নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰ নির্বিকাৰঃ নকমিবই নেকি পাচলিৰ দাম?

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ: ক’ভিড মহামাৰীৰ বাবে ঘোষণা কৰা দীঘলীয়া লকডাউন, কঠোৰ নীতি–নির্দেশনাই বিপর্যস্ত কৰা ৰাজ্যবাসীৰ মাজত ৰাম–টাঙোন শোধাইছে মূল্যবৃদ্ধিয়ে৷ অত্যাৱশ্যকীয় খাদ্য–সামগ্রীৰ পৰা শাক–পাচলিলৈকে, মাছ–মাংসৰ পৰা কাপোৰ–কানিলৈকে, জীৱনদায়িনী ঔষধৰ পৰা ঘৰ বন্ধাত ব্যৱহূত সামগ্রীলৈকে সকলোতে এতিয়া মূল্যবৃদ্ধিৰ জুই৷ প্রতিদিনে হোৱা মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক কোঙা কৰি তোলাৰ সময়তে ৰাজ্য চৰকাৰৰ নির্বিকাৰ ভূমিকাই সকলোৰে মনত এটাই প্রশ্ণৰ উদয় কৰিছে– বজাৰত দাম আৰু নকমিবই নেকি?

বিৰোধীৰ প্রতিবাদ, দল–সংগঠনৰ প্রতিক্রিয়া তথা খাটিখোৱা সাধাৰণ ৰাইজৰ বাৰম্বাৰ আহ্বান এতিয়াও যেন কাণত পৰা নাই ৰজাঘৰীয়াৰ৷ উপ–নির্বাচনক লৈ শাসক–বিৰোধী সকলো ব্যস্ত হৈ থকাৰ সময়তে একাংশ অসাধু ব্যৱসায়ীয়ে বৃদ্ধি কৰিয়েই আছে খাদ্য–সামগ্রীৰ মূল্য৷ যাৰ প্রত্যক্ষ প্রভাৱ পৰিলক্ষিত হৈছে ৰাজ্যৰ সাধাৰণ ৰাইজৰ ওপৰত৷ সপ্তাহৰ মূৰত বজাৰলৈ ঘৰুৱা নিত্য ব্যৱহার্য সামগ্রী ক্রয় কৰিবলৈ মোনাখন হাতত লৈ যাবলৈও ভয় কৰা হৈছে দৰিদ্র–মধ্যবিত্ত সমাজখন৷ কিয়নো এহাজাৰ টকাৰ বস্তু ক্রয় কৰিলেও নভৰে মোনাখনৰ এটা চুক৷ পেট্র’ল–ডিজেল, ৰন্ধন গেছৰ সমান্তৰালকৈ অত্যাৱশ্যকীয় খাদ্য–সামগ্রীৰ মূল্যবৃদ্ধিয়ে চকু কপালত তুলিছে সাধাৰণ ৰাইজৰ৷ সম্প্রতি খুচুৰা বজাৰত ডাঙৰ আকাৰৰ মচুৰ, মাজু আকাৰৰ মচুৰ আৰু সৰু আকাৰৰ মচুল দাইলৰ মূল্য হৈছে ক্রমে ১১০, ১২০ আৰু ১৩০ টকা৷ কিছুদিন পূর্বে এই মূল্য আছিল ক্রমে ৭০, ৯০ আৰু ১০০ টকা৷ অর্থাৎ মাত্র কেইমাহমানৰ ভিতৰতে বিভিন্ন আকাৰৰ মচুৰ দাইলৰ মূল্য ৩০–৪০ টকা পর্যন্ত বৃদ্ধি পালে৷

সমান্তৰালভাৱে ৰাজ্যত বিগত সময়ছোৱাত অত্যধিক মূল্যবৃদ্ধি ঘটা আন এবিধ সামগ্রী হৈছে মিঠাতেল৷ মাত্র কেইমাহমানৰ ভিতৰত ১০০ শতাংশ মূল্যবৃদ্ধি ঘটিছে মিঠাতেলৰ৷ কেইমাহমান পূর্বলৈকে বিভিন্ন ব্রেণ্ডৰ মিঠাতেল ১০০–১৩০ টকাত উপলব্ধ হৈছিল৷ কিন্তু বর্তমান বজাৰত মিঠাতেলৰ মূল্য বৈছে প্রতি লিটাৰত ১৯০ৰ পৰা ২৩০ টকালৈকে৷ সেইদৰে বজাৰত মগু দাইলৰ বর্তমান মূল্য হৈছে প্রতি কিলোগ্রামত ১০০ৰ পৰা ১১০ টকা৷ দাইল–মিঠাতেলৰ সমান্তৰালৈকে বজাৰত বৃদ্ধি হৈছে আলু–পিঁয়াজৰ মূল্য৷ প্রতি কিলোগ্রাম আলুৰ মূল্য এসপ্তাহ পূর্বে আছিল ২২–২৫ টকা৷ বর্তমান খুচুৰা বজাৰত আলুৰ মূল্য হৈছে প্রতি কিলোগ্রামত ২৪–৩০ টকা৷ একেদৰে পিঁয়াজৰ মূল্য ৫৫ টকাৰ পৰা ৬০ টকালৈকে বৃদ্ধি হৈছে৷

তদুপৰি দৈনন্দিন জীৱনত ব্যৱহূত আন কেতবোৰ সামগ্রী, যেনে– চাবোন, ডিটাৰজেন, বিস্কুট, প্লাষ্টিক থাল–বাটি–গিলাচ আদিৰ মূল্যও যথেষ্ট বৃদ্ধি পাইছে৷ আনহাতে, ৪০ টকাৰ তলত বজাৰত পাবলৈ নাই এবিধো শাক–পাচলি৷ বর্তমান বজাৰত প্রতি কিলোগ্রাম ফুলকবি ৮০ টকা, বিলাহী ৮০ টকা, ভাতকেৰেলা ৭০–৮০ টকা, বেঙেনা ৪০–৫০ টকা, পটল ৪০ টকা, গাজৰ ১০০ টকা, বিন ১০০ টকা, তিঁয়হ ৫০ টকা, জিকা ৫০ টকা, জাতিলাউ ৪০ টকা, ৰঙালাউ ৪০ টকা, স্কোৱাছ ৩০ টকা, মূলা ৪০ টকা, বিট ১৬০, ভেণ্ডি ৬০ টকা, কেপচিকাম ২৪০ টকা, লেছেৰা ৮০ টকা, জলকীয়া ১৫০ টকা, উৰহি ১০০ টকা আৰু ভোল ৪০ টকাত বিক্রী হৈ আছে৷

বিশেষকৈ প্রকৃত কৃষকক উপযুক্ত বজাৰ প্রদান কৰাৰ ক্ষেত্রত চৰকাৰৰ বিফলতাৰ সুযোগ লৈ মধ্যভোগীৰ দপদপনিৰ বাবে এনেদৰে বজাৰত বৃদ্ধি পাই আহিছে শাক–পাচলিৰ দাম৷ উৎপাদনস্থলী উৎসত শাক–পাচলি এতিয়াও যথেষ্ট সুলভ মূল্যতে উপলব্ধ যদিও খুচুৰা বজাৰসমূহ মধ্যভোগীৰ দখলত থকা বাবে উচ্চ দামত শাক–পাচলি বিক্রী হৈ আহিছে৷ ৰাজ্য চৰকাৰৰ বিয়াগোম এটা কৃষি বিভাগ আছে যদিও এইক্ষেত্রত সঠিক বজাৰ সৃষ্টি তথা প্রকৃত কৃষকক বিপণনৰ সুবিধা কৰি দিব পৰাকৈ কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত নহ’ল৷

সেইদৰে বজাৰ নিয়ন্ত্রণ তথা পর্যবেক্ষণৰ বাবে থকা বিয়াগোম যোগান বিভাগ নখ–দন্তহীন এটা বিভাগত পৰিণত হোৱা দেখা গৈছে৷ বিভাগীয় মন্ত্রীৰ চূড়ান্ত নির্লিপ্ততাৰ সুযোগ লৈ বজাৰৰ পর্যবেক্ষণ তথা গ্রাহকক অধিকাৰ সুনিশ্চিত কৰাৰ দায়িত্ব একপ্রকাৰ পাহৰিয়ে পেলাইছে বিভাগটোৰ আমোলা–বিষয়া তথা কর্মচাৰীসকলে৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে অত্যাৱশ্যকীয় খাদ্য–সামগ্রী, শাক–পাচলিৰ লগতে ব্যাপক হাৰত দাম বৃদ্ধি হৈছে ব্রইলাৰ আৰু লোকেল কুকুৰা মাংসৰ৷ বর্তমান বজাৰত ব্রইলাৰ (কটা) মাংসৰ মূল্য হৈছে ২৮০ টকা৷ কিছুদিন আগলৈ এই মূল্য আছিল ২০০ টকা৷ সেইদৰে গোটা ব্রইলাৰৰ দাম ১১০ টকাৰ পৰা প্রতি কিলোগ্রামত ১৭০–১৮০ টকালৈ বৃদ্ধি হৈছে৷ লোকেল কুকুৰাৰ দাম প্রতি কিলোগ্রামত ৩৫০ টকাৰ পৰা ৪৫০–৫০০ টকালৈ বৃদ্ধি হৈছে৷ মুঠতে মূল্যবৃদ্ধিৰ জুয়ে দগ্ধ কৰিছে প্রতিজন নাগৰিকক৷

শেহতীয়াকৈ পেট্র’লৰ মূল্যই ১০০ৰ ঘৰ অতিক্রম কৰাৰ সমান্তৰালকৈ খাদ্য–সামগ্রীৰ মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে কঁকাল বেঁকা কৰিছে ৰাজ্যবাসীৰ৷ এইক্ষেত্রত সপ্তাহে সপ্তাহে কেবিনেট পাতি আঁচনি ঘোষণা কৰা চৰকাৰে কিবা ব্যৱস্থা গ্রহণ কৰি সাধাৰণ ৰাইজক উদ্ধাৰ কৰিবনে? সেয়া হ’ব লক্ষণীয়৷

You might also like