নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি প্রেছ ক্লাবৰ উদ্যোগত সৰ্পদংশনৰ চিকিৎসা সম্পৰ্কীয় সজাগতা সভা

বিশেষ বাৰ্তা, ১ নৱেম্বৰঃ মৰিয়নি প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি প্ৰেছ ক্লাবৰ উদ্যোগত আৰু মৰিয়নি মহাবিদ্যালয়ৰ সহযোগত মৰিয়নি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি সৰ্পদংশনৰ চিকিৎসা সম্পৰ্কীয় এক সজাগতা সভা অনুষ্ঠিত হয় । বিশেষকৈ সাপে খুঁ‌টাৰ পিছত ল’ব লগা ব্যৱস্থা, চিকিৎসাৰ লগতে সাপ চিনাক্তকৰণৰ ওপৰত ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে এই সজাগতা সভাৰ আয়োজন কৰা হৈছিল । মৰিয়নি প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি দীপক দত্তই আঁতধৰা সভাখনত মৰিয়নি প্ৰেছ ক্লাৱৰ সভাপতি জীৱন চন্দ্ৰ দত্তই আদৰণি ভাষণ আগবঢ়ায়। সজাগতা সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি অসমৰ এগৰাকী বিশিষ্ট চিকিৎসক, এনাস্থেচিয়া বিশেষজ্ঞ, সৰ্প দৰ্শনৰ বিশেষজ্ঞ চিকিৎসক ডাঃ সুৰজিত গিৰি সর্প দংশনৰ ক্ষেত্ৰত ল’ব লগা চিকিৎসাৰ ওপৰত বিশদ বাখ্যা দাঙি ধৰে। তেওঁ‌ কয়- সৰ্প দংশন মানেই মৃত্যু নহয়। তাৰোপৰি সকলো সাপেই বিষাক্তও নহয়। সর্প দংশন কৰিলে তৎকালেই চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা কৰিব লাগে। প্ৰসংগক্ৰমে তেওঁ কয়- সাপে খোঁ‌টাৰ পিছত যিমান পাৰি সোনকালে চিকিৎসকৰ ওচৰলৈ নিব লাগে, বহু লোকে বেজ – কবিৰাজৰ কাষলৈ যায় যদিও সি কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰে। সেয়া সদায় বিপজ্জনক বুলিও তেওঁ উল্লেখ কৰে। সাপে খোঁ‌টাৰ পিছত প্ৰতিটো মুহূৰ্তই গুৰুত্বপূৰ্ণ হৈ পৰে। সেয়েহে সময় অকণো পলম নকৰি তেনে ব্যক্তিক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে। এই ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজক অধিক সচেতন হ’বলৈও তেওঁ লগতে আহ্বান জনায়। আনহাতে, বৰ্তমান প্ৰায় সকলো চৰকাৰী চিকিৎসালয়তে সৰ্প দংশনৰ চিকিৎসা কৰাৰ ব্যৱস্থা আছে বুলি উল্লেখ কৰি এই চিকিৎসা ব্যৱস্থা সম্পূৰ্ণ বিনামূলীয়া বুলি মন্তব্য কৰে । তাৰোপৰি দংশন কৰা সাপ বিধ বিষাক্ত হয়নে নহয় অথবা কিমান বিষাক্ত সেয়া চিকিৎসকে ধৰিব পাৰে আৰু সেই অনুসৰি চিকিৎসা কৰে বুলিও তেওঁ লগতে মন্তব্য কৰে। চৰকাৰী চিকিৎসালয়সমূহত বিশেষকৈ সামূহিক স্বাস্থ্য কেন্দ্ৰ, আদৰ্শ চিকিৎসালয় সমূহত সৰ্প দংশনৰ চিকিৎসা কৰা হয় বুলি মন্তব্য কৰি সেইক্ষেত্ৰত চিকিৎসা কৰ্মী আৰু স্বাস্থ্য কৰ্মীসকলকো আগবাঢ়ি আহিবলৈ তেওঁ আহ্বান জনায়। ডাঃ গিৰিয়ে কয় বিষাক্ত সৰ্পই দংশন কৰা লোকৰ সংখ্যা মাত্র ১৩. ৩৫ শতাংশ। তেওঁ কয় যে আমাৰ সমাজত চলি অহা কেতবোৰ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বাবে সৰ্পই দংশন কৰা বহু লোকৰ মৃত্যু হয়। একমাত্ৰ সজাগতাই সৰ্প দংশনত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস কৰিব পাৰিব বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তাৰোপৰি অহা ২০২৪ চনৰ ভিতৰত সৰ্প দংশনত মৃত্যুৰ সংখ্যা শূন্য কৰিব পাৰিব বুলিও বিশিষ্ট চিকিৎসকজনে দৃঢ়তাৰে মন্তব্য কৰে। তেওঁ বিষাক্ত সাপৰ প্রকাৰ, সর্প দংশন কৰিলে লব লগীয়া প্রাথমিক ব্যৱস্থা আদিৰ সম্পৰ্কে পুংখানুপুংখভাৱে বুজাই দিয়ে । ইয়াৰ পূৰ্বে সমল ব্যক্তি ডাঃ সুৰজিৎ গিৰিৰ পৰিচয় আগবঢ়ায় মৰিয়নি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড° সুগন্ধি দাসে । মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰেন গোৱালাই উদ্বোধন কৰা সজাগতা সভাখনত আৰম্ভণীতে ডাঃ সুৰজিত গিৰিক ফুলাম গামোচা, সঁ‌ফুৰা, ফুলৰ থোপা আদিৰে আদৰণি জনোৱা হয়। সভাখনত ৰজা ফেঁ‌টী সহ কেইবা সহস্ৰাধিক সাপ ধৰি বনাঞ্চলত মুকলি কৰি দিয়া, ‘সৰ্প বন্ধু’ হিচাপে খ্যাত মৰিয়নিৰ অনিল তাছাক প্ৰেছ ক্লাৱৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । জ্যেষ্ঠ সাংবাদিক দীপক দত্তই শলাগৰ শৰাই আগবঢ়োৱা সভাখনত সমল ব্যক্তি ডাঃ সুৰজিত গিৰিয়ে উপস্থিত ৰাইজৰ বিভিন্ন প্ৰশ্নৰো উত্তৰ দিয়ে । মৰিয়নি প্ৰেছ ক্লাৱৰ এনে সজতা অনুষ্ঠানৰ সকলোৱে শলাগ লয় । মনোগ্ৰাহী সভাখনত মৰিয়নিৰ বনাঞ্চলিক বিষয়া অনিমেষ কলিতা, মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিলোচন নাথ, সমাজকৰ্মী অশোক আগৰৱালা,পৰেশ হাতীমূৰীয়া, শিৱ ভগৱান আগৰৱালা, জীতেন কালন্দী, অনিল আগৰৱালা, বন বিষয়া বন্দন দুৱৰী, হোলোঙাপাৰ নেচাৰ্ছ চ’চাইটীৰ সম্পাদক মুকিব জামাল আহমেদ, মৰিয়নি মহাবিদ্যালয়ৰ উপাধ্যক্ষ লাচিত গগৈ, অধ্যাপক ৰূপেশ্বৰ সোনোৱাল, দেৱাশিষ দত্ত, অধ্যাপিকা অৰ্চনা শইকীয়া, মিনতি বৰঠাকুৰ, ড° বাণী বৰা, ড° মানৱী গগৈ, ড° চিন্ময়ী বৰপূজাৰী, পল্লৱী কলিতা, শিক্ষক চহন কানু, মৰিয়নি ই মিডিয়াৰ সম্পাদক প্ৰাঞ্জল পাওগাম, মৰিয়নিৰ জ্যেষ্ঠ সংবাদকৰ্মী কৈলাশ বিহানী, ৰমেশ আগৰৱালা, সীমান্ত প্ৰতীম বর্মণ, ৰঞ্জিত বৰা, জুন্টু তাঁতী, ৰাজীৱ কৰ্মকাৰ, আদিত্য নন্দন কোঁচ, সপোন ৰহমান শইকীয়া, গৌৰৱ চুতীয়া, চাজিদুৰ ৰহমান , কৃষ্ণ শর্মা, বীৰেণ তাঁতী আদিৰ লগতে মৰিয়নি মহাবিদ্যালয়ৰ অধ্যাপক- অধ্যাপিকা আৰু ছাত্ৰ- ছাত্ৰী সকল উপস্থিত থাকে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like