নিয়মীয়া বাৰ্তা, ১৭ মে’ : শিক্ষা বিভাগত শেহতীয়া ভাৱে পুনৰ এক সমস্যাই দেখা দিয়া পৰিলক্ষিত হৈছে। চৰকাৰে শিক্ষা ব্যৱস্থা উন্নত কৰাৰ লক্ষৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি অহাৰ লগতে শিক্ষাৰ্থীক উৎসাহী- বিদ্যাগ্ৰহী কৰাৰ দিশত বিনামূলীয়া স্কুটী প্ৰদান, মাচুল বিহীন বিনামূলীয়া শিক্ষা, বিনামূলীয়া পাঠ্যপুথি যোগান, বিনামূলীয়া ইউনিফৰ্ম যোগান আদি প্ৰদান কৰি থকাৰ সময়তে ৰাজ্যৰ এক বৃহৎসংখ্যক চৰকাৰী শিক্ষানুষ্ঠান প্ৰধান শিক্ষক নোহোৱাকৈয়ে চলি আছে।
এনে অৱস্থাত বিদ্যালয় সমূহ পৰিচালনাত বহু সময়ত অসূবিধাৰ সৃষ্টি হৈ আহিছে। বিশেষকৈ বিদ্যালয় সমুহত প্ৰশাসনিক দিশত ভীষণ সমস্যাৰ সন্মুখীন হৈছে। স্থায়ী প্ৰধান শিক্ষক নোহোৱা বাবে বিদ্যালয় সমুহত প্ৰশাসনিক দিশত দুৰ্বল হৈ পৰা পৰিলক্ষিত হৈছে । নলবাৰীত জিলাৰো প্ৰায় অৰ্ধশতাধিক উচ্চতৰ মাধ্যমিক বিদ্যালয়,হাইস্কুল আৰু একাংশ জ্যেষ্ঠ উচ্চ মাধ্যমিক বিদ্যালয় , মাধ্যমিক বিদ্যালয় ভাৰপ্ৰাপ্ত বিদ্যালয় প্ৰধানেৰে বছৰৰ বছৰ ধৰি চলি থকাত বিভিন্ন অসুবিধাৰ সৃষ্টি হৈছে।
প্ৰধান শিক্ষকৰ চকীৰ অৰিয়া-অৰিৰ বাবে বহু সময়ত শিক্ষাৰ মানদণ্ডও অৱনমিত হৈছে।চৰকাৰৰ শিক্ষা বিভাগে সংশ্লিষ্ট শিক্ষানুষ্ঠান সমূহত পূৰ্ণ পৰ্যায়ৰ শিক্ষক,অধ্যক্ষ নিযুক্তি দিয়াৰ কাৰ্য্যব্যৱস্থা ইতিমধ্যে কেতিয়াবাই গ্ৰহণ কৰিছিল যদিও, আজিও পূৰ্ণ পৰ্য্যায়ৰ বিদ্যালয় প্ৰধান নোহোৱাকৈ চলি আছে জিলা খনৰ বহু সংখ্যক শিক্ষানুষ্ঠান।
আনহাতে এনে একাংশ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যক্ষৰ চকীখনক লৈ চলি থকা আইনী বিবাদৰ বাবে বিদ্যালয় সমূহৰ পৰিদৰ্শক(আই এছ) গৰাকীয়ে বিদ্যালয় প্ৰধানৰ দায়িত্ব চম্ভালিৱ লগীয়া হৈছে। উল্লেখ্য যে কিছুদিনৰ পিছৰ পৰা চৰকাৰী বিদ্যালয় সমুহত আৰম্ভ হব প্ৰথমটো গোট পৰীক্ষা।
ইপিনে এই পৰীক্ষাক লৈ কিছু কিছু বিদ্যালয়ত আভ্যান্তৰীণ অসূবিধাৰ সন্মুখীন হৈছে। একাংশ বিদ্যালয়ত আন্তঃগাঠনিৰ অভাৱে বিদ্যালয় কৰ্তৃপক্ষক অসূবিধাত পেলাইছে। নলবাৰী জিলা খনত খালী হৈ থকা শিক্ষানুষ্ঠান সমূহত পূৰ্ণ পৰ্যায়ৰ প্ৰধান শিক্ষক,অধ্যক্ষ নিযুক্ত দিবলৈ সচেতন অভিভাৱক -ৰাইজে চৰকাৰৰ শিক্ষা বিভাগক দাবী জনাইছে।
জিলাখনৰ ছাত্ৰ সংগঠন সমুহেও এইক্ষেত্ৰত দাবী দি আহিছে। স্থায়ী প্ৰধান শিক্ষক নোহোৱাকৈ বিদ্যালয় সমূহ চলি থাকিলে বহু সমস্যাৰ সন্মুখীন হব বুলি সচেতন ৰাইজে মন্তব্য কৰিছে । ৰাইজে এনে বিদ্যালয় সমুহত শীঘ্ৰেই স্থায়ী প্ৰধান শিক্ষক নিযুক্তিৰ দাবী জনাইছে। বিশেষকৈ অভিভাৱক সমাজে এই বিষয়টোক লৈ চিন্তিত হৈ পৰিছে।
প্ৰেৰক শ্বাহ আলম আহমেদ