নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছ’নী টিভিৰ মাষ্টৰ চেফ ইণ্ডিয়া কুকিং ৰিয়েলিটি শ্ব’ত তিনিচুকীয়াৰ যুৱক নয়নজ্যোতি শইকীয়া

  • ছ’নী টিভি চেনেলৰ মাষ্টৰ চেফ ইণ্ডিয়া কুকিং ৰিয়েলিটি শ্ব’ত ( চিজন ৭)
  • অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে তিনিচুকীয়াৰ যুৱক নয়নজ্যোতি শইকীয়াই।
  • নয়নজ্যোতিৰ বাসগৃহত উপস্থিত হৈ প্ৰথমবাৰৰ বাবে ৰবাব টেঙা খাই অভিভূত হৈ পৰে চেফ বিকাশ খান্না।

নিয়মীয়াবাৰ্তা, ৫ জানুৱাৰী:- নেচনেল টেলিভিছনৰ এক ৰিয়েলিটি শ্ব’ত জিলিকি উঠিছে অসম সন্তান । ছ’নী টিভি চেনেলত সম্প্ৰচাৰিত হোৱা জনপ্ৰিয় মাষ্টৰ চেফ ইণ্ডিয়া কুকিং ৰিয়েলিটি শ্ব’ত ( চিজন ৭) অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে তিনিচুকীয়াৰ যুৱক নয়নজ্যোতি শইকীয়াই ।

সোমবাৰৰ পৰা শুক্ৰবাৰলৈ স’নী টিভি চেনেলত নিশা ৯ বজাত সম্প্ৰচাৰিত কৰা হৈছে এই ৰিয়েলিটি শ্ব’। এই ৰিয়েলিটি শ্ব’ত মুখ্য বিচাৰক ৰূপে আছে সমগ্ৰ বিশ্বতে পৰিচিত তথা জনপ্ৰিয়
ভাৰতীয় চেফ্, ৰেষ্টুৰেটৰ, কুকবুক লেখক, চলচ্চিত্ৰ নিৰ্মাতা আৰু মানৱতাবাদী বিকাশ খান্না,
ভাৰতীয় চেলিব্ৰিটি চেফ, লেখক আৰু ৰেষ্টুৰেটৰ ৰণবীৰ সিং ব্ৰাৰ আৰু ভাৰতীয় চেফ্ গৰিমা অৰোৰা।

তিনিচুকীয়া জিলাৰ গবিন্দপুৰৰ নিবাসী নয়নজ্যোতিয়ে নিজৰ প্ৰতিভাৰে অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছে ৰিয়েলিটি শ্ব’ত । জানিব পৰা মতে গুৱাহাটীলৈ বি. টেক. পঢ়িবলৈ গৈ নিজে ৰন্ধা বঢ়া কৰি ৰূমত থাকিব লগীয়া হৈছিল নয়নজ্যোতিয়ে। তেতিয়াৰ পৰাই আচৰিত ধৰণে নতুন নতুন ধৰণেৰে খাদ্য প্ৰস্তুত কৰি খোৱাৰ এক ৰাপ তথা আগ্ৰহ গঢ়ি উঠিছিল নয়নজ্যোতিৰ। আৰু পাছলৈ এই ৰাপ পৰিণত হৈছিল নিচালৈ। বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰা কিতাপ পঢ়ি ভাল পোৱা নয়নজ্যোতিয়ে প্ৰস্তুত কৰিছিল সুস্বাদু ব্যঞ্জন।

এই আগ্ৰহ বুকুত বান্ধি এদিন নয়নজ্যোতিয়ে অডিচ’ন দিছিল স’নী টিভি চেনেলত সম্প্ৰচাৰিত হোৱা জনপ্ৰিয় মাষ্টৰ চেফ ইণ্ডিয়া কুকিং ৰিয়েলিটি শ্ব’ত। আৰু এই অডি’চনত নিৰ্বাচিত হৈ সুযোগ লাভ কৰে এই ৰিয়েলিটি শ্ব’ত অংশগ্ৰহণ কৰাৰ। এই ৰিয়েলিটি শ্ব’ত নয়নজ্যোতিয়ে প্ৰস্তুত কৰা ব্যঞ্জনত মুগ্ধ হৈ তিনিচুকীয়া জিলাত থকা নয়নজ্যোতিৰ নিজ বাসগৃহত আহি উপস্থিত হয় বিচাৰক বিকাশ খান্না। কোনো ধৰণৰ ট্ৰেনিং নোলোৱাকৈ কেৱল নিজৰ আগ্ৰহৰ ভিত্তিত এনে সফলতা দেখি মোহিত হৈ পৰে ভাৰত তথা বিশ্বৰ জনপ্ৰিয় চেফ বিকাশ খান্না। নয়নজ্যোতিৰ বাসগৃহত উপস্থিত হৈ চেফ বিকাশ খান্নাই পৰিয়ালৰ সৈতে মিলিত হৈ এহাজ অসমীয়া আহৰৰ সোৱাদ লয়। লগতে প্ৰথমবাৰৰ বাবে ৰবাব টেঙা খাই অভিভূত হৈ পৰে চেফগৰাকী। তাৰোপৰি চেফগৰাকীয়ে অসমৰ চাহ বাগিচাৰ সৌন্দৰ্য্য দেখিও মুগ্ধ হৈ পৰে। নয়নজ্যোতিৰ পিতৃ অৰূপ শইকীয়া হৈছে এগৰাকী অইল ইণ্ডিয়াৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু মাতৃ তুলিকা শইকীয়া। নয়নজ্যোতিয়ে নিজৰ আগ্ৰহ তথা হেপাঁহেৰে বাচি লোৱা এই পথত উন্নতিৰ দিশত আগুৱাই যোৱাটো কামনা আৰু আশীৰ্বাদ কৰে পিতৃ মাতৃয়ে। অসমবাসীৰ লগতে তিনিচুকীয়াবাসীয়ে নয়নজ্যোতিক লৈ গৌৰান্বিত হোৱাৰ লগতে উজ্বল ভৱিষ্যত কামনা কৰিছে।

প্ৰেৰকঃ সুৰজ দাস

You might also like