উখল-মাখল পৰিৱেশ : নলবাৰী হৰিমন্দিৰত সমূহীয়া বিবাহ
নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ ঐতিহ্যমণ্ডিত নলবাৰীৰ হৰিমন্দিৰ প্ৰাংগণ আজি এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হয়। নলবাৰী হৰিমন্দিৰ সমিতিৰ সভাপতি তথা মন্ত্রী জয়ন্ত মল্ল বৰুৱা, জিলা আযুক্ত বৰ্ণালী ডেকাৰ উদ্যোগত আৰু নলবাৰী হৰিমন্দিৰ সমিতিৰ সহযোগত ৯ গৰাকী দৰা কইনাক সম্পূর্ণ বৈদিক ৰীতি-নীতি অনুসৰি বিবাহকার্য সম্পাদন কৰে। এই ৯ গৰাকী দৰা-কইনা আজিৰে পৰা বৈদিক প্ৰথাৰে যুগ্ম জীৱন আৰম্ভ কৰিব। জিলা খনৰ বিভিন্ন প্ৰান্তৰ উপযুক্ত দৰা ৯ গৰাকীয়ে নলবাৰী আৱৰ্ত ভৱনত উপস্থিত হোৱাৰ পিছত জিলা প্রশাসনৰ আতিথ্যৰ পিছতে সমূহীয়াভাৱে হৰিমন্দিৰ প্ৰাংগণত উপস্থিত হয়। আনহাতে নির্দিষ্ট ৯ গৰাকী কইনাও হৰিমন্দিৰ প্ৰাংগণত উপস্থিত হয়। আৰম্ভ হয় ব্ৰাহ্মণৰ মন্ত্ৰ ধ্বনি। জাউৰিয়ে জাউৰিয়ে মহিলা সকলৰ বিয়া নাম, উৰুলী ধ্বনি, বেণ্ড পাটীৰ সুমধুৰ সুৰ, বাঁহীৰ সুৰৰ বাবে হৰিমন্দিৰ প্ৰাংগন আজি উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয়। এক নান্দনিক পৰিবেশত নলবাৰী হৰিমন্দিৰ সমিতিৰ কাৰ্যনিৰ্বাহ সদস্য তথা বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই আঁতধৰা অনুষ্ঠানটোৰ এক নান্দনিক পৰিৱেশৰ সৃষ্টি হয়। সমূহীয়া বিবাহৰ একোগৰাকীৰ দৰা কইনাৰ খৰচৰ দায়িত্ব লয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, জিলা আযুক্ত বৰ্ণালী ডেকা, ৰাস মহোৎসৱ সমিতিৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰী, সমাজকর্মী পংকজ ডেকা, বুবুল তালুকদাৰ আদি কৰি কেইবাজনো বিশিষ্ট সমাজকৰ্মীয়ে ৰাজহুৱাভাৱে কইনা দান কৰি আশীৰ্বাদ প্রদান কৰে। উল্লেখ্য যে আজি পুৱাৰ পৰা হৰিমন্দিৰ প্ৰাংগণ জনসমুদ্ৰত পৰিণত হয়। বিভিন্নজনে দৰা কইনাক আশীৰ্বাদ দিয়ে। সমূহীয়া বিবাহৰ অনুষ্ঠানত জিলা আয়ুক্ত বর্ণালী ডেকা, আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাস, ৰাস মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মদন মালাকৰ, হৰিমন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নলিনী কান্ত শীল, জিলা খনৰ অতিৰিক্ত আয়ুক্ত সকল, চক্ৰ বিষয়া সহ জিলাখনৰ চৰকাৰী শীর্ষ বিষয়া সকল, হৰিমন্দিৰৰ আজীৱন সভ্যসকল, কাৰ্যনিৰ্বাহ সমিতিৰ সদস্যসকল আৰু শুভকাংক্ষীসকল উপস্থিত থাকে বুলি ৯১তম্ ৰাস মহোৎসৱৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰীয়ে জানিবলৈ দিয়ে। সমুহীয়া বিবাহৰ সামৰণি পৰাত দৰা- কইনা, দৰা-কইনাৰ আত্মীয় স্বজনক জিলা প্ৰশাসনে আপ্যায়ন কৰে। উল্লেখ্য যে- যোৱা বৰ্ষতো ৯০ তম্ ৰাস মহোৎসৱৰ ২৩ নৱেম্বৰত নলবাৰী হৰিমন্দিৰ সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশেষ উদ্যোগত প্ৰথমবাৰৰ বাবে ১০গৰাকী দৰা কইনাই যুগ্ম জীৱন আৰম্ভ কৰিছিল।
প্ৰেৰক বীৰেন কলিতা