নিয়মীয়া বাৰ্তা, ১৫ নৱেম্বৰঃ দীৰ্ঘ অপেক্ষাৰ অন্ত পেলাই কাইলৈৰ পৰা আৰম্ভ হ’ব ৰাজ্যৰ নৱতম চিকিৎসা শিক্ষানুষ্ঠান ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (ডিএমচিএইচ)ৰ প্ৰথম বৰ্ষৰ এমবিবিএছ পাঠ্যক্ৰমৰ পাঠদান। সেই উপলক্ষে আজি ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ডিএমচিএইচ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক বিশেষ কাৰ্য্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকি ২০২২-২৩ শিক্ষাবৰ্ষৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। চিকিৎসা মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি, ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থকা সেই বিশেষ সভাখনত চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হোৱা বিভিন্ন প্ৰান্তৰ এশ গৰাকী শিক্ষাৰ্থীৰ আনুষ্ঠানিক ভাৱে শপত বাক্য পাঠ কৰায় ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মনে। ডিএমচিএইচৰ ত্বকবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক (ডা৹) বৰ্ণালী দত্তৰ সঞ্চালনত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সেই সভাখনত আদৰণী ভাষণ প্ৰদান কৰে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা ডাঃ অংকুমনি শইকীয়াই। সভাখনত নিজৰ ভাষণত সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই প্ৰতিগৰাকী নৱাগত বিদ্যাৰ্থীলৈ শুভেচ্ছা জনায়। আনহাতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নিজৰ ভাষণত আগলৈ গৈ নিজস্ব এক স্বকীয়তাৰে ডিএমচিএইচে উঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ অইন বৃত্তিকৈ চিকিৎসা বৃত্তি স্বকীয়তা বিষয়টো উল্লেখ কৰে আৰু গুণগত শিক্ষাৰ জেউতিৰে দীপ্তিমান হৈ শিক্ষাৰ্থীসকলে একোগৰাকী সুচিকিৎসক ৰূপে সমাজৰ প্ৰতি দায়বদ্ধতাৰে সেৱা আগবঢ়াব বুলি আশা প্ৰকাশ কৰে। আজিৰ এই শপথ গ্ৰহণ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ কথা আছিল যদিও এৰাব নোৱাৰা বিশেষ জৰুৰী কামৰ বাবে আজি তেখেত উপস্থিত থাকিব নোৱাৰিলে বুলি ভাষণ প্ৰসংগত উনুকিয়ায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। অন্তত চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ অধ্যাপক (ডা৹) গুণজিৎ দাসৰ ধন্যবাদসূচক বক্তৱ্যৰ পিছত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰে আজিৰ সভাখনৰ অন্ত পৰে। কাৰ্য্যসূচীত ধুবুৰীৰ উপায়ুক্ত দিবাকৰ নাথ, অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰী, ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন, অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰী, গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰ’হমান, ডিএমচিএইচৰ অধ্যাপক–অধ্যাপিকা প্ৰমুখ্যে চিকিৎসা মহাবিদ্যালয়খনত ভৰ্তী হোৱা ছাত্ৰ–ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱক সকল উপস্থিত আছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী