নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনলাইনত উপলব্ধ নহয় পুৰণা প্রতিষ্ঠানৰ সবিশেষঃ ব্যৱসায়ৰ অনুজ্ঞাৰ নৱীকৰণক লৈ অথন্তৰত ব্যৱসায়ী

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ মহানগৰীৰ হাজাৰ হাজাৰ ব্যৱসায়ী নিজ নিজ ব্যৱসায়িক অনুজ্ঞা–পত্র নৱীকৰণক লৈ বিপাঙত পৰিছে৷ গুৱাহাটী পৌৰ নিগমে ব্যৱসায়িক অনুজ্ঞা–পত্র নৱীকৰণ প্রক্রিয়া সম্পূর্ণভাৱে অনলাইন সেৱাৰ জৰিয়তে কৰা হ’ব বুলি ঘোষণা কৰিছে যদিও আজিপর্যন্ত অনলাইনত এই প্রক্রিয়া উপলব্ধ নহয় বুলি বহু ব্যৱসায়ীয়ে অভিযোগ কৰিছে৷ গণেশগুৰিৰ একাংশ ব্যৱসায়ীয়ে জানিবলৈ দিয়া মতে, ব্যৱসায়িক অনুজ্ঞা–পত্র নৱীকৰণৰ ক্ষেত্রত দীর্ঘদিন ধৰি ব্যৱসায় চলাই থকাসকলে ব্যাপক সমস্যাৰ সন্মুখীন হৈছে৷ কিয়নো অনলাইনযোগে ব্যৱসায়ীসকলে অনুজ্ঞা–পত্র নৱীকৰণ কৰিবলৈ বিচাৰিলেও এইক্ষেত্রত পর্যাপ্ত সুবিধা অনলাইনত উপলব্ধ নহয়৷

গুৱাহাটীত দীর্ঘদিন ধৰি ব্যৱসায় কৰাসকলে পুনৰ চলিত বিত্তীয় বর্ষৰ পৰা নতুনকৈ ব্যৱসায়িক অনুজ্ঞা–পত্র লোৱাৰহে সুবিধা আছে ইণ্টাৰনেট অথবা জিএমচিৰ সংশ্লিষ্ট ৱেবছাইটত৷ যিহেতু মহানগৰীত যোৱা প্রায় ৩০–৪০ বছৰ ধৰি একাংশ লোকে ব্যৱসায় কৰি আছে আৰু নিজ নিজ প্রতিষ্ঠানৰ নামত বহু ব্যৱসায়ীয়ে বেংক অথবা অন্যান্য বিত্তীয় প্রতিষ্ঠানৰ পৰা ঋণ লৈছে, সেয়ে এইক্ষেত্রত ব্যৱসায়ীসকলে বিশেষ সমস্যাৰ সন্মুখীন হৈছে৷ তদুপৰি নতুনকৈ ঋণ ল’ব খোজাসকলক বেংক অথবা বিত্তীয় প্রতিষ্ঠানসমূহে ঋণ মঞ্জুৰ নকৰিব বুলি ব্যৱসায়ীসকল শংকিত হৈ পৰিছে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীত প্রায় ১৬ হাজাৰ ব্যৱসায়ী আছে৷ ইয়াৰ অধিকাংশ পুৰণি যদিও একাংশই নতুনকৈ জিএমচিৰ তৰফৰ পৰা অনুজ্ঞা–পত্র লৈ ব্যৱসায় চলাই আছে৷ প্রতিবছৰে ৩১ মার্চৰ পৰা পহিলা এপ্রিলৰ ভিতৰত ব্যৱসায়ীসকলে নিজৰ অনুজ্ঞা–পত্র নৱীকৰণ কৰি আহিছে৷ এবছৰৰ বাবে অনুজ্ঞা–পত্র নৱীকৰণ কৰি আহিছে যদিও নতুনকৈ পুৰণি ব্যৱসায়ীসকলে অনুজ্ঞা–পত্র চলিত বিত্তীয় বর্ষৰ পৰা নৱীকৰণ কৰাত সদিচ্ছা প্রকাশ কৰা নাই৷ সেয়েহে এইক্ষেত্রত বিভাগীয় মন্ত্রী অশোক সিংহল আৰু আয়ুক্তক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ সদৌ গুৱাহাটী ব্যৱসায়ী সন্থাৰ সম্পাদক প্রাণতোষ ৰয়ে আহ্বান জনাইছে৷

You might also like