ছয়গাঁও-বকোত ৰাস্তা-দলং বিচাৰি ৰাইজৰ হাহাকাৰ
নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ কামৰূপৰ ছয়গাঁও সমষ্টিৰ লাংখাৰ-ভেৰভেৰীৰ ৰাইজে একেলগে চৰকাৰৰ পৰা ৰাস্তা আৰু দলং বিচাৰি কুলচী নদীৰ পাৰত হাহাকাৰ কৰিছে। ইফালে বকো সমষ্টিৰ বকো বজাৰৰ নিচেই কাষৰ কালিয়াবড়ী গাঁৱৰ মাজেদি যোৱা পথটোও অতিকৈ শোচনীয়। আজি লাংখাৰ-ভেৰভেৰী গাঁৱৰ ৰাইজে অভিযোগ উত্থাপন কৰে যে দীৰ্ঘদিন ধৰি পথটো মেৰামতি তথা আধুনিকৰণ কৰি নিৰ্মাণ নকৰাত ৰাইজ ; স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু ৰোগীৰ অহা যোৱা কৰাত ভিষণ সমস্যা হৈছে। ইফালে দীৰ্ঘদিন ধৰি সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিনৰ হেমাহিৰ বাবে অতি ব্যস্ত তথা দৰকাৰী পথটো নিৰ্মাণ নহোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে। আজি ৰাইজে চৰকাৰক বাৰাম্বাৰ অনুৰোধ কৰি পথটো নিৰ্মাণ কৰি দিৱলৈ আহ্বান জনাইছে। এই অতি ব্যস্ত পথটো হৈছে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ঔগুৰী – উকিয়াম পথৰ পৰা বৰঘুলী হৈ কুলচী নদী পাৰ কৰি লাংখাৰ – ভেৰভেৰীলৈ যোৱা পথটো।
প্ৰেৰক বিষ্ণুৰাম দাস