মৰিগাঁওত ভাৰতীয় জনতা যুৱ মৰ্চা আৰু মাই গভ অসম ৰ উদ্যোগত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ
নিয়মীয়া বাৰ্তা ১৪ মেঃ আজি মৰিগাঁৱত মাই গভ অসম আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত নগৰখনৰ সাংবাদিক, আৰক্ষী-প্ৰশাসন আৰু সমাজসেৱী সংগঠনৰ মাজত হেণ্ড ছেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰা হয়। ভাৰতীয় জনতা পাৰ্টি ৰ মৰিগাঁও নগৰ মণ্ডলৰ সভাপতি হেমেন ডেকাৰ নেতৃত্বত কেইবাগৰাকী উদমী যুৱ মৰ্চাৰ কৰ্মী ক্ৰমে হিমাংশু কলিতা , নিতু বৰা , ৰাজা দত্ত, পৱন কুন্ডু , ঋষিকেশ লৰ আদিয়ে মৰিগাঁও ৰ সংবাদকৰ্মী তথা আৰক্ষী আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ব্যক্তি সকলক মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে।