অসমীয়াৰ বৰথেকেৰা হূদৰোগ প্রতিৰোধকাৰী
নিয়মীয়া বাৰ্তা, ২৫ফেব্ৰুৱাৰী: একবিংশ শতিকাৰ আধুনিক বিশ্বৰ জীৱনশৈলীত ক্রমবর্ধমান হূদৰোগ মাৰাত্মক ঘাতকত পৰিণত হোৱাৰ সময়তে সুখবৰ৷ অসমীয়াৰ বৰথেকেৰা মানৱ দেহত হূদৰোগ প্রতিৰোধকাৰী৷ কেন্দ্রীয় বিজ্ঞান আৰু প্রযুক্তি বিভাগৰ অধীনস্থ স্বায়ত্তশাসিত প্রতিষ্ঠান ‘ইনষ্টিটিউট অৱ এডভাঞ্চড ষ্টাডী ইন ছায়েন্স এণ্ড টেকন’লজী’ (আই এ এছ এছ টি)ৰ বিজ্ঞানীৰ দলে নিৰলস অন্বেষণৰ অন্তত ‘গার্চিনিয়া পেডুনকুলাটা’ বৈজ্ঞানিক নামেৰে পৰিচিত বৰথেকেৰাৰ হূদৰোগ প্রতিৰোধ কৰাৰ সম্ভাৱনা উদ্ভাৱন কৰিছে৷ বিজ্ঞানীসকলৰ সফলতাৰ পাছতে এই তথ্য কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সদৰী কৰা হৈছে পি আই বিৰ এক বিজ্ঞপ্তিযোগে৷
কেঁচা অৱস্থাত নোখোৱা এই ঔষধি উদ্ভিদবিধৰ পকা ফলৰ শুকান মণ্ড খালে হূদযন্ত্রৰ হাইপাৰট্রফী সূচক আৰু অক্সিডেটিভ চাপ হ্রাস হয়৷ সমান্তৰালভাৱে বৰথেকেৰাৰ শুকান মণ্ডই হ্রাস কৰে হূদযন্ত্রৰ প্রদাহো৷ উল্লেখ্য যে পকা বৰথেকেৰাৰ ৰ’দত শুকুওৱা টুকুৰাবোৰ ইতিপূর্বৰে পৰা আঞ্জা আৰু ঔষধি হিচাপে ব্যৱহাৰ হৈ আহিছে৷ বৰথেকেৰাত প্রধানতঃ এণ্টি–ইনফ্লেমেট’ৰী, এণ্টেলমিল্টিক, বেক্টেৰিয়া–ভেঁকুৰ প্রতিৰোধ, বহুমূত্র প্রতিৰোধ, হাইপ’লিপিডেমিক, নেফ্র’প্রটেক্টিভ আৰু নিউৰ’প্রটেক্টিভ ক্ষমতাসম্পন্ন থেৰাপিউটিক গুণাগুণ আছে বুলি নিশ্চিত হৈছে গৱেষণাত৷ ইয়াৰ প্রমাণ বিচাৰি কৰা একাধিক বিজ্ঞানসন্মত অধ্যয়নৰ অন্তত কোৱা হৈছে যে ‘গার্চিনিয়া পেডুনকুলাটা’ বা বৰথেকেৰা হ’ল বেক্টেৰিয়া প্রতিৰোধৰ এটা গুৰুত্বপূর্ণ উৎস৷
অৱশ্যে হূদৰোগ প্রতিৰোধৰ সম্ভাৱনা বৰথেকেৰাক লৈ ইয়াৰ পূর্বে অন্বেষণ কৰা হোৱা নাছিল৷ আই এ এছ এছ টিৰ বিজ্ঞানীৰ দলে চলোৱা অন্বেষণৰ কালত বৰথেকেৰাৰ ভেষজৰ জৈৱ সক্রিয় ক্ল’ৰ’ফর্ম ভগ্ণাংশ (জিচি)ৰ এটা দ্বৈত পালি বা ডাবল ড’জ ২৪ ঘণ্টাৰ ব্যৱধানত (৮৫ মিলিগ্রাম/কিলোগ্রাম শৰীৰৰ ওজন) ২৮ দিনৰ বাবে ‘ৱিষ্টাৰ নিগনি’ খুওৱা হৈছিল৷ এই পৰীক্ষণ কালত থেৰাপিউটিক প্রভাৱৰ মূল্যাংকন কৰিবলৈ আইছ’প্র’টেৰেনল প্রেৰিত মায়কার্ডিয়েল ইনফার্কচন মডেল অনুসৰি দিয়া হৈছিল আইছ’প্র’টেৰেনলৰ বেজী৷ এইক্ষেত্রত ব্যৱহূত সকলো প্রাণীকে বিশদভাৱে বিশ্লেষণ কৰাৰ অন্তত স্পষ্ট হৈছিল যে ৰোগ প্রজাতিটোৰ মাজত উল্লেখনীয় এছটি তৰংগ আছে (এছটি হৈছে হূদযন্ত্রৰ ভেণ্ড্রিকলৰ মেৰুকৰণ আৰু পুনৰ মেৰুকৰণৰ মাজৰ ব্যৱধান প্রতিনিধিত্ব কৰা এক বিষয়)৷ এছটিয়ে মায়’কার্ডিয়েল ইনফার্কচন সূচায়৷ যাক এটেন’লল আৰু ক্ল’ৰ’ফর্ম ফ্রেকচন চিকিৎসাৰ দ্বাৰা স্বাভাৱিক কৰা হয়৷ কার্ডিয়েক হাইপাৰট্রফী, কার্ডিয়েক ট্রোপ’নিন–১, টিছু লিপিড পেৰ’ক্সিডেচন আৰু ছেৰাম ইনফ্লেমেট’ৰী মার্কাৰ এই সকলো ৰোগ প্রজাতিত যথেষ্ট উন্নত দেখা গৈছে৷ যিবোৰ ক্ল’ৰ’ফর্ম ফ্রেকচনৰ পূর্বে চিকিৎসা কৰা গোটবোৰত প্রায় স্বাভাৱিক স্তৰত ৰক্ষণাবেক্ষণ কৰা হৈছিল৷ ক্ল’ৰ’ফর্ম ভগ্ণাংশৰ চিকিৎসা কৰা গোটবোৰত থলুৱা বেক্টেৰিয়া প্রতিৰোধবোৰো নির্মাণ কৰা হৈছিল পুনৰ৷
উল্লেখ্য যে ড০ ৰাজলক্ষ্মী দেৱীৰ তত্ত্বাৱধানত জ্যেষ্ঠ গৱেষক স্বর্ণালী ভট্টাচার্যই এই পৰিৱর্তনবোৰ ক্ল’ৰ’ফর্ম ভগ্ণাংশৰ উৎকৃষ্ট বেক্টেৰিয়া প্রতিৰোধী আৰু প্রদাহ প্রতিৰোধী সম্ভাৱনাৰ বাবে দায়বদ্ধ বুলি উল্লেখ কৰিছে৷ যিয়ে হূদযন্ত্রক আইছ’প্র’ট্রেন’ল প্রেৰিত আঘাতৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে৷ তদুপৰি ক্ল’ৰ’ফর্ম ভগ্ণাংশৰ ৰাসায়নিক চৰিত্রায়নে হাইড্র’ক্সিছাইট্রিক এচিড, হাইড্র’ক্সিছাইট্রিক এচিড লেক্ট’ন আৰু পার্ভিফ’লিকুইননৰ দৰে সক্রিয় ফাইট’কম্পাউণ্ডৰ লগতে জিবি–১–এ, গার্চিন’ন–এ, ৯–হাইড্র’ক্সিকেলাবাক্সান্থন, ক্ল’ৰ’জেনিক এচিড আৰু গার্চিন’লৰ দৰে যৌগৰ উপস্থিতিও স্পষ্ট কৰিছে গৱেষণা কালত৷ এই অধ্যয়নত উল্লিখিত চিকিৎসাজনিত প্রভাৱবোৰ বৰথেকেৰাত উপজিব্য যৌগৰ কাৰণে হোৱাৰ সম্ভাৱনা প্রকট৷ এই সকলো ফলাফলে অসমসহ সমগ্র উত্তৰ–পূর্বাঞ্চলত যথেষ্ট পৰিমাণে উপলব্ধ বৰথেকেৰাৰ চাহিদা যথেষ্ট বৃদ্ধি কৰিব৷