নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি পৌৰসভাৰ সংবাদ মেলঃ পৌৰ কৰ বৃদ্ধিৰে নাগৰিক মাধমাৰ দিবলৈ সাজু

বিশেষ বাৰ্তা, ২৪ আগষ্টঃ চৰকাৰে জনসাধাৰণৰ ওপৰত ইটোৰ পিছত সিটো কৰৰ বোজা জাপি দি জুৰুলা কৰাৰ পিছত এইবাৰ নগৰৰ বাসিন্দাসকললৈ হাতোৰা মেলিছে চৰকাৰে। এইবাৰ পৌৰ কৰ বৃদ্ধিৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ। প্ৰতিখন নগৰৰ বাসিন্দাই এইবাৰ পূৰ্বতকৈ কেবাগুণ অধিক পৌৰকৰ দিবলৈ সাজু হ’ব লাগিব। ইতিমধ্যে ৰাজ্যৰ পৌৰসভা সমূহৰ যোগেদি তাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি পেলাইছে ৰাজ্য চৰকাৰে। ইতিমধ্যেই নগৰাঞ্চলৰ প্ৰতিটো ঘৰ, মাটিৰ তথ্য সংগ্ৰহ অভিযান পৌৰসভাই আৰম্ভ কৰিছে। আজি মৰিয়নি পৌৰসভাৰ কাৰ্য্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত এই সম্পৰ্কে পৌৰসভাৰ বিষয়ববীয়াসকলে অৱগত কৰে। মৰিয়নি পৌৰসভাৰ পৌৰপতিৰ কাৰ্য্যালয়ত অনুষ্ঠিত সংবাদ মেলত পৌৰপতি বিশ্বপ্ৰভা শইকীয়া, উপ-পৌৰপতি প্ৰদীপ দাস আৰু কাৰ্য্যবাহী বিষয়া ডাঃ বিশ্বজিত বৰাই অৱগত কৰে যে, মৰিয়নি নগৰৰ ১০ টা ৱাৰ্ডৰ লগতে ৰে’লৱে আৱাসিক ক’লোনী, চৰকাৰী – বেচৰকাৰী কাৰ্য্যালয়, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আদি সকলোৱেই তেওঁলোকৰ মাটি আৰু ঘৰ দুৱাৰৰ তথ্য লিখিত ৰূপত পৌৰসভাক জমা দিব লাগিব। ইয়াৰ বাবে অন লাইন আৰু অফ লাইন ব্যৱস্থা কৰা হৈছে । অন লাইন ব্যৱস্থাত ‘Property tax assam’ নামৰ এপটো গুগল প্লে’ ষ্ট’ৰৰ পৰা ডাউনলোড কৰি ঘৰ দুৱাৰৰ সবিশেষ তথ্য এপছটোত আপলোড কৰিব লাগিব । আনহাতে, অফ লাইন ব্যৱস্থাত মৰিয়নি পৌৰসভাই এখন প্ৰ-পত্ৰৰ ব্যৱস্থা কৰিছে আৰু সেইখন ভৰ্তি কৰি পৌৰসভাৰ কাৰ্য্যালয়ত জমা দিব লাগিব। উল্লেখযোগ্য যে, এই এপ্ অথবা প্ৰ-পত্ৰত ঘৰৰ গৰাকীয়ে নাম ঠিকনাৰ ওপৰিও বিদ্যুৎ উপভোক্তাৰ নম্বৰ, পথ উপ-পথৰ নাম, আৰ চি চি – অসম আৰ্হি নে বাঁহ খেৰৰ ঘৰ আদি স্পষ্টকৈ উল্লেখ কৰিব লাগিব। তাৰোপৰি ঘৰটো আৱাস গৃহ হিচাপে, নে বানিজ্যিক ভৱন হিচাপে নে ভাড়াঘৰ হিচাপে ব্যৱহাৰ কৰা হয় সেই বিষয়েও উল্লেখ কৰিব লাগিব । তাতকৈও লক্ষণীয় যে, ঘৰটোৰ মুঠ কোঠা কেইটা আৰু সেই কোঠা কেইটা কি কি কামত ব্যৱহাৰ কৰা হৈছে যেনে শোৱনি কোঠা, বাৰাণ্ডা, ড্ৰ’য়িং ৰূম, গেৰেজ আদিৰ বিষয়েও স্পষ্টকৈ উল্লেখ কৰিব লাগিব। কেৱল শোচাগাৰ- স্নানাগাৰ আৰু গোসাঁই ঘৰ বা মন্দিৰ হিচাপে ব্যৱহাৰ হোৱা কোঠাকহে ৰেহাই দিয়া হ’ব। অৰ্থাৎ ঘৰটোৰ কোঠা অনুযায়ী কৰ লগাবলৈ সাজু হৈছে চৰকাৰ। আনহাতে, মাটিৰ পৰিমাণ, মাটিৰ দাগ নম্বৰ, পট্টাৰ নম্বৰ আদিও উল্লেখ কৰিব লাগিব। মূলতঃ প্ৰাৰম্ভিক পৰ্য্যায়ত এইয়া হ’ব গৰাকীৰ স্ব-নিৰ্দ্ধাৰণ ব্যৱস্থা। তাৰ পিছতে পৌৰসভাই নিযুক্তি দিয়া স্বেচ্ছাসেৱক ঘৰে ঘৰে যাব সেই তথ্যৰ সত্যতা নিৰূপণ কৰিবলৈ। ইফালে, এই ব্যৱস্থাৰ সৈতেও আধাৰ নম্বৰ সংযোজিত হ’ব বুলি সংবাদ মেল যিগে বিষয়াসকলে জানিবলৈ দিয়ে। সেই তথ্য পৰৱৰ্তী সময়ত ডিজিটেল মাধ্যমেৰে সংৰক্ষণ কৰা হ’ব আৰু তাৰ ওপৰত ভিত্তি কৰিয়েই পৌৰসভাৰ আগন্তুক নতুন কৰ নিৰূপণ হ’ব। লক্ষণীয় যে, বৰ্তমান সকলোৱেই সমান পৰিমাণৰ কৰ আদায় দিব লাগে যদিও নতুন ব্যৱস্থাৰ পিছত প্ৰতিঘৰ মানুহৰ কৰৰ পৰিমাণ বেলেগ বেলেগ হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিল। বৰ্তমান মৰিয়নি পৌৰসভাই বাঁহৰ ঘৰৰ বাবদ ২৫০ টকা, অসম আৰ্হিৰ ঘৰৰ ৩২০ টকা আৰু আৰ চি চি ঘৰৰ প্ৰতিটো মহলাত ৪২০ টকাকৈ বাৰ্ষিক কৰ ধাৰ্য্য কৰা আছে। কিন্তু নতুন ব্যৱস্থাৰ ফলত এই কৰৰ পৰিমান কেবাগুণলৈও বৃদ্ধি পাৱ সেয়া এক প্ৰকাৰ নিশ্চিত। চৰকাৰৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমতে আৰম্ভ হোৱা এই সম্পত্তিৰ পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়াত মৰিয়নি নগৰৰ সকলো নাগৰিকৰে সহযোগিতা তেওঁলোকে কামনা কৰে। ইতিমধ্যে মৰিয়নি নগৰৰ ৬টা পথ মুখ্য ঘাই পথ আৰু ৯টা পথ ঘাই পথ হিচাপে চিহ্নিত কৰি তাক ঘোষনা কৰিছে বুলিও সংবাদ মেলত তেওঁলোকে জানিবলৈ দিয়ে। এই সমগ্ৰ প্ৰক্ৰিয়া পৰিচালনাৰ বাবে তিতাবৰ মহকুমাৰ মহকুমাধিপতিক সভাপতি, মৰিয়নি পৌৰসভাৰ উপ- পৌৰপতিক সদস্য সচিৱ আৰু মৰিয়নি পৌৰসভাৰ পৌৰপতি, মৰিয়নিৰ ৰাজহ চক্ৰ বিষয়া, সহকাৰী কাৰ্য্যবাহী অভিযন্তা (লোক নিৰ্মাণ বিভাগ), তিতাবৰ মহকুমাৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা (লোক নিৰ্মাণ বিভাগ-গৃহ), যোৰহাটৰ নগৰ উন্নয়ন আৰু পৰিকল্পনা বিভাগৰ সহকাৰী সঞ্চালক সদস্য হিচাপে লৈ এখন সমিতি গঠন কৰা হৈছে। আনহাতে, মৰিয়নি পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া এই সমিতিৰ বিশেষ আমন্ত্ৰিত সদস্য হিচাপে অন্তৰ্ভুক্ত হৈ থাকিব। আজিৰ সংবাদ মেলত মৰিয়নি পৌৰসভাৰ ৱাৰ্ড সদস্য ৰঞ্জুশ্ৰী দাস, কাজল ভট্টাচাৰ্য্য, পিকলু ৰয় আদিও উপস্থিত থাকে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like