নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ ভূমি অধিগ্ৰহণত ভুৱা দলিলঃ ঘটনাৰ আঁৰত ছিণ্ডিকেট চক্ৰ জড়িতৰ সন্দেহৰ চক্ৰ বিষয়াৰ

নিয়মীয়া বাৰ্তা, ২৬ আগষ্টঃ ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ ভূমি অধিগ্ৰহণৰ সময়ত খেলিমেলি কৰা হোৱাৰ এক অভিযোগৰ ভিত্তিত চলোৱা এক অনুসন্ধানত চাৰিটা দাগ নম্বৰৰ বিপৰীতে কেইবাটাও ভুৱা দলিল ব্যৱহাৰ কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। ধুবুৰীৰ জ্যেষ্ঠ উপ–পঞ্জীয়কৰ কাৰ্য্যালয়লৈ সত্যতা নিৰূপণ কৰিবলৈ পঠিওৱা ২০টা দলিলৰ ৮টা দলিলেই ভুৱা বুলি নিশ্চিত হোৱা বুলি ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাসে সাংবাদিকৰ সন্মুখত সদৰী কৰিছে। ভুৱা সেই দলিলবোৰ ২০০৪, ২০০৫, ২০০৭, ২০০৮, ২০১১ চনকে ধৰি বিভিন্ন সময়ৰ বুলি অৱগত কৰাৰ ল’গতে সেই সময়বোৰত বিভিন্ন মণ্ডল কৰ্মৰত আছিল বুলিও জনাইছে বিষয়াগৰাকীয়ে। আনকি এই ঘটনাই ভূয়া দলিল বনোৱাৰ এক চিণ্ডিকেট চক্ৰ সক্ৰিয় হৈ আছে নেকি বুলিও স্বয়ং চক্ৰ বিষয়াগৰাকীয়েই সন্দেহ প্ৰকাশ কৰা পোৱা গৈছে। আনহাতে, সম্পূৰ্ণ বিষয়টো বিচাৰাধীন অৱস্থাত থকা হেতুকে আদালতৰ নিৰ্দেশনাৰ পিছতেই বিষয়টো লৈ পদক্ষেপ লোৱা হ’ব বুলিও জনাইছে বিষয়াগৰাকীয়ে। ইপিনে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ ভূমি অধিগ্ৰহণৰ সময়ত কোনো চক্ৰই ভূয়া দলিল ব্যৱহাৰ কৰাৰ ঘটনাটো এক গম্ভীৰ অপৰাধ বুলিয়েই উচ্চাৰিত হৈছে আৰু বিষয়টো লৈ এক উচ্চস্তৰীয় তদন্তৰ পোষকতা কৰা পোৱা গৈছে বহুতেই। ইয়াতে উল্লেখনীয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছত বিগত বছৰৰ অৰ্থ্যাৎ ২০ ছেপ্টেম্বৰ নিশাৰ পৰাৰ আৰম্ভ কৰা অভিযানত ধুবুৰী আৰক্ষীয়ে জিলাখনৰ পৰা কৰায়ত্ব কৰিছিল প্ৰতিষ্ঠিত ব্যৱসায়ী, চৰকাৰী মণ্ডলকে ধৰি ২২ গৰাকীৰো অধিক হাই প্ৰফাইল মাটিৰ দালাল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like