নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ অধিৱেশন

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চ : ১৯৮৫ চনত প্ৰতিষ্ঠা লাভ কৰা মায়ামৰা ভক্তসকলৰ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ ৩৮সংখ্যক কেন্দ্ৰীয় দ্বি-বাৰ্ষিক সাধাৰণ অধিৱেশনখনি এইবাৰ ঢকুৱাখনাত অনুষ্ঠিত হ’ব। সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ ঢকুৱাখনা আৰু ধেমাজি জিলাৰ সৌজন্যত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নিত্যানন্দ দেৱ সমন্বয় ক্ষেত্ৰত অহা ২১,২২ আৰু ২৩ মাৰ্চত অনুষ্ঠিত হ’ব এই অধিৱেশনখনি । প্ৰায় ৭০ হাজাৰ ভক্ত সমাগমৰ বাবে ইতিমধ্যে আয়োজক সমিতিয়ে বাঁহপৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিশাল মণ্ডপ নিৰ্মাণৰ কাম-কাজ আৰম্ভ কৰিছে। কাৰ্যসূচী অনুসৰি ২১ মাৰ্চৰ পুৱা ৭.৩০ বজাত নিত্যানন্দ দেৱ সমন্বয় ক্ষেত্ৰৰ দ্বাৰ উদ্ঘাটন কৰিব সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ উপ-সভাপতি ধনীৰাম গগৈয়ে।ইয়াৰ পিছতেই ধৰ্মধ্বজা উত্তোলন কৰিব দিনজয় সত্ৰৰ সত্ৰাধিকাৰ মুকুন্দানন্দ চন্দ্ৰ গোস্বামীয়ে।

এইটোও পঢ়িবলৈ ক্লিক কৰক গুজৰাটৰ বন্ধ ফ্লেটত উদ্ধাৰ ৯৫ কেজি সোণ, ৭০ লাখ টকা   

পুৱা ৯.৩০ বজাত কেন্দ্ৰীয় সমিতিৰ পতাকা উত্তোলন কৰিব সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ সভাপতি ৰেৱত চন্দ্ৰ দাসে। দুপৰীয়া প্ৰতিনিধি শিবিৰ মুকলি,পঞ্জীয়ন আৰু প্ৰদৰ্শনী, গ্ৰন্থমেলাৰ দ্বাৰ উদঘাটন।বিয়লি ১.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব যুৱ আলোচনা সত্ৰ। ডিব্ৰুগড় মায়ামৰা সাংস্কৃতিক সমাজৰ সম্পাদক ভবেন চেতিয়াৰ সঞ্চালনাত অনুস্থিত হ’বলগীয়া আলোচনা সত্ৰখনিত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ জ্যোতিস্মান দাস, চামগুৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা তৃষ্ণাজ্যোতি দাস, গড়গাওঁ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ বলোৰাম দাসৰ লগতে কেইবাজনো শিক্ষাবিদে আলোচক হিচাপে অংশগ্ৰহন কৰিব।বিয়লিলৈ মায়ামৰা হৰিজী সমাজৰ কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হ’ব।সন্ধিয়ালৈ সাংস্কৃতিক অনু্ঠানত প্ৰদৰ্শন কৰা হ’ব দুখনকৈ ভাওনা ‘সাবিত্ৰী সত্যবান’ আৰু কুমৰ হৰণ হৰিহৰ যুদ্ধ’ । ইফালে, দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি অহা ২২ মাৰ্চৰ পুৱা ৯.৩০ বজাত ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা।সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰিব ঢকুৱাখনা সম- জিলাৰ আয়ুক্ত কাৰ্তিক কলিতাই। দুপৰীয়া ১২.৩০ বজাত হৰিজী সমাজৰ সভা।বিয়লি হৰিজীসকলৰ দ্বাৰা বক্তৃতা প্ৰদান আৰু সাংস্কৃতিক অনুষ্ঠান। সন্ধিয়ালৈ লাইপুলীয়া পাৰ শিশু শিল্পীসকলে ‘ধ্ৰুৱ চৰিত ‘ ভাওনা প্ৰদৰ্শন কৰিব ‘ধ্ৰুৱ চৰিত ‘ ভাওনা।অন্তিম দিনা অৰ্থাৎ ২৩ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা ভাগৱত পাঠ। পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব ‘মায়ামৰা সমাজত গুৰু শিষ্যৰ অনবদ্য সম্পৰ্ক’ শীৰ্ষক ধৰ্মীয় আলোচনা। উৱন সত্ৰৰ ডেকা সত্ৰাধিকাৰ বীৰেন মহন্তৰ সঞ্চালনাত অনুস্থিত হ’বলগীয়া ধৰ্মীয় আলোচনাত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ শুক্লচন্দ্ৰ গোস্বামী আৰু দ্বাৰকা সত্ৰৰ সত্ৰাধিকাৰ হৰকান্ত মহন্তই আলোচক হিচাপে অংশগ্ৰহণ কৰিব।বিয়লি ১ বজাত মুকলি সভা উদ্বোধন কৰিব শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ বঁটাপ্ৰাপক আৰু সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ সমন্বয়ক উপদেষ্টা নীলমণি হাজৰিকাই।মুকলি সভাত আদৰণি ভাষণ আগবঢ়াব অভ্যৰ্থনা সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক নৱ কুমাৰ দলেৱে।এই সভাতে স্মৃতিগ্ৰন্থ উন্মোচন কৰিব নগাঁৱৰ এ ডি পি কলেজৰ অধ্যাপক ড৹ মিনামুদ্দিন আহমেদে। অনুস্থানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ প্ৰধানীয়ে।ইপিনে, নিৰ্দিষ্ট ভাষণ আগবঢ়াব জ্যেষ্ঠ সাংবাদিক নিতুমনি শইকীয়াই।মুকলি সভাত সমূহ ময়ামৰা সত্ৰৰ সত্ৰাধিকাৰসকলৰ লগতে অসম সত্ৰ মহাসভাৰ সম্পাদক কুসুম মহন্ত,ৰাজ্য চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ লগতে কেইবাজনো ৰাজনীতিবিদ, শিক্ষাবিদ আৰু সাংস্কৃতিক অনুষ্ঠানৰ নেতাই অংশগ্ৰহণ কৰিব ।মহাপুৰুষীয়া নৱবৈষ্ণৱ ধৰ্মৰ আধাৰত ১৫২৩ শকত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাই গোপালদেৱৰ আজ্ঞা অনুসাৰে প্ৰতিষ্ঠা কৰা মায়ামৰীয়া এই বৃহৎ শক্তিশালী ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ সকলোশ্ৰেণীৰ ভক্তপ্ৰাণ ৰাইজক আহ্বান জনাইছে সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেবত চন্দ্ৰ দাস,প্ৰধান সম্পাদক হেমন্ত গোহাঁই আৰু অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি শশীধৰ দাস আৰু যুটীয়া সম্পাদক নন্দেশ্বৰ দাস আৰু ডিম্বেশ্বৰ দাসে।

এইটোও পঢ়িব পাৰে আধাৰ কাৰ্ডৰে ভোটাৰ আইডি লিংক কৰাৰ নিৰ্দেশনা নিৰ্বাচন আয়োগৰ

প্ৰেৰক পুলকজ্য়োতি বৰা

You might also like