নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ গণিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত জড়িত বিদ্যালয়ৰ তালিকাত আছে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ লক্ষীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নাম। ইতিমধ্যে গণিত বিষয়ৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাক লৈ অসম বিদ্যালয় শিক্ষা ব’ৰ্ডে (এএছএছইবি) ৰাজ্যৰ ১০খন জিলাৰ ১৫টা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ২০২৫-২৬ বৰ্ষৰ পৰা একাদশ শ্ৰেণীৰ নাম ভৰ্তিকৰণ প্ৰক্ৰিয়াত নিষেধাজ্ঞা জাৰী কৰাৰ সমান্তৰালকৈ থানাত গোচৰ ৰুজু কৰিবলৈও নিৰ্দেশ দিছে। জানিব পৰা মতে, এএছএছইবিৰ নিৰ্দেশ অনুযায়ী ইতিমধ্যে জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে লক্ষীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মইনুল হক মণ্ডলৰ বিৰূদ্ধে ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।
নিয়মীয়া বাৰ্তাৰ সকলো সম্পাদকীয় একেলগে পঢ়ক
দৰাচলতে এএছএছইবিয়ে পৰীক্ষা অনুষ্ঠিত হোৱাৰ এদিন পূৰ্বে গণিত পৰীক্ষাটো বাতিল কৰা বুলি ঘোষণা কৰিছিল আৰু পৰীক্ষা কেন্দ্ৰবোৰক গণিতৰ প্ৰশ্ন কাকতখন জমা দিয়াৰ নিৰ্দেশ দিছিল। সেই নিৰ্দেশ মতে ধুবুৰী জিলাৰ পৰীক্ষা কেন্দ্ৰসমূহেও গণিতৰ প্ৰশ্নকাকতখনৰ টোপোলা ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত জমা দিছিল আৰু তাৰ পিছতেই উৰহী গছৰ ওৰ ওলাইছিল।
মই দুৰ্নীতি কৰা নাই, তিৱা পৰিষদত নিয়ম অনুসৰি চৰকাৰী ধন খৰচ হৈছে : জীৱন চন্দ্ৰ কোঁৱৰ
জমা দিয়া জিলাখনৰ অন্যান্য পৰীক্ষা কেন্দ্ৰৰ প্ৰশ্ন কাকতৰ টোপোলাবোৰ ঠিক-ঠাকেই আছিল যদিও লক্ষীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে জমা দিয়া গণিতৰ প্ৰশ্ন কাকতৰ টোপোলাৰ “কনফিডাঞ্চিয়েল পিকিং” খোলা হোৱা পোৱা গৈছিল। বিষয়টো ভোলানাথ মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে তৎক্ষণাত ধুবুৰী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকক অৱগত কৰিছিল। ঘটনাটো উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰাৰ পিছত এএছএছইবিৰ নিৰ্দেশ মতে বিদ্যালয়খনৰ অধ্যক্ষ মইনুল হ’ক মণ্ডলৰ বিৰূদ্ধে ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰে ধুবুৰী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক গৰাকীয়ে। আনহাতে হ’কে প্ৰশ্নকাকতখন ফাদিল কৰা নাই বুলি দাবী কৰিছে যদিও আৰক্ষীৰ তদন্তত প্ৰকৃত সত্য উন্মোচিত হোৱাৰ আশা কৰা হৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী