নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক স্বাধীনতা আৰু সংবাদ মাধ্যম

কোনো সন্দেহ নাই গণতন্ত্রই বাক্ স্বাধীনতাক সদায় গুৰুত্ব দি আহিছে৷ আনকি ইংলেণ্ডৰ দৰে দেশত য’ত নামত হ’লেও ৰজা বা ৰাণীৰ শাসন চলি আহিছে, তাতো জনসাধাৰণৰ বাক্ স্বাধীনতা অটুট হৈ আছে৷ ই কেৱল বাক্ স্বাধীনতাই নহয়, একপ্রকাৰ ক’বলৈ গ’লে ব্যক্তিগত অধিকাৰৰ স্বাধীনতা৷ অৱশ্যে অধিকাৰৰ মাত্রা চেৰাই গ’লে ই নিজেই অধিকাৰ লাভ কৰোঁতাসকলৰ বাবে বিপদ মাতি আনিব পাৰে৷ সম্প্রতি ক’ভিডৰ আক্রমণৰ এই সময়ছোৱাত বোধকৰোঁ ইংলেণ্ডতে ক’ভিড বিধি নমনা মানুহৰ সংখ্যা বেছি৷ সেই বাবে মুখত ‘মাস্ক’ মৰা–নমৰাটো অনেক ইংৰাজেই নিজৰ ব্যক্তি স্বাধীনতাৰ ওপৰত নির্ভৰ কৰে বুলি দাবী কৰাৰ কথা আৰু অনেকে মাস্ক নিপিন্ধাৰ কথা কাকতে–পত্রই ওলাইছে৷ অধিকাৰে এনেভাৱে সীমা চেৰাই গ’লে ব্যক্তি আৰু সমষ্টি কাৰো বাবেই মংগলজনক নহ’ব৷
সংবাদ মাধ্যমো নিজৰ অধিকাৰ সম্পর্কে অত্যন্ত সাৱধান হ’বলগীয়া অৱস্থা সমগ্র বিশ্বজুৰি সৃষ্টি হৈছে৷ আমি দুই ধৰণৰ সংবাদ মাধ্যমৰ মনোভাব দেখিবলৈ পাওঁ৷ এটা শ্রেণীয়ে সংবাদ মাধ্যমৰ স্বাধীনতা আইনসন্মতভাৱে যিমান দূৰলৈকে লাভ কৰিব পাৰি, সিমান দূৰলৈকে লাভ কৰাৰ যত্ন কৰে৷ অৱশ্যে এইক্ষেত্রত এটা কথা মনত ৰাখিব লাগিব যে কোনো দেশৰ কোনো চৰকাৰেই সংবাদ মাধ্যমে চৰকাৰক আক্রমণ কৰাটো নিবিচাৰে৷ কিন্তু সচেতন আৰু সতর্ক সংবাদ মাধ্যমে চৰকাৰৰ যিবোৰ সিদ্ধান্ত বা কামে নাগৰিকৰ সাংবিধানিক অধিকাৰ খর্ব কৰিব পাৰে বুলি ভাবে, তাৰ বিৰুদ্ধে আইনসংগত প্রতিৰোধ নকৰাকৈ নাথাকে৷ এইক্ষেত্রত ভাৰতবর্ষৰ ‘ফ্রী প্রেছ জার্নেল’ৰ নাম ল’ব পাৰি৷ এই কাকতখনৰ সম্পাদক আৰু প্রকাশক আছিল সদানন্দ্৷ তেওঁ চৰকাৰী বা বেচৰকাৰী কোনো সংস্থা বা গোট বা শক্তিয়ে যদি নাগৰিকৰ অধিকাৰ খর্ব কৰাৰ পথ গ্রহণ কৰে, তেওঁ তাৰ শক্তিশালী বিৰোধিতা কৰিবলৈ পিছহোহকা নাছিল৷ এইক্ষেত্রত চৰকাৰী পক্ষই তেওঁক যথেষ্ট নগুৰ–নাগতি কৰিছিল৷ কিন্তু তেওঁ স্পষ্ট ভাষাৰে কৈছিল যে চৰকাৰে জনসাধাৰণৰ অধিকাৰ হানি নোহোৱাকৈ ভাল কাম কৰিলে তেওঁ তাৰ কেতিয়াও বিৰোধিতা নকৰে৷ কিন্তু সকলো সময়ৰ সকলো চৰকাৰেই বিচাৰে যে চৰকাৰে যিহকে নকৰক সংবাদ মাধ্যমে চৰকাৰৰ এনে যাত্রাত বিৰোধিতা কৰা উচিত নহয়৷ তেওঁ সেই সময়ৰ ভাৰতবর্ষৰ শক্তিশালী গৃহমন্ত্রী বল্লভ ভাই পেটেলক এটা সাক্ষাৎকাৰত পোনপটীয়াকৈ এই কথা কৈছিল যে চৰকাৰে কৰা ভাল কামৰ তেওঁ কেতিয়াও বিৰোধিতা কৰা নাই৷ পেটেলে তেওঁক এইবুলি উত্তৰ দিছিল যে বাছি বাছি কেৱল ভাল কামখিনি সমর্থন কৰাটোৱে চৰকাৰক সমর্থন কৰা নুবুজায়৷ অর্থাৎ দেখা গৈছে সকলো চৰকাৰে বিচাৰে যে তেওঁবিলাকে কৰা সিদ্ধান্ত আৰু কাম সংবাদ মাধ্যমে মুকলিভাৱে সমর্থন কৰা উচিত, যাতে জনসাধাৰণে সেই কথা গ্রহণ কৰিব পাৰে৷ কিন্তু এইগৰাকী সাংবাদিকে সকলো হেৰুৱালেও তেওঁৰ নিজৰ অধিকাৰ হেৰুৱাবলৈ সন্মত হোৱা নাছিল৷
যিকোনো চৰকাৰেই এই কথা খুব গভীৰভাৱে চিন্তা কৰাৰ প্রয়োজন আছে যে জনসাধাৰণৰ বা দেশৰ শেষ পর্যন্ত ক্ষতি কৰিব পৰা যিকোনো কামকে বা সিদ্ধান্তকে সংবাদ মাধ্যমে তথ্য আৰু যুক্তি সহকাৰে খণ্ডন কৰি দেখুওৱাৰ লক্ষ্য হ’ল চৰকাৰৰ সিদ্ধান্ত আৰু কামৰ শুধৰণি কৰোৱা৷ গতিকে নিৰপেক্ষ সংবাদ মাধ্যমক কোনো চৰকাৰে শত্রু বুলি ভবা উচিত নহয়৷ মনত ৰখা উচিত যে সংবাদ মাধ্যমৰ যোগেদিয়েই চৰকাৰে দেশৰ মানুহৰ মনোভাব অনুধাৱন কৰি সেই মতে নিজকে খাপ খুৱাবলৈ যত্ন কৰিলে চৰকাৰ আৰু জনসাধাৰণৰ মাজৰ সম্পর্ক ওচৰ চাপি আহে৷ কিন্তু তাকে নকৰি সংবাদ মাধ্যমক যদি শক্তি প্রয়োগ কৰি এই মাধ্যমৰ শক্তি হ্রাস কৰিবলৈ যত্ন কৰে বা সংবাদ মাধ্যমক ক্রয় কৰিবৰ বাবে যত্ন কৰে, তাৰ ফল কোনোদিনেই সুখকৰ হৈ নুঠে৷ আমি জানো যে ভাৰতৰ প্রাক্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে নিজৰ স্বার্থৰ বাবে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰি আনকি সংবাদ মাধ্যমৰো মুখ বন্ধ কৰিবলৈ সকলো প্রকাৰে ব্যৱস্থা গ্রহণ কৰিছিল৷ আনকি চৰকাৰী বিজ্ঞাপনো বন্ধ কৰি দিছিল৷ কিন্তু তেওঁ জনা নাছিল যে সংবাদ মাধ্যমক এনেভাৱে চেপি ৰখাৰ ফলত জনসাধাৰণৰ ভিতৰৰ মনটোক তেওঁ বুজি পোৱাত ভয়ংকৰ বাধাৰ সৃষ্টি হ’ল৷ ফলস্বৰূপে পৰৱর্তী নির্বাচনত তেওঁ বেয়াকৈ পৰাজিত হ’ল৷ ক্ষমতাক মানুহৰ কেতিয়াও নিজৰ দূৰদর্শিতা নষ্ট কৰিবলৈ সুযোগ দিব নালাগে৷ এনে সুযোগ ঘটিলে তাৰ ফল ইচ্ছাৰ বিপৰীতে নোযোৱাকৈ নাথাকিব৷ সদায় মনত ৰাখিব লাগিব জীৱনটো নিজেই অতি ক্ষণস্থায়ী৷ ক্ষমতাৰ স্থায়িত্ব জীৱনৰ স্থায়িত্বতকৈ কিমানগুণে কম, তাক ভাবি চালেই আমি আত্মসম্বৰণ কৰিব পাৰোঁ৷
কিন্তু এই কথাও ঠিক যে যি সংবাদ মাধ্যমে সঁচাক মিছা আৰু মিছাক সঁচা কৰিবলৈ যত্ন কৰে, তেনে সংবাদ মাধ্যমকো জনসাধাৰণৰ বিবেকে নস্যাৎ কৰে৷ অলপতে ভাৰতবর্ষৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই মুম্বাই প্রেছ ক্লাবে আয়োজন কৰা এটা অনলাইন বক্তৃতাত কোৱা কথা ‘টাইমছ অৱ ইণ্ডিয়া’ কাকতে ৩০ ডিচেম্বৰ তাৰিখে উল্লেখ কৰিছে, য’ত ন্যায়াধীশ ৰামানাই সংবাদক সংবাদদাতাৰ দৃষ্টিভংগীৰ সৈতে সানমিহলি কৰি একাকাৰ কৰাটো এটা ‘ভয়ানক মিশ্রণ’ বুলি কৈছে৷ সংবাদ দৰাচলতে কোনো এটা ঘটনাৰ সংবাদদাতাৰ কেমেৰাই দেখা পোৱা আৰু তেওঁৰ শ্রৱণযন্ত্রই ধৰি ৰখা ছবি আৰু ধ্বনিৰ সম্পূর্ণ প্রতিৰূপ হ’ব লাগে৷ সাংবাদিকে সেই ঘটনাৰ উৎস কি, সেই বিষয়ে কৰা অনুসন্ধানো সংযুক্ত হ’ব পাৰে৷ কিন্তু তেওঁ ঘটনাটো সম্পর্কে নিজৰ মনোভাবে বা মন্তব্যই সংবাদৰ সত্যটো নষ্ট কৰিব নালাগে৷ যদি কোনো এজন সাংবাদিকে ঘটনাটো সম্পর্কে তেওঁ নিজে যি ভাবে বা অনুভৱ কৰে সেই কথা ব্যক্ত কৰিব খোজে, তেনেহ’লে তেওঁ নিজৰ নামেৰে এটা বেলেগ লেখা প্রস্তুত কৰি উলিয়াব পাৰে, যাতে পঢ়ুৱৈয়ে প্রকৃত ঘটনাটো সম্পর্কে তেওঁৰ দৃষ্টিভংগীৰ লগতো পৰিচিত হ’ব পাৰে৷ তাকে নকৰি তেওঁৰ নিজৰ মনৰ কথা সংবাদত সুুুমুৱাই তেওঁ সমগ্র ঘটনাটোক বিৰূপ কৰি তোলাৰ অপৰাধত অপৰাধী স্বৰূপে কাম কৰাৰ তুল্য হয়৷ এতেকে মূল ঘটনাৰ সংবাদটোত কোনো সাংবাদিকে নিজৰ মনৰ প্রতিক্রিয়া কেতিয়াও অন্তর্ভুক্ত কৰিব নালাগে৷ সন্মানীয় মুখ্য ন্যায়াধীশগৰাকীয়ে সঠিকভাৱেই এই বিষয়ে কৰা মন্তব্যৰ প্রতি চকু দিয়া আৰু এনে মন্তব্যক মান্য কৰা উচিত৷ দেশৰ বা ৰাজ্যৰ চৰকাৰেও মুখ্য ন্যায়াধীশগৰাকীৰ এই মন্তব্য বা তথা সকীয়নিৰ পৰা এটা শিক্ষা গ্রহণ কৰিব পাৰে যে কোনো সংবাদ মাধ্যমক যাতে চৰকাৰে বিচৰা মতে সংবাদ লিখিবলৈ কৌশলেৰে বাধ্য কৰোৱাটো উল্লেখ কৰি অহাৰ দৰে সংবাদ বিকৃতকৰণৰ তুল্য৷
ভুল তথ্যৰে বা ব্যক্তিগত লাভৰ উদ্দেশ্যে যিকোনো ব্যক্তিয়ে সংবাদ মাধ্যম ব্যৱহাৰ কৰা উচিত নহয়৷ কিন্তু কঠিন হ’লেও সত্য ঢ়াকি ৰাখিবলৈ যত্ন কৰাটোও এটা অপৰাধ৷ দেশৰ শাসকসকলে জনসাধাৰণৰ ক্ষোভ, বাদ–প্রতিবাদৰ লগত পৰিচিত হোৱা আৰু তেনে ক্ষোভ বা প্রতিবাদৰ সত্যতা থাকিলে তাৰ বিচাৰ কৰি ব্যৱস্থা গ্রহণ কৰাটো গুৰুত্বপূর্ণ দায়িত্ব স্বৰূপে বিচাৰ কৰা উচিত৷ যদি তেনে ক্ষোভ বা প্রতিবাদৰ লগত কাৰোবাৰ ব্যক্তিগত স্বার্থ জডিত হৈ থকা বুলি প্রমাণিত হয়, তেনে সংবাদ সম্পর্কে চৰকাৰৰ নিজৰ স্থিতি দাঙি ধৰি জনসাধাৰণক সেই বিষয়ে জনাৰ সুযোগ দিব লাগে৷ সংবাদ মাধ্যম দেশ আৰু মানুহৰ স্বার্থৰ প্রতি দায়বদ্ধ হৈ প্রকৃত সত্য স্পষ্ট ভাষাৰে দাঙি ধৰাৰ অধিকাৰৰ পৰা যাতে বঞ্চিত নহয়, তাৰ প্রতি লক্ষ্য ৰখাটোও যিকোনো চৰকাৰেই নিজৰ দায়িত্ব স্বৰূপে গ্রহণ কৰিলে জনসাধাৰণৰ মনত কোনো বিৰূপ সন্দেহে ক্রিয়া কৰিব নোৱাৰে৷ অৱশ্যেই কঠিন সত্য দাঙি ধৰাৰ ক্ষেত্রতো ভাষা হ’ব লাগে শালীন আৰু ব্যক্তিগত স্বার্থহীন৷ সমালোচনাই মানুহক নিজৰ দোষ–গুণ বিচাৰ কৰি শুদ্ধ পথ গ্রহণ কৰাৰ ক্ষেত্রত সহায় কৰে৷ এই দৃষ্টিভংগীৰে সঠিকভাৱে চাব জানিলে নিজেও উপকৃত হ’ব পাৰি আৰু দেশ আৰু মানুহৰো উপকাৰ সাধন কৰিব পাৰি– এই সত্যটো অন্তেৰেৰে বুজি পালে সকলো পক্ষৰে মংগল৷

You might also like