বিশেষ বাৰ্তা, ২৯ জুনঃ সদ্যঘোষিত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ দ্বাৰা সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰ (CCRT) উৎকৃষ্ট সাংস্কৃতিক সেৱাৰ ২০২০-২১ বৰ্ষৰ কনিষ্ঠ গৱেষণা ফেল’শ্বিপৰ বাবে নৃত্যগুৰু মীনাক্ষি গগৈক নির্বাচিত কৰা হৈছে। সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰখনত “নাট্যশাস্ত্ৰৰ আধাৰত শ্ৰীমন্ত শঙ্কৰদেৱৰ অংকীয়া নাটৰ চৰিত্ৰ চিত্ৰণ” বিষয়টিৰ ওপৰত গবেষণাৰ কাৰ্যৰ বাবে মীনাক্ষিলৈ এই ফেল’শ্বিপ আগবঢ়োৱা হৈছে। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ২০০৫ চনত সত্ৰীয়া নৃত্যৰ যুৱ শিল্পীৰ বঁটা,ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়, ২০২২ চনত জুনিয়ৰ গৱেষণা ফেল’শ্বিপৰ বঁটা, পূৰ্বাই সাংস্কৃতিক বিকাশ কেন্দ্ৰ, কলিকতাৰ উদ্যোগত স্মৃতি সংকলন ২০১৬ চনত নৃত্য সুৱৰ্ণ জ্যোতি সন্মানৰ বঁটাকে আদি কৰি বিভিন্ন সন্মানীয় বটা লাভ কৰি অসম আৰু অসমীয়া সংস্কৃতিৰ ভৰাল চহকী কৰিবলৈকো সক্ষম হৈছে ডিব্ৰুগড়ৰ খনিয়া গাঁও নিৱাসী তথা লোক নৃত্যৰ গুৰু মীনাক্ষি গগৈয়ে।ডিব্ৰুগড়, গুৱাহাটী আৰু শংকৰদেৱ কলা ক্ষেত্ৰৰ উপৰিও দেশৰ ভিন্ন প্ৰান্তত লোক সংস্কৃতি তথা লোকনৃত্যৰ ওপৰত গৱেষণা পত্ৰ পাঠ কৰি বিৰল কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱাই নহয় সংগীত নাটক একাডেমী, নতুন দিল্লীৰ উদ্যোগত নৃত্য পৰ্বত পৰিবেশন, গণৰাজ্য দিৱসত নতুন দিল্লীত লোকনৃত্য পৰিবেশন কৰিছিল। সত্ৰীয়া নৃত্যত বি.মিউজ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পৰিবেশন কলাত এম.এ., সংগীত সত্ৰ গুৱাহাটীৰ পৰা সত্ৰীয়া নৃত্যত গুণীন (বিশাৰদ)।প্ৰচীন কলা কেন্দ্ৰ চণ্ডীগড়ৰ পৰা সত্ৰীয়া নৃত্যত সংগীত বিশাৰদকে আদি কৰি নৃত্যগুৰু মীনাক্ষি গগৈয়ে সুদীৰ্ঘকাল ধ্ৰুপদী কলা আৰু লোক নৃত্যৰ সাধানাত ব্ৰতী হৈ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
প্ৰেৰক বিভাস দুৱৰা