসুৰৰ দুৰ্দান্ত অভিনয়েও দৰ্শকক বেছ আমোদ দিয়ে। মাজুলীৰপৰা আমন্ত্ৰিত প্ৰশিক্ষক, কলা-কুশলীৰ ব্যৱস্থাপনাত অনুষ্ঠিত ৰাসত অঞ্চলটোৰ স্থানীয় শিল্পীসকলে কৃষ্ণ, ৰাধা, নন্দ ,যশোদা, শিশু কৃষ্ণ, শংখচূড় অসুৰ, গোপীনি ইত্যাদি বিভিন্ন ভাৱত নিজ নিজ চৰিত্ৰসমূহ সুন্দৰভাৱে উপস্থাপন কৰা পৰিলক্ষিত হয়। অনুষ্ঠানত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া ডাঃ ক্ষিৰোদ কমল হাজৰিকা, বালিপৰা-চাৰিদুৱাৰ উন্নয়ন সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে দেৱকান্ত শইকীয়া আৰু উৎপল দাস, ৰাস উদযাপন সমিতিৰ সভাপতি অৰুণ ভূঞা, মুখ্য সম্পাদক উত্তম পাটৰ, উপ-সভাপতিৰ ক্ৰমে কমল শইকীয়া, দুলেন কোচ, ৰাজনীশ শইকীয়া,ৰবিন তাঁতি, সম্পাদকমণ্ডলীৰ ক্ৰমে চাৰিদুৱাৰ জিলা পৰিষদ সদস্য কৃষ্ণ কোচ,ফণীন্দ্ৰ বৰা, সঞ্জীৱ নাথ, তেজেন্দ্ৰ দাস, উদমাৰী গাঁও পঞ্চায়তৰ সদ্যপ্ৰাক্তন সভানেত্ৰী ৰেখা বৰুৱা সেন ডেকা, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মহেশ শইকীয়া, যুৱ সমাজসেৱক দীপক দাসৰ লগতে সমূহ বিষয়ববীয়া, বালিপৰা, বালিগাঁও, উদমাৰীগাঁও, এৰাগাঁও, কমাৰীগাঁও, বোকাগাঁও, বামগাঁও, মোলানপুখুৰী, চাৰিদুৱাৰ, লোক্ৰা, ঢেকেৰী গাঁও, ভকতগাঁও, দীঘলী গাঁও, ফৰেষ্ট গেট, বগীজুলি, চেঙেলীমাৰী, ইত্যাদি সহস্ৰাধিক গাঁৱৰ কেইবা শতাধিক ৰাইজ উপস্থিত থাকি জোনাক নিশা ৰাস অনুষ্ঠান উপভোগ কৰে। উল্লেখ্য যে এইবেলি প্ৰথমবাৰৰ বাবে বালিপৰাত সংস্কৃতিনগৰী মাজুলীৰ আৰ্হিত ৰাস অনুষ্ঠান অনুষ্ঠিত হৈছে ।
প্ৰেৰক প্ৰাঞ্জল বৰা