নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন’ বল বিতর্কৰ শাস্তিঃ ১০০ শতাংশ মেচ ফী কর্তন পণ্টৰঃ এখন মেচৰ পৰা নির্বাসিত সহঃ প্রশিক্ষক আম্রে, শার্দূলকো জৰিমনা

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ দিল্লী আৰু ৰাজস্থানৰ মাজত অনুষ্ঠিত মেচখনৰ অন্তিম অভাৰত ন’ বল বিতর্কক লৈ আম্পায়াৰৰ সৈতে তর্কযুদ্ধত লিপ্ত হয় দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পণ্ট আৰু সহকাৰী প্রশিক্ষক প্রবীণ আম্রে৷ সেই ঘটনাৰ পিছতে দৃঢ় পদক্ষেপ গ্রহণ কৰিলে আই পি এলৰ গৱর্নিং কাউন্সিলে৷ প্রতিযোগিতাৰ নিয়ম ভঙাৰ অপৰাধত পণ্টৰ মেচ ফীৰ ১০০ শতাংশ জৰিমনা কৰা হৈছে৷ ইয়াৰ লগতে প্রবীণক এখন মেচৰ পৰা নির্বাসিত কৰা হৈছে৷ আই পি এলৰ গৱর্নিং কাউন্সিলে জনোৱা মতে, প্রতিযোগিতাৰ কোড অৱ কণ্ডাক্টৰ ২.৭ ধাৰাত লেভেল ২ৰ অপৰাধ কৰিছে পণ্টে৷ নিজৰ অপৰাধ স্বীকাৰ কৰা পণ্টৰ জৰিমনা কৰাৰ লগতে প্রবীণে ২.২ ধাৰাত লেভেল ২ অপৰাধ কৰিছে৷ সেইবাবে তেওঁৰ মেচ ফীৰ ১০০ শতাংশ জৰিমনা আৰু এখন মেচৰ পৰা নির্বাসিত কৰা হৈছে৷ দিল্লী দলৰ আন এগৰাকী ক্রিকেটাৰ শার্দূল ঠাকুৰকো নিয়ম ভংগ কৰাৰ অপৰাধত মেচ ফীৰ ৫০ শতাংশ কর্তন কৰি জৰিমনা বিহা হৈছে৷ উল্লেখ্য যে অন্তিম অভাৰত দিল্লীক জয়ৰ বাবে ৩৬ ৰানৰ প্রয়োজন আছিল৷ প্রথম তিনিটা বলত ৩টা ছয় কোবাই পাৱেলে৷ কিন্তু তৃতীয়টো বল কঁকালৰ উচ্চতাৰ সমান্তৰালকৈ ফুলটছ অহাত আম্পায়াৰে ন’ বল ঘোষণা কৰে৷ ইয়াতে ক্ষুব্ধ হৈ পৰে দিল্লী শিবিৰ৷ ৱার্নাৰ আৰু পণ্টে ন’ বলৰ ইংগিত দিয়াৰ লগতে তৃতীয় আম্পায়াক আবেদন জনায়৷ কিন্তু সেই আবেদনৰ প্রতি আম্পায়াৰে গুৰুত্ব নিদিয়াত দিল্লীৰ খেলুৱৈসকল অধিক ক্ষুব্ধ হৈ পৰে৷ কেৱল ইমানেই নহয়, পাৱেল আৰু কুলদীপ যাদৱক খেলপথাৰৰ পৰা ওলাই অহাৰ নির্দেশ দিয়ে অধিনায়ক পণ্টে৷ দুয়োগৰাকী বেটছমেনে খেলপথাৰ এৰিব বিচাৰিলেও আম্পায়াৰে তেওঁলোকক খেলপথাৰ এৰি যোৱাটো অনিয়ম বুলি বুজনি দিয়ে৷ এসময়ত হঠাতে খেলপথাৰত প্রৱেশ কৰি সহকাৰী প্রশিক্ষক প্রবীণ আম্রেই আম্পায়াৰৰ লগত তর্কযুদ্ধত লিপ্ত হয়৷ এই ঘটনাৰ পিছত পণ্টে নিজৰ ভুল স্বীকাৰ কৰি ল’লেও শাস্তিৰ পৰা ৰেহাই নাপালে৷

You might also like