নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহস্পতিবাৰে সন্ধিয়া হোটেলৰ পৰা ঘৰলৈ যাব পাৰিব জুবিন গাৰ্গঃ ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৪ মে’ :  সুখবৰ । যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু পত্নী গৰিমা গাৰ্গসহ ৪ জনৰে দেহত নাই ক’ৰোনা ভাইৰাছ । আজি স্বাস্থ্য পৰীক্ষাৰ পাছত তেওঁলোক আটাইৰে ক’ৰোনা ফলাফল নিগেটিভ পোৱা গৈছে ।

ইপিনে আজি মহানগৰীৰ হোটেল ৰেডিছন ব্লু’ত উপস্থিত হৈ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰেণ্টাইনত থকা জুবিন গাৰ্গ, পত্নী আৰু দুগৰাকী সতীৰ্থক সন্ধিয়াৰ সময়লৈ নিজ গৃহলৈ যাব পাৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।

উল্লেখ্য যে দুটা মাহৰ এক দীঘলীয়া বিৰতিৰ পাছত ১১ মে’, মঙলবাাৰে পুৱতি নিশা প্ৰায় ২.৩০ মিনিটত পত্নী আৰু দুগৰাকী সতীৰ্থৰ সৈতে সৰুসজাইত উপস্থিত হৈছিলহি অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গ । ইয়াৰ পিছতে হোটেল ৰেডিছন ব্লু’ত কোৱাৰেণ্টাইনত ৰখা হৈছিল জুবিন গাৰ্গসহ আটাইকে।

You might also like