নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেউতাই সকলোৰে পৰাই কিছু সময় বিচাৰিছিল, কিন্তু কোনোৱে সময় দিব নিবিচাৰিলে… গোসাঁইগাঁৱৰ সামূহিক আত্মহত্যাৰ নেপথ্যত কোন?

নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰঃ ক’ৰোনাসৃষ্ট জটিল পৰিস্থিতিত এফালে তীব্র আর্থিক সংকট– ব্যৱসায়ত লোকচান আৰু আনফালে ঋণৰ বৃহৎ বোজা৷ কঠিন বাস্তৱৰ প্রত্যাহ্বান গ্রহণ কৰিও নির্মল পাল (৫২) নামৰ ক্ষুদ্র ব্যৱসায়ীজনে পত্নী–তিনি কন্যাসহ জীৱন সংগ্রামত আগবাঢ়ি যাব বিচাৰিছিল৷ কিন্তু সুদখোৰ ঋণদাতাৰ দিনকদিনে বাঢ়ি যোৱা অভব্য আচৰণ–মানসিক নির্যাতনে এটা সময়ত চৰম সিদ্ধান্ত ল’বলৈ বাধ্য কৰালে নির্মল পালক৷

নিঃশেষ হৈ গ’ল ৰঙীন ভৱিষ্যতৰ সপোন দেখা এখন সুখৰ সংসাৰ–এটি সুখী পৰিয়াল৷ একেটা কোঠাতে একেলগে চিপ লৈ আত্মহত্যা কৰিলে নির্মল পাল, তেওঁৰ পত্নী মল্লিকা পাল (৪৫), তিনি মেধাৱী জীয়ৰী ক্রমে পূজা পাল (২৫), নেহা পাল (১৭) আৰু স্নেহা পাল (১৫)–এ৷ সমগ্র অসমকে জোকাৰি যোৱা এই হূদয়বিদাৰক ঘটনাটো সংঘটিত হোৱাৰ পিছত স্বাভাৱিকতে প্ৰশ্ন উঠিছে কিয় সংঘটিত হল এই দুৰ্ঘটনা। জ্যেষ্ঠ কন্যা পূজা পালে ব্লেক বোৰ্ডত লিখি থোৱা ছুইচাইদ নোটতে আছে ইয়াৰ উত্তৰ।

কি লিখিছিল ছুইছাইড নোটত

ব’ৰ্ডত স্পষ্টভাৱে বাংলা ভাষাত এইদৰে লিখি থোৱা আছে– ‘দেউতাই যাৰ যাৰ পৰা সুদত টকা লৈছিল, সকলোৰে পৰাই কিছু সময় বিচাৰিছিল৷ কিন্তু কোনোৱে সময় দিব নিবিচাৰিলে৷ দেউতাক ফোনত ধমকি দিয়ে৷ ঘৰলৈ আহিও নানাধৰণৰ কথা শুনাই যায়৷ এই বিপদৰ কথা মাই বহুতকে জনাইছিল৷ বিভিন্নজনৰ ওচৰ চাপিছিল৷ কিন্তু পাবলগীয়াসকলে নামানিলে৷’

আত্মহত্যাৰ আঁৰৰ ৰহস্য

আৰক্ষীয়ে উদ্ধাৰ কৰা ছুইচাইড নোটটোত নির্মল পালৰ পৰিয়ালটোৱে ঋণদাতাৰ অকথ্য নির্যাতনৰ সন্মুখীন হোৱাৰ কথাটো স্পষ্টকৈ উল্লেখ আছে৷ অলপতে ঋণৰ টকা বিচাৰি অহা এজন সুদখোৰে নির্মল পালক ভাবুকি দি কৈছিল যে টকা দিব নোৱাৰিলে তোৰ পত্নী আৰু ছোৱালীকেইগৰাকীক মোক দিব লাগিব৷ এনেধৰণৰ মানসিক অত্যাচাৰত পৰিয়ালটো ভীতিগ্রস্ত হৈ পৰা বুলিও ছুইচাইড নোটটোত উল্লেখ আছে৷ ইয়াৰ পৰাই স্পষ্ট হয় যে চৰম সিদ্ধান্ত লৈ এই পৃথিৱীৰ পৰা আঁতৰি যোৱা দুর্ভগীয়া পৰিয়ালটোৱে সুদখোৰৰ অকথ্য মানসিক নির্যাতনৰ সন্মুখীন হৈছিল৷

কি কয় আৰক্ষী অধীক্ষকে

আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে কয় যে একেটা পৰিয়ালৰ পাঁচগৰাকীকৈ লোকৰ মৃতদেহ এটা কোঠালিত চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাটোৰ প্রাৰম্ভিক তদন্তত এয়া আত্মহত্যা বুলি নিশ্চিত যদিও আন সকলো দিশ চালি–জাৰি চোৱা হ’ব৷ ছুইচাইড নোটটোৰ পৰা ঋণ পৰিশোধ কৰাৰ বাবে দিয়া হেঁচাৰ বাবেও মানসিকভাৱে ভাঙি পৰি পৰিয়ালটোৱে এনে সিদ্ধান্ত গ্রহণ কৰিব পাৰে৷ সকলো কথা তদন্তৰ অন্ততহে স্পষ্ট হ’ব বুলি তেওঁ মন্তব্য কৰে৷

কৰোনাৰ সময়ত সকলোৰে আৰ্থিক অৱস্থা আছিল বেয়া। ইয়াকে লৈ বেংক বা ফাইনেন্স কোম্পানীয়েও দিছিল কিছু সকাহ। কিন্তু সহজ ধন ঘটাৰ বাবে অবৈধ সুদখোৰ সংগঠন তথা লোকৰ ক্ষেত্ৰত নাছিল কোনো বাধ্যবাধকতা, যাৰ বাবে ডাবি-ভাবুকি দি হ’লেও এনে সুদখোৰ লোকে কৰিছিল মানসিক নিৰ্যাতন। এইক্ষেত্ৰত চৰকাৰ কঠোৰ নহলে পুনৰ এনে দুৰ্ঘটনা নঘটিব বুলি ক’ব নোৱাৰি।

You might also like