নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্রাগছমুক্ত অসমৰ সংকল্পৰে শদিয়াৰ পৰা ধুবুৰীলৈ মাৰাথন দৌৰ বজালীৰ ধীৰাজৰ

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ এখন ড্রাগছমুক্ত অসম গঢ়াৰ সংকল্প আগত ৰাখি অসমৰ জনসাধাৰণক, বিশেষকৈ যুৱ প্ৰজন্মক এই ক্ষেত্ৰত সজাগ আৰু সচেতন কৰাৰ অভিপ্ৰায়েৰে বজালীৰ এজন যুৱকে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ প্রায় ৮০০ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰাৰ লক্ষ্যৰে আৰম্ভ কৰিছে আলট্রা মাৰাথন দৌৰ। ড্ৰাগছৰ কু প্ৰভাৱ সম্পৰ্কে আজিৰ প্ৰজন্মৰ মাজত সজাগতা সৃষ্টি কৰি এক দীঘলীয়া দৌৰৰ পৰিকল্পনা কৰা যুৱকজন হৈছে বজালী জিলা সদৰ পাঠশালাৰ সমীপৱৰ্তী বামখাটাৰ কেন্দুগুৰি গাঁও নিৱাসী কৰুনাকান্ত তালুকদাৰৰ পুত্ৰ ধীৰাজ তালুকদাৰ। উল্লেখ্য যে বামাখাটা-কেন্দুগুৰীৰ আৰ্থা সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান ইউনাইটেড ক্লাবৰ সক্ৰিয় সদস্য দৌৰবিদ ধীৰাজ তালুকদাৰে ২০১৭, ২০১৯ আৰু ২০২১ বৰ্ষত সুদূৰ মুম্বাইত অনুষ্ঠিত টাটা মাৰাথন দৌৰ প্রতিযোগিতাত অংশগ্ৰহণ কৰি দৌৰৰ ক্ষেত্ৰত বিশেষ অভিজ্ঞতা লাভ কৰি ইতিমধ্যে বজালীৰ ক্ৰীড়া ক্ষেত্ৰই গৌৰৱ কঢ়িয়াই আনিছে৷ ধীৰাজ তালুকদাৰে যোৱা ২০ জুলাইৰ বিয়লি ৫.৩০ বজাত অসমৰ শদিয়াৰ ড৹ ভূপেন হাজৰিকা সেতুৰ পৰা আলট্রা মাৰাথন দৌৰ আৰম্ভ কৰি আজি আবেলি প্ৰায় ৬ বজাত পাঠশালাত উপস্থিত হয়। পাঠশালাত উপস্থিত হোৱাৰ পিছতে ইউনাইটে ক্লাব আৰু তৰুণ সংঘই যুৱ দৌৰবিদগৰাকীক উষ্মভাৱে আদৰণি জনায়৷ ধীৰাজ তালুকদাৰে সংবাদ মাধ্যমক জনোৱা অনুসৰি, নিজ ঘৰৰ পৰা যাত্ৰা কৰাৰ মুহূৰ্তৰে পৰা তেওঁক সকলো ক্ষেত্রতে বিশেষভাৱে সহায়- সহযোগিতা আগবঢ়াই আহিছে সতীর্থ দুগৰাকী যুৱক নৱজিৎ কলিতা আৰু জয়ন্ত পাটগিৰীয়ে। দুই সতীৰ্থৰ সহযোগতে যাত্ৰা কৰি অহা ৩-৪ আগষ্টৰ ভিতৰত ধুবুৰী চহৰত উপস্থিত হোৱাৰ লক্ষ্য বান্ধি লোৱা হৈছে ধীৰাজে৷ দৌৰবিদগৰাকীৰ মতে, অসমৰ নৱ প্ৰজন্ম ড্ৰাগছ সেৱনৰ পৰা আঁতৰি আহিবই লাগিব। মানৱ দেহৰ বাবে অতি ক্ষতিকাৰক এই নিষিদ্ধ ড্ৰাগছৰ কবলত পৰি ইতিমধ্যে বহু যুৱক-যুৱতী ধ্বংসৰ মুখলৈ গতি কৰাৰ লগতে পাৰিবাৰিক কন্দলৰ সৃষ্টি হোৱাৰ ফলত বহু লোক অকালতে মৃত্যুৰ মুখত পৰিছে। গতিকে অসমৰ সকলো শ্ৰেণীৰ ৰাইজে চৰকাৰে গ্ৰহণ কৰা ড্ৰাগছ বিৰোধী আইন মানি চলি এখন ড্রাগমুক্ত অসম গঢ়াত সহযোগিতা আগবঢ়াবলৈ তেওঁ আহ্বান জনোৱাৰ লগতে দৌৰৰ দৰে বিভিন্ন শাৰিৰীক ব্যায়ামত নিয়োজিত হৈ এখন নিচা মুক্ত অসম গঢ়াত সকলোকে সহযোগী হবলৈ আহ্বান জনায়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like