নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৈঠালকুছিৰ গড়বেৰ অঞ্চলত মৰাপাগলদিয়াৰ সুঁতিৰ ভয়ংকৰ ৰূপ

🔹 গৰাখহনীয়াত জাহ যোৱাৰ উপক্ৰম বাসগৃহ-ৰাজহুৱা নামঘৰ

নিয়মীয়া বাৰ্তা, ৩০ জুন : নলবাৰী জিলাৰ নৱগঠিত টিহু বিধানসভা সমষ্টিৰ কৈঠালকুছিৰ গড়বেৰত মৰাপাগলদিয়া নৈৰ এটি সুঁতিয়ে লৈছে ভয়ংকৰ ৰূপ৷ বৰষুণৰ ফলত উফন্দি উঠা মৰাপাগলদিয়া নৈৰ পানী উক্ত সুঁতিটোৰে তীব্ৰ হাৰত সোমাই অহাত সুঁতিটোৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। গৰাখহনীয়াৰ ফলত ইতিমধ্যে সুঁতিটোৰ ওচৰত থকা বহু গছ-গছনি নিশ্চিহ্ন হৈছে৷ আনকি বৃহত্তৰ গড়বেৰ অঞ্চলৰ ৰাইজৰ উপাসনাৰ স্থলী সমূহীয়া নামঘৰৰ চৌহদত থকা প্ৰস্ৰাৱাগাৰ আৰু শৌচাগাৰটো খহনীয়াত জাহ গৈছে৷ লগতে তীব্ৰ খহনীয়াৰ বাবে অঞ্চলটোৰ সমূহীয়া নামঘৰটোৰ লগতে গড়বেৰ ভাতৃ সংঘৰ প্ৰতিও বৰ্তমান ভাবুকি আহিছে৷ ইয়াৰ উপৰি অঞ্চলটোৰ তিনিটা পৰিয়াল বৰ্তমান তীব্ৰ গৰাখহনীয়াৰ কবলত পৰিছে৷ ফলত পৰিয়ালকেইটিৰ সদস্যসকল আতংকিত হৈ পৰিছে৷ অঞ্চলটোৰ ৰাইজে গৰাখহনীয়াৰ কবলৰ পৰা পৰিয়ালকেইটিক ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছে৷ আনফালে, খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলটোক সুৰক্ষিত কৰিবলৈ স্থানীয় বিধায়ক তথা  মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ৰাইজে সজোৰে দাবী জনাইছে৷

প্ৰেৰক শৈলেন বৰ্মন

You might also like