নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিৰ পানেৰীত মেকলয়ড ৰাছেলৰ বিৰুদ্ধে প্ৰতিবাদী সভা

🔹 মালিক পক্ষৰ হেমাহিৰ বাবে সাত মাহে পেঞ্চনৰ পৰা বঞ্চিত অৱসৰী কৰ্মচাৰী

নিয়মীয়া বাৰ্তা, ৩০ আগষ্ট : বিগত  সাত মাহে পেঞ্চনৰ পৰা বঞ্চিত বহুজাতিক চাহ কোম্পানী মেকল‌য়ড  ৰাছেলৰ অধীনস্থ অৱসৰী কৰ্মচাৰীসকল । ওদালগুৰি জিলাৰ পানেৰীত অসম চাহ কৰ্মচাৰী সংঘৰ মঙলদৈ শাখাৰ ৬খনকৈ চাহ বাগিচাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে প্ৰতিবাদী সভা অনুষ্ঠিত কৰি মালিক পক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰে । অসম চাহ কৰ্মচাৰী সংঘৰ মঙলদৈ শাখাৰ সভাপতি নৃপেন চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত পানেৰী, আটাৰীখাট, ডিমাকুছি, বৰংগাজুলি, ভূটিয়াচাং আৰু কোৰামোৰ চাহ বাগিচাৰ অৰ্ধশতাধিক অৱসৰী কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে । প্ৰতিবাদী সভা অনুষ্ঠিত কৰি মেকল‌য়ড ৰাছেল হায় হায় , চাহ কৰ্মচাৰী জিন্দাবাদ, অৱসৰী পেঞ্চন মোকলাই দিয়ক, চাহ কৰ্মচাৰীক প্ৰৱঞ্চনা বন্ধ কৰক আদি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে । ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম চাহ কর্মচাৰী সংঘৰ শাখাসমূহৰ  কৰ্মচাৰীসকলে  বহুজাতিক চাহ কোম্পানী মেকলয়ড ৰাছেলৰ মালিক পক্ষৰ বিৰুদ্ধে  প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও আজিলৈকে কিন্তু গা নলৰিল বহুজাতিক চাহ কোম্পানীৰ মালিক পক্ষৰ ।  কি কাৰণত মেকল‌য়ড ৰাছেলৰ অধীনৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ মাহিলি পেঞ্চন ৭ মাহ ধৰি মালিক পক্ষই কোনো জাননী নিদিয়াকৈ অথবা কোনো আলোচনা নকৰাকৈ বন্ধ কৰিছে, তাক লৈ চিন্তিত হৈ পৰিছে অৱসৰী কৰ্মচাৰীসকল। শীঘ্ৰে পেঞ্চন মোকলাই নিদিলে পৰৱৰ্তী সময়ত বৃহৎ চাহ বণিক গোষ্ঠীটোৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়াৰ লগতে প্রতিবাদী সভাত বিভিন্ন সিদ্ধান্ত গ্রহণ কৰা হ‌য় বুলি জানিবলৈ দিয়ে অসম চাহ কৰ্মচাৰী সংঘৰ মঙলদৈ শাখাৰ সম্পাদক দ্বীপেন তালুকদাৰে ।

প্ৰেৰক পিংকু কলিতা

You might also like