নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ‘ৰং’ৰ পর্দাত নতুন ধাৰাবাহিক ‘ময়ূৰপংখী’

নিয়মীয়া বাৰ্তা, ৩০ মে’:  আজি  নিশা ৮ বজাৰ পৰা ৰং চেনেলত সম্প্রচাৰ হ’ব এখন নতুন ধাৰাবাহিক ‘ময়ূৰপংখী’৷ যুৱপ্রজন্মৰ হার্টথ্রব জুবিন গার্গে গোৱা শীর্ষ গীতটি ইতিমধ্যে জনপ্রিয় হৈছে৷ ধাৰাবাহিকখনত মুখ্য চৰিত্রত অভিনয় কৰিছে সৰু পর্দাৰ জনপ্রিয় অভিনেতা ঋষভ শর্মা (ৰিচি)ৰ লগতে বিভিন্ন গানৰ ভিডিঅ’ৰ জৰিয়তে দর্শকৰ মন জয় কৰা দিগাংগনা বৰাই (ৰাধা)৷

ধাৰাবাহিকখনৰ পৰিচালনা কুমাৰ চন্দ্র নাৰায়ণ দেৱৰ৷ ‘বৰষা যেতিয়া নামে’ৰ সফলতাৰ পাছত তেওঁৰ পৰিচালনাত এইখন দ্বিতীয় ধাৰাবাহিক৷ কাহিনী, চিত্রনাট্য, সংলাপ যুৱপ্রজন্মৰ জনপ্রিয় চিত্রনাট্যকাৰ নয়ন সাউদৰ৷ লগতে সহযোগী হিচাপে আছে জাহ্ণৱী মজুমদাৰ৷ কামৰূপ ক্রিয়েচনৰ বেনাৰত নির্মাণ হোৱা ধাৰাবাহিকখনৰ প্রযোজনা ভৰত কলিতাৰ৷ প্রত্যেক মানুহৰ জীৱনলৈ প্রেম আহে৷ সেই মনৰ মানুহজনক আপোন কৰাৰ হেঁপাহ সকলোৰে জন্মে৷ প্রেমত সংঘাত থাকিবই৷ কিন্তু সকলো সংঘাত, বাধা পাৰ কৰি প্রেম আগবাঢ়ি যায়৷

ধাৰাবাহিকখনৰ কাহিনীৰ মুখ্য চৰিত্র ৰাধা আৰু ৰিচি৷ ৰাধাৰ প্রেমৰ প্রাচীৰ হ’ল মাক৷ জীৱনৰ এনেকুৱা মেৰপাকত সোমাই পৰে যে ৰাধা মাক আৰু ৰিচিৰ মাজত এজনক বাছনি কৰিব লগা হয়৷ এফালে ৰাধাৰ প্রেম, এফালে জন্মদাত্রী মাক৷ ৰাধাই কি সিদ্ধান্ত ল’ব, তাৰ উত্তৰ ধাৰাবাহিকখনৰ কাহিনীৰ মাজেৰে ওলাই পৰিব৷ কোৱা হয় নাৰীয়ে সদায় ত্যাগ কৰিব লগা হয়৷ কাৰোবাৰ পত্নী হ’বৰ বাবে নিজৰ জন্ম হোৱা ঘৰখন ত্যাগ, ঘৰ এখনৰ বোৱাৰী হৈ ঘৰখনৰ সুখৰ বাবে নিজৰ সুখ ত্যাগ আৰু মা হৈ সন্তানৰ সুখৰ বাবে নিজৰ সপোনবোৰ ত্যাগ কৰে৷ ইমানবোৰ ত্যাগৰ পাছতো নাৰীয়ে সেই ত্যাগৰ মূল্য পায়নে?

এনে কিছুমান প্রশ্ন ধাৰাবাহিকখনৰ মাজেৰে উত্থাপন হ’ব আৰু তাৰ উত্তৰো দিয়াৰ চেষ্টা কৰিব৷ প্রেম আৰু পৰিয়াল ধাৰাবাহিকখনৰ মূল বিষয়বস্তু৷ ধাৰাবাহিকখনত সমাহাৰ ঘটিব বিভিন্ন মনোগ্রাহী চৰিত্রৰ, য’ত অভিনয় কৰিছে কিছুমান চিনাকি অভিনেতা–ভিনেত্রীয়ে– মিণ্টু বৰুৱা, শশাংক সমীৰ, ৰুম্পা শর্মা ভট্টাচার্য, অন্তৰা জি জি চৌধুৰী, দোলা পল, ধীৰাজ মজুমদাৰ, হেমেন বর্মন আদি ৷ জুবিন গার্গে গোৱা শীর্ষ সংগীতটিৰ কথা শশাংক সমীৰৰ৷ সংগীত পৰাণ বৰকটকীৰ৷ চিত্রগ্রহণ সূৰুয ডেকা, আৱহ সংগীত পৰাগ প্রিয়ম নাথ৷ ৰূপসজ্জা বাবুল বৈশ্য, পিংকীমণি দাস৷ লগতে মুখ্য সহকাৰী পৰিচালক হ’ল বুধিন খনিকৰ৷ ধাৰাবাহিকখনৰ মাজত দর্শকে কিছু নতুনত্ব পাব বুলি আশা কৰা হৈছে৷ ৰং চেনেলৰ প্রতিখন ধাৰাবাহিকৰ দৰে ময়ূৰপংখীকো মৰম দিব বুলি ৰং পৰিয়ালৰ বিশ্বাস৷ সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৮ বজাত সম্প্রসাৰ হ’ব লগা ময়ূৰপংখী চাবলৈ ৰং পৰিয়ালে অনুৰোধ জনাইছে৷

You might also like