বালিপৰাত মৰ্মিতা মিত্ৰৰ সংগীতৰ মায়াজালত মুগ্ধ বালিপৰীয়া লোক
নিয়মীয়া বাৰ্তা, ১৬ মে’ : শোণিতপুৰৰ বালিপৰাত যোৱানিশা বৃহত্তৰ বালিপৰা যুৱ মঞ্চ, পেপচি ক্লাব আৰু বয়জ ক্লাবৰ সমূহীয়া উদ্যোগত বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ ৰংগমঞ্চত অনুষ্ঠিত হয় বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান।
পোনপ্ৰথমবাৰৰ বাবে তিনিটাকৈ অনুষ্ঠানৰ সমূহীয়া ঐক্যৱদ্ধ ব্যৱস্থাপনাত অনুষ্ঠিত অনুষ্ঠানটোৰ মুখ্য আকৰ্ষণ হিচাপে উপস্থিত থাকি ইটোৰ পিছত সিটোকৈ জনপ্ৰিয় গীত পৰিৱেশন কৰি বালিপৰীয়া ৰাইজক মুগ্ধ কৰে অসমৰ জনপ্ৰিয় গায়িকা মৰ্মিতা মিত্ৰই।
গায়িকাগৰাকীক আয়োজক সমিতিৰ বিষয়ববীয়াসকলে ফুলাম গামোছা, সৰুদৈয়া জাপি, চেলেঙৰে বিশেষ সম্বৰ্ধনা জনায়। সংগীতানুষ্ঠান চাবলৈ বালিপৰাৰ বিভিন্ন অঞ্চলৰপৰা সহস্ৰাধিক দৰ্শক ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয়।
মিত্ৰই জুবিনৰ গীতসমূহ নিজৰ কণ্ঠত পৰিৱেশন কৰাৰ মাজে মাজে ৰাইজৰ মাজত নিজৰ সংগীত যাত্ৰাৰ অভিব্যক্তিসমূহো ব্যক্ত কৰা পৰিলক্ষিত হয়। অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি দিগন্ত বৰা, কাৰ্যকৰী সভাপতি ধ্ৰুৱ শইকীয়া, যুটীয়া সম্পাদকদ্বয় অৰূপ সেন ডেকা আৰু অৰূপ শইকীয়াৰ লগতে চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া ডাঃ ক্ষিৰোদ কমল হাজৰিকা, মৌজাদাৰ উৎপল দাস, সমাজসেৱক দুলেন কোচ, সমাজসেৱক হিৰোজ শইকীয়া, সমাজসেৱক অপূৰ্ব সেন ডেকাৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি ,ৰাইজ, সমিতিৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে।
প্ৰেৰক প্ৰাঞ্জল বৰা