নিয়মীয়া বাৰ্তা ২ জুলাইঃ মৰিগাঁও জিলাৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান শব্দ কল্পই জিলাখনৰ শৈক্ষিক,সামাজিক,সাহিত্য, শিল্প আদি কৰি বিভিন্ন ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়াই অহা বিশিষ্ট ব্যক্তি সকলৰ জীৱনৰ বিয়লি বেলাত উৎসাহ আৰু প্ৰেৰণা যোগোৱা উদ্দেশ্যৰে ৭০ বছৰ অতিক্ৰম কৰা লোক সকলক ওপজা দিনৰ ওলগ জনাই এক ব্যতিক্ৰমী কাৰ্যসূচীয়ে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। জিলাখনৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানটোৱে গ্ৰহন কৰি অহা এই কাৰ্যসূচীৰ অংশ হিচাপে কালি আৰু আজি জিলাখনৰ দুজন শৈক্ষিক আৰু সামাজিক অনুষ্ঠানৰ প্ৰতিষ্ঠাপক তথা শিক্ষাবিদক ওপজা দিনৰ ওলগ জনাই। কালি ৯০ বছৰৰ উৰ্ধ মৰিগাঁও নগৰৰ সমীপৰৱতী নটুৱাগাঁৱৰ দয়াৰাম নাথৰ বাসগৃহত সামাজিক দূৰত্ব বৰ্তাই ৰাখি ওপজা দিনৰ ওলগ জনাই শব্দ কল্পৰ কৰ্মকৰ্তা সকলে। মৰিগাঁও মজলীয়া বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক,মজলীয়া বিদ্যালয় শিক্ষক সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক,নটুৱাগাঁও গাঁও উন্নয়ন সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদককে আদি কৰি বিভিন্ন সামাজিক আৰু শৈক্ষিক অনুষ্ঠান গঢ় দি মৰিগাঁৱৰ সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা সমাজকৰ্মী দয়াৰাম নাথৰ সু-স্বাস্থ্য কামনা কৰি এক অনুষ্ঠান অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰে।শব্দ কল্পৰ সভাপতি লক্ষ্যজ্যোতি নাথে আঁত ধৰা অনুষ্ঠানটোত দয়াৰাম নাথৰ কৰ্মময় জীৱনৰ ওপৰত আলোকপাত কৰে শব্দ কল্পৰ উপদেষ্টা বিৰিঞ্চি কুমাৰ শৰ্মাই।একেদৰে মৰিগাঁও নগৰৰ শংকৰদেৱ নগৰৰ বাসিন্দা তথা চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধক্ষ্য পদ্মকান্ত নাথৰো আজি ওপজা দিনৰ ওলগ জনাই শব্দ কল্পই।
চৰাইবাহী অঞ্চলত এক শৈক্ষিক জাগৰণ সৃষ্টি কৰা অৱসৰপ্ৰাপ্ত অধক্ষ্য পদ্মকান্ত নাথে চৰাইবাহী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক,চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰতিস্থাপক সম্পাদক,শ্বহীদ তিলক ডেকা ইংলিছ একাডেমিৰ প্ৰতিষ্ঠাপক সম্পাদক,চৰাইবাহী শাখা সাহিত্য সভাৰ প্ৰতিস্থাপক সম্পাদককে আদি কৰি চৰাইবাহী অঞ্চলৰ বিভিন্ন শৈক্ষিক আৰু সামাজিক অনুষ্ঠানৰ গঢ় দিওঁতা আছিল নাথ । চৰাইবাহী অঞ্চলৰ বট বৃক্ষ স্বৰূপ পদ্মকান্ত নাথৰ ৭২ বছৰ জন্ম দিনৰ লগত সংগতি ৰাখি নাথৰ শংকৰদেৱে নগৰস্থিত বাসগৃহত সামাজিক দূৰত্ব বৰ্তাই ৰাখি এক অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয় এক অনুষ্ঠান।শব্দ কল্পৰ সম্পাদক হিতেশ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত উপদেষ্ট বিৰিঞ্চি কুমাৰ শৰ্মাই নাথৰ কৰ্মময় জীৱনৰ ওপৰত আলোকপাত কৰাৰ লগতে মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সম্পাদক জিতুমনি নাথেও এক চমু বক্তব্য দাঙি ধৰে।শব্দ কল্পৰ ভাৰপ্ৰাপ্ত সভাপতি দেবেন দাস,মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি জগদীশ নাথ,সহায়ৰ উপদেষ্টা ৰাজু মহন্ত,কৃষক সংঘৰ সম্পাদক তুলসী ডেকা,মিডিয়া ক্লাৱৰ সভাপতি ৰাতুল ডেকাকে আদি কৰি স্থানীয় কেইবাজনো বয়োজ্যেষ্ঠ ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।