বন্ধ হ’ব মার্ঘেৰিটাৰ ক’ল ইণ্ডিয়া
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ ১৩৭ বছৰ পুৰণি উত্তৰ–পূর্বাঞ্চলৰ একমাত্র কয়লা উদ্যোগ বন্ধ হোৱাৰ উপক্রম হোৱা খবৰে অসমৰ অর্থনৈতিক ক্ষেত্রলৈ দুঃসংবাদ কঢ়িয়াই আনিছে৷ ৰাজ্যৰ অন্যতম লাভজনক ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান উত্তৰ–পূব কয়লা ক্ষেত্রৰ ভৱিষ্যতক লৈ অনিশ্চয়তা নামি আহিছে৷ প্রতিষ্ঠানটোৰ কলকাতাস্থিত মুখ্য কার্যালয়ৰ পৰা শ্রমিক– কর্মচাৰীসকলক দেশৰ আন প্রান্তত থকা কয়লা ক্ষেত্রসমূহলৈ বদলিৰ বাবে আবেদন জনোৱাৰ নির্দেশক কেন্দ্র কৰিয়ে সৃষ্টি হৈছে এই অনিশ্চয়তা৷ হাহাকাৰ লাগিছে শ্রমিক–কর্মচাৰীসক্ মাজত৷
ইয়াৰ লগে লগে সমগ্র মার্ঘেৰিটা, লিডু, তিনিচুকীয়া, ডুমডুমা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ ৰাইজৰ মাজত সৃষ্টি হৈছে উৎকণ্ঠা৷ যিহেতু এই অঞ্চলসমূহৰ অর্থনীতি সম্পূর্ণ ৰূপত এই উদ্যোগটোৰ ওপৰত নির্ভৰশীল৷ উজনি অসমৰ অন্যতম ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানটোৰ উৎপাদন প্রক্রিয়া সাময়িকভাৱে অনির্দিষ্টকাললৈ বন্ধ কৰি দিয়া বুলি প্রতিষ্ঠানটোৰ মহাপ্রবন্ধকেNEC/GM/2020/34-1নং পত্রযোগে এক নির্দেশ জাৰি কৰিছে৷ একেখন নির্দেশ পত্রত ইতিমধ্যে উৎপাদন কৰি জমা ৰখা কয়লা সৰবৰাহৰ নির্দেশ দিয়া হৈছে৷ উত্তৰ–পূব কয়লা ক্ষেত্রৰ উৎপদান প্রক্রিয়া সাময়িকভাৱে অনির্দিষ্টকাললৈ বন্ধ কৰি দিয়া হ’ল৷ উল্লেখ্য যে কয়লা উদ্যোগটোৰ একমাত্র টিৰাপ কলিয়ৰীত উৎপাদন চলি আছিল৷
২০১৯ বর্ষৰ অক্টোবৰ মাহত টিকক কলিয়ৰী বন্ধ কৰি দিছিল অসম চৰকাৰৰ বন বিভাগে৷ এতিয়া উৎপাদনহীন হৈ পৰা উদ্যোগটো বন্ধ হৈ পৰাৰ সম্ভাৱনীয়তা এঢ়াপ আগবাঢ়িল৷ স্মর্তব্য যে বঙাইগাঁওস্থিত তাপ–বিদ্যুৎ প্রকল্পটোৰ আর্হি অসমৰ কয়লা ব্যৱহাৰৰ উপযোগীকৈ নির্মিত আৰু অসমৰ অধিকাংশ কয়লা বঙাইগাঁও তাপ–বিদ্যুৎ প্রকল্পত যোগান ধৰা হয়৷ বোকাজান চিমেণ্ট ফেক্টৰীটোও উত্তৰ–পূব কয়লাক্ষেত্রৰ কয়লাৰ ওপৰত সম্পূর্ণভাৱে নির্ভৰশীল হৈ আছে৷ অসমৰ একাংশ চাহ বাগিচা, ইটাভাতা আৰু অন্যান্য ক্ষুদ্র উদ্যোগসমূহ এই কয়লাৰ ওপৰত নির্ভৰশীল৷ উদ্যোগটোৰ বছৰি উপার্জন প্রায় ৪৫০ কোটি টকা, বছৰি প্রায় ১০০ কোটি টকা চৰকাৰী ৰাজহ আৰু অন্যান্য কৰৰ বাবদ আদায় দি আহিছে৷ লগতে বিৰগোলাইস্থিত ভি কে বি স্কুলত বছৰি ৩ কোটি আৰু মার্ঘেৰিটাস্থিত ক’ল ইণ্ডিয়াৰ কেন্দ্রীয় চিকিৎসালয়ত বছৰি কেইবাকোটি টকা ব্যয় কৰি আহিছে বুলি ক’ল ইণ্ডিয়াৰ সূত্রত প্রকাশ৷ ইয়াৰ উপৰি স্থানীয় এলেকা আৰু অসমৰ ভিন্ন প্রান্তত বছৰি প্রায় ১০ কোটি টকা সামাজিক দায়বদ্ধতা আঁচনি আৰু জনকল্যাণমূলক আঁচনিৰ অধীনত জনকল্যাণৰ বাবদ খৰচ কৰি আহিছে৷ ১২শ স্থায়ী আৰু ৩ হাজাৰ অস্থায়ী কর্মচাৰী নিয়োজিত হৈ থকা ক’ল ইণ্ডিয়া লিমিটেড যদি মার্ঘেৰিটাৰ পৰা বিলুপ্ত হয়, তেন্তে বিশেষকৈ অস্থায়ী শ্রমিক–কর্মচাৰীসক্ সম্পূর্ণৰূপে কর্মহীন হৈ পৰাৰ লগতে ইয়াৰ লগত পৰোক্ষ বা প্রত্যক্ষভাৱে জডিত হৈ থকা দোকান–পোহাৰ, উদ্যোগ–প্রতিষ্ঠানসম্ বন্ধ হৈ পৰিব৷ উত্তৰ–পূব কয়লাক্ষেত্র বন্ধ হোৱাৰ উপক্রম ঘটাৰ মূল কাৰণসমূহ আলোচনা কৰিলে দেখা যায় যে শেহতীয়াকৈ দিহিং পাটকাই অভয়াৰণ্যত কেন্দ্রীয় চৰকাৰে কয়লাৰ মুক্ত খননৰ বাবে ক’ল ইণ্ডিয়াৰ উত্তৰ–পূব কয়লাক্ষেত্রক অনুমতি প্রদান কৰিছে বুলি একাংশ অসমৰ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত প্রকাশ পোৱাৰ পাছৰে পৰা বিভিন্ন মাধ্যমত ব্যাপক প্রতিবাদ তথা চর্চা হোৱাৰ লগতে বিষয়টো আদলতৰ মজিয়া পায়গৈ৷
প্রকৃতিপ্রেমী সংগঠন নেচার্ছ বেকনৰ ধাৰাবাহিক আন্দোলনৰ ফলত ১৩ জুন, ২০০৪ তাৰিখে উজনি অসমৰ ডিব্রুগড আৰু তিনিচুকীয়া জিলাৰ জয়পুৰ, আপাৰ দিহিং আৰু ডিৰক বর্ষাৰণ্যৰ ১১১.১৯ বর্গকিলোমিটাৰ সামৰি দিহিং–পাটকাই অভয়াৰণ্য হিচাপে চৰকাৰে ৰাজপত্রযোগে ঘোষণা কৰিছিল৷ শেহতীয়াকৈ যি স্থানত কেন্দ্রীয় চৰকাৰে কয়লা খননৰ বাবে অনুমতি প্রদান কৰিছে বুলি চর্চা চলিছে, সেই সম্পর্কে ক’ল ইণ্ডিয়াৰ এক সূত্রৰ পৰা জানিব পৰা অনুসৰি উত্তৰ–পূব কয়লাক্ষেত্রৰ অধীনস্থ টিকক কলিয়ৰীৰ অনুমতিপ্রাপ্ত ক্ষেত্রৰ পৰিসৰ হ’ল ৪ বর্গকিলোমিটাৰ (৯৮.৫৯ হেক্টৰ)৷ এই ভূ–খণ্ড ইংৰাজ চৰকাৰৰ এ আৰ এণ্ড টি কোম্পানীৰ নামত তদানীন্তন চৰকাৰে ১৭–১২–১৮৯৭ আৰু ১০–১০–১৯৩২ তাৰিখে স্বত্বৰ অধিকাৰ প্রদান কৰিছিল৷ পৰৱর্তী সময়ত ভাৰত চৰকাৰৰ ৰাষ্ট্রীয়কৃত আইনৰ অধীনত কয়লা খনি ৰাষ্ট্রীয়কৰণ আইন, ১৯৭৩ অনুযায়ী ক’ল মাইনছ অথ’ৰিটী লিমিটেড গঠন কৰি পৰৱর্তী সময়ত ‘ক’ল ইণ্ডিয়া লিমিটেড’ গঠন হয় আৰু এ আৰ এণ্ড টি কোম্পানীৰ ভূ–খণ্ডৰ মালিকী স্বত্ত কেন্দ্রীয় চৰকাৰৰ নামত হস্তান্তৰ কৰা হয়৷ টিকক কলিয়ৰীৰ অধীনৰ ৪ বর্গকিলোমিটাৰ (৯৮.৫৯ হেক্টৰ) ভূ–খণ্ড মাইনিং কৰাৰ বাবে ১ মে’ ১৯৭৩ চনতেই ৩০ বছৰৰ বাবে ৩০ এপ্রিল ২০০৩ পর্যন্ত লীজত প্রদান কৰা হয়৷ লীজৰ ম্যাদ উকলাৰ পূর্বেই নৱীকৰণৰ বাবে ২০০২ চনতেই আবেদন দাখিল কৰা হয় আৰু এই অবেদনৰ ভিত্তিতMines & Mineral (Development &Regulation Act) 1957under rule8(3) অনুযায়ী লীজৰ অনুমোদন দিয়া হয়৷ আনহাতে, উক্ত এলেকাৰ পৰিৱেশ সম্পর্কীয় অনুমোদন পৰিৱেশ আৰু বন মন্ত্রালয়ৰ পৰা ক্রমিকZ11011/3/88-IA(M) Date15-09-1995তেই পোৱা হয় আৰুForest Clearanceৰ বাবে ২৮–১১–২০০৩ তাৰিখেই আবেদন দাখিল কৰা হয়৷ স্মর্তব্য যে ২০০৩ চনৰ পৰা দীর্ঘসময় ৰঙা ফিতাৰ মেৰপেঁচত সোমাই থাকি ২০০৩ চনৰ পৰা ২০১৯ চনলৈ এই ১৬ বছৰে পূর্বে অনুমতিপ্রাপ্ত অঞ্চলতে কয়লাৰ মুক্ত খনন চলাই গৈছিল ক’ল ইণ্ডিয়াই৷ এই সময়ছোৱাত অনুমতি নোহোৱাকৈ কয়লাৰ মুক্ত খনন কৰাৰ বাবে অসম চৰকাৰৰ বন বিভাগে কিছুদিন পূর্বে ক’ল ইণ্ডিয়াৰ ওপৰত ৪৩.২৫ কোটি টকাৰ জৰিমনা বিহে৷ শেহতীয়াকৈ চর্চা আৰম্ভ হোৱা দিহিং পাটকাই অভয়াৰণ্যত কয়লা খনন হ’ব বুলি যি সামাজিক মাধ্যমত চর্চা আৰম্ভ হৈছিল, সেয়া ৭ এপ্রিল, ২০২০ত কেন্দ্রীয় পৰিৱেশ আৰু বনমন্ত্রী প্রকাশ জাভাড়েকাৰে কৰা এটা টুইটৰ পাছৰে পৰা৷ সেই টুইটত তেওঁ কৈছিল দেশত নতুনকৈ ১১টা আন্তঃগাঁথনি সম্পর্কীয় প্রকল্পত ভিডি’ কনফাৰেঞ্চিঙৰ জৰিয়তে হোৱাNBWLৰ বৈঠকত অনুমোদন জনোৱা হৈছে৷ দিহিং পাটকাইৰ ভিতৰত কয়লা খননৰ প্রস্তাৱ অৱশ্যেNBWLৰ পূর্বৰ বৈঠকত নোলোৱা নহয়৷ বৈঠক নং ৫৪ত হোৱা আলোচনামর্মেNBWLৰ পৰা এজন বিশেষজ্ঞক প্রেৰণ কৰা হৈছিল অসমলৈ আৰু তেওঁ স্পষ্ট ভাষাৰে খনন চলোৱা উচিত নহ’ব বুলি প্রতিবেদন দিছিল বুলি সূত্রত প্রকাশ৷ আন এটা গুৰুত্বপূর্ণ দিশ হ’ল– জাভাড়েকাৰে নিজৰ টুইটত আন্তঃগাঁথনি সম্পর্কীয় প্রজেক্ট বুলিহে কৈছে আৰু কয়লা খনন কৰাটো আভিধানিক অর্থতে সেই শ্রেণীৰ প্রকল্পৰ ভিতৰত নপৰে৷
আনহাতে, দিহিং পাটকাই অভয়াৰণ্য অঞ্চলত কয়লা খনন কৰা হ’ব বুলি এইপর্যন্ত তেনে কোনো তথ্য–প্রমাণ আনুষ্ঠানিকভাৱে লাভ কৰিব পৰা হোৱা নাই৷ পাটকাই পাহাৰৰ এটা অংশ তিনিচুকীয়া জিলাৰ মার্ঘেৰিটা সমষ্টিৰ লেখাপানী থানাৰ অন্তর্গত প্রস্তাৱিত সংৰক্ষিত এলেকা PRF) শালিকী বা চালেকী নামৰ স্থানত উত্তৰ–পূব কয়লাক্ষেত্রই কয়ল খননৰ বাবে অনুমতি লাভ কৰিছে বুলি যি চর্চা হৈছে, সেই স্থানৰ পৰা দিহিং পাটকাই অভয়াৰণ্যৰ পূব সীমাৰ পৰা চালেকী ঠাইখনৰ ‘এৰিয়েল’ দূৰত্ব প্রায় ১০ কিলোমিটাৰ৷ বর্তমানে যিডোখৰ স্থানত কয়লাৰ মুক্ত খননৰ বাবে চৰকাৰে ক’ল ইণ্ডিয়াক অনুমোদন দিছে বুলি চর্চা আৰম্ভ হৈছে, সেই অঞ্চলত বর্তমানেও অবৈধভাৱে চোৰাং কয়লা সৰবৰাহ হৈ আছে৷ পার্থক্য কেৱল এতিয়া আদলতৰ ৰায়ৰ পাছত যদি আনুষ্ঠানিকভাৱে কেন্দ্রীয় চৰকাৰে ক’ল ইণ্ডিয়াক অনুমতি প্রদান কৰে, তেনে ক্ষেত্রত ক’ল ইণ্ডিয়াই বৃহৎ যন্ত্রপাতিৰ ব্যৱহাৰ কৰি উক্ত অঞ্চলত কয়লাৰ মুক্ত খনন আৰম্ভ কৰিলে ৰাজ্য তথা কেন্দ্রীয় চৰকাৰে ৰাজহ লাভ কৰিবলৈ সক্ষম হ’ব৷ সমগ্র বিষয়টো বির্তক আৰু আদালতৰ মজিয়াত যোৱাৰ ফলত উত্তৰ–পূব কয়লাক্ষেত্রই সাময়িকভাৱে বন্ধৰ দিশে আগবঢ়াত সমগ্র অসমৰ অর্থনৈতিক কাঠামোত কুঠাৰাঘাত পৰিব৷ ৰাজ্যখনৰ অন্যতম এটা গুৰুত্বপূর্ণ উদ্যোগ উত্তৰ–পূব কয়লাক্ষেত্র৷ ক’ল ইণ্ডিয়া লিমিটেডৰ অন্তর্ভুক্ত এই উদ্যোগটো ১৮৮৩ চনতে ব্রিটিছৰ শাসনতে প্রতিষ্ঠিত৷ এই উদ্যোগটো কেৱল ঐতিহাসিকে নহয়, ৰাজ্যখনৰ অর্থনীতিৰ বাবে যথেষ্ট গুৰুত্বপূর্ণ৷
ইয়াৰ লগতে অসমৰ পূব সীমান্তত অৱস্থিত বিভিন্ন জাতি–জনগোষ্ঠীৰ মিলনভূমি বৃহত্তৰ মার্ঘেৰিটা অঞ্চলৰ অর্থনৈতিক ভেটিৰ মেৰুদণ্ডস্বৰূপ৷ এনে এটা উদ্যোগ বন্ধ হৈ গ’লে বৃহত্তৰ মার্ঘেৰিটা অঞ্চলৰ লগতে সমগ্র ৰাজ্যখনতে কুপ্রভাৱ পৰিব৷ ইতিমধ্যেই মার্ঘেৰিটা সাংবাদিক সংস্থাৰ উপৰি ২০টাতকৈ অধিক জাতীয় দল–সংগঠন, শ্রমিক সংগঠনে উত্তৰ–পূব কয়লাক্ষেত্র বন্ধৰ প্রতিবাদত বিভিন্ন প্রতিবাদী কার্যসূচীৰ ৰূপায়ণৰ লগতে মুখ্যমন্ত্রী তথা প্রধানমন্ত্রীলৈ স্মাৰক–পত্র প্রেৰণ কৰিছে৷ উল্লেখ যে উত্তৰ–পূব কয়লাক্ষেত্রৰ অধীনস্থ মাইনিং কোম্পানীসমূহৰ কর্মৰত প্রায় ৩ হাজাৰ শ্রমিক–কর্মচাৰীয়ে জুন মাহৰ পৰা দৰমহাৰ পৰা বঞ্চিত হৈছে৷ দৰমহা আৰু কর্মসংস্থাপনহীন হৈ পৰাত তেওঁলোকৰ জীৱনলৈ চৰম ভাবুকি নামি আহিছে৷