নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাট জিলা কুৰ্মী মহিলা সভাৰ উদ্যোগঃ বাগৰদিয়াত বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ যোৰহাট জিলা কুৰ্মী মহিলা সভাৰ উদ্যোগত আৰু যোৰহাট জিলা কুৰ্মী সমাজ আৰু কুৰ্মী যুৱ ছাত্র পৰিষদৰ সহযোগত তিতাবৰ মহকুমাৰ বাগৰদিয়াত কালি এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। বাগৰদিয়াস্থিত প্ৰৱীণ কুৰ্মীৰ ‘শিৰিষ বহুমুখী কৃষি পাম আৰু গ্ৰাম্য পৰ্যটনত ক্ষেত্ৰ’ত অনুষ্ঠিত এই অভিনন্দন অনুষ্ঠানত পঞ্চম বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক ৰজাবাহৰৰ যদুমণি চুতীয়াৰ লগতে বিভিন্ন প্ৰান্তৰ বহুসংখ্যক কৃতি ছাত্র-ছাত্ৰীক অভিনন্দন জনোৱা হয়।

যোৰহাট জিলা কুৰ্মী মহিলা সভাৰ সম্পাদিকা মামনি কুৰ্মীয়ে আঁত ধৰা আৰু সভানেত্ৰী বীণা কুৰ্মীৰ সভাপতিত্বত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰে অসম কুৰ্মী সমাজৰ সাংগঠনিক সম্পাদক প্ৰবীণ কুৰ্মীয়ে। সভাত সন্মানীয় অতিথি হিচাপে বিধায়ক ৰূপজ্যোতি কুৰ্মী, মুখ্য অতিথি হিচাপে অসম কুৰ্মী সমাজৰ ক্ৰমে উপদেষ্টা গংগাপ্ৰসাদ কুৰ্মী, জানুৰাম কুৰ্মী, সভাপতি চহনলাল কুৰ্মী, তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা, অসম কুৰ্মী যুৱ ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক নবীন কুৰ্মী, উপ সভাপতি কিৰণ কুৰ্মী, সহকাৰী সম্পাদক মিণ্টু কুৰ্মী, বিজেপিৰ চাহ জনগোষ্ঠী মৰ্চা অসম প্ৰদেশৰ সাধাৰণ সম্পাদক অঞ্জন কুৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক বিমান শইকীয়া, বিশিষ্ট শিল্পী চেনিৰাম ওৰাং আদিৰ প্ৰমুখ্যে বহুকেইজন সন্মানীয় অতিথিয়ে অংশগ্ৰহণ কৰি ছাত্র-ছাত্ৰীক উদ্দেশি সাৱলীল ব্যক্তব্য প্ৰদান কৰে।

সভাৰ আৰম্ভণিতে কেইবাগৰাকী ছাত্ৰীয়ে এটা সমবেত সংগীত পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাশতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এই গাম্ভীযপূৰ্ণ অভিনন্দন অনুষ্ঠানৰ সফল ৰূপায়ণৰ বাবে সংবাদ মাধ্যমৰ যোগেদি কৃতজ্ঞতা জ্ঞাপন কৰিছে উদ্যোগক্তা সমিতিৰ হৈ প্ৰবীণ কুৰ্মীয়ে।

প্ৰেৰক : অজয় শইকীয়া, নগাবাট

You might also like