নিয়মীয়া বাৰ্তা, ২২ মে’ : শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিছে নাৰায়ণপুৰৰ এগৰাকী মেধাৱী ছাত্ৰী। দুভৰিৰে আগ বাঢ়িব নোৱাৰে যদিও সপোন তাইৰ আকাশ চোৱাৰ। নিজৰ একাগ্ৰতা, আৰু মেধাৰ বলত বিশেষ ভাৱে সক্ষম হৈয়ো সুখ্যাতিৰে উত্তীৰ্ণ হৈছে এইগৰাকী ছাত্ৰী। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাকোৱাৰী গাৱঁৰ জয়ন্ত কুমাৰ বৰা আৰু বৰ্নালী বৰাৰ কণ্যা লিপিকা বৰাই ইতিমধ্যে ঘোষণা কৰা মেট্ৰিক পৰীক্ষাত ৬৫.৫ শতাংশ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে সমগ্ৰ অঞ্চলটোলৈ। দিনটোৰ অধিকাংশ সময় হুইলচেয়াৰ খনতে অতিবাহিত কৰে লিপিকাই। দেউতাক জয়ন্ত কুমাৰ বৰাই দৈনিক হুইলচেয়াৰ খনেৰে বিদ্যালয়লৈ অনা নিয়া কৰে লিপিকাক। সৰু সুৰা ব্যৱসায় বাণিজ্য কৰি পৰিয়াল পোহপাল দিয়া দেউতাক জয়ন্ত কুমাৰ বৰাই অতি কষ্টেৰে ডাঙৰ কৰিছে নিজ কণ্যাক। বিশেষ ভাৱে সক্ষম যদিও কোনো দিনে সেই উপলব্ধি হ’বলৈ দিয়া নাই। ইমান খিনি অসুবিধাৰ মাজত আজি নিজ কণ্যাৰ এই ফলাফলত অতিশয় আনন্দিত আৰু গৌৰাম্বিত পিতৃ মাতৃ দুয়ো। অন্যহাতে শিক্ষাৰ সমান্তৰালকৈ সংগীতৰ চৰ্চাও অব্যাহত ৰাখিছে লিপিকাই। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত গীত পৰিবেশন, কবিতা আবৃত্তি কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি আহিছে। বহু প্ৰতিযোগীতাত স্থান লাভ কৰি পুৰস্কাৰ পাবলৈও সক্ষম হৈছে তেওঁ। আজিৰ এই বিশেষ দিনটোত লিপিকাৰ ফলাফলত আন্দৰ মাজতে আৱেগিক হৈ সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীক বিছাৰিলে কিছু সহায়ৰ হাত। অধ্যয়নৰ প্ৰতি অধিক আগ্ৰহী নিজ কণ্যাক চলা ফুৰা কৰিবলৈ সুবিধা হোৱাকৈ এখনি বেটেৰী চালিত হুইলচেয়াৰ দিবৰ বাবে জনালে আহ্বান। এগৰাকী শাৰিৰীক প্ৰতিবন্ধী যদিও লিপিকাৰ মন ভবিষ্যতে বিশেষভাবে সক্ষম সকলৰ বাবে বাবে কিবা এটা কৰাৰ । সমাজৰ এগৰাকী সু নাগৰিক হৈ সমাজ সেৱা কৰাৰ। আমাৰ তৰফৰ পৰাও ছাত্ৰী গৰাকীক জনালো অভিনন্দন ।
প্ৰেৰক চন্দন শইকীয়া